Logo
image

ধৰ্মনিৰপেক্ষ, সমাজবাদ বিলুপ্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ ছেপ্টেম্বৰঃ তেনেই অনাড়ম্বৰভাৱে, প্ৰায় নিঃশব্দে, কোনো আগজাননী নোহোৱাকৈ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ পৰা বিলুপ্ত হৈ গ’ল দুটা শব্দ– ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক৷ প্ৰকৃততে এখন দেশৰ সংবিধানৰ ক্ষেত্ৰত এই দুটা কেৱল অভিধানত ছপা কৰি ৰখাৰ দৰে শব্দ নহয়, এয়া এখন দেশৰ বৈশিষ্ট৷ নৰেন্দ্ৰ মোদী চৰকাৰে নতুন সংসদ ভৱনত বিশেষ অধিৱেশন আৰম্ভ কৰাৰ প্ৰাক্‌মুহূৰ্তত সকলো সাংসদকে একোখনকৈ সংবিধান উপহাৰ দিছিল৷ মোদী চৰকাৰে সাংসদসকলক প্ৰদান কৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক বুলি উল্লেখ থকা শব্দবন্ধ নাই৷ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লোকসভাৰ দলনেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে এই তথ্য পোহৰলৈ আনিছে৷ তেওঁ মঙলবাৰেই এই দাবী কৰি কয়– ‘আমাৰ হাতত তুলি দিয়া দেশৰ সংবিধানত ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা নাই৷ মই এই বিষয়টো সদনত উত্থাপন কৰিবলৈ বাৰম্বাৰ চেষ্টা চলালোঁ৷ কিন্তু সুযোগ নাপালোঁ৷’ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত এতিয়া লিখা আছিল– উই দ্য পিপল অৱ ইণ্ডিয়া, হেভিং ছ’লেমলি ৰিজল্‌ভড টু কনষ্টিটিউট ইণ্ডিয়া ইনটু এ ছভ্‌ৰেইন ছ’চিয়েলিষ্ট ছেকুলাৰ ডেম’ক্ৰেটিক ৰিপাব্লিক...৷ এতিয়া দেশৰ সাংসদসকলৰ হাতত তুলি দিয়া সংবিধানত ‘ছ’চিয়েলিষ্ট’ আৰু ‘ছেকুলাৰ’ শব্দ দুয়োটাই নাই৷ প্ৰসংগতঃ ১৯৪৯ চনৰ ২৬নৱেম্বৰত যেতিয়া ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল, তেতিয়া ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল৷ পৰৱৰ্তী সময়ত ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২সংখ্যক সংশোধনীত ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা অন্তৰ্ভুক্ত কৰা হয়৷ সেই সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ দেশত জৰুৰী অৱস্থা জাৰি কৰিছিল৷ তাৰ মাজতে সংবিধান সংশোধন কৰি প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা অন্তৰ্ভুক্ত কৰা হয়৷ ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰী অৱস্থাক লৈ সমগ্ৰ দেশবাসীৰ দুৰ্ঘোৰ আপত্তি আছিল আৰু এতিয়াও আছে৷ তাৰ পৰিণতিতে ইন্দিৰা গান্ধীৰ পতন ঘটিছিল৷ কিন্তু ইন্দিৰা গান্ধীৰ শাসনকালত সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা এই শব্দবন্ধক লৈ দেশবাসীৰ আৰু ৰাজনৈতিক দলৰ তেতিয়াও কাৰো আপত্তি নাছিল, এতিয়াও নাই৷ এই দুটা শব্দক লৈ ঘোৰ আপত্তি বিজেপি আৰু আৰএছএছৰ৷ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰ পৰা এই দুয়োটা শব্দক লৈ বিজেপিৰ নেতাই আপত্তি প্ৰদৰ্শন কৰিছে৷ আনকি ভাৰত ধৰ্মৰ ভিত্তিত ভাগ হোৱা বুলি দাবী কৰি বিজেপিৰ আগশাৰীৰ নেতাই ধৰ্মনিৰপেক্ষ শব্দটো বা এই বৈশিষ্ট সংবিধানৰ প্ৰস্তাৱনাৰ পৰা আঁতৰাই দিব লাগে বুলি মুকলি দাবী উত্থাপন কৰিছে৷ বিজেপিৰ মন্ত্ৰীয়ে এনে দাবী কৰিলেও সেয়া সদনৰ ভিতৰত কৰা নাই, কৰিছে ৰাজহুৱা সভাত অথবা ইলেক্টª’নিক মিডিয়াৰ ‘বাইট’ত৷ আনহাতে, বিজেপিৰ সমৰ্থকৰ ধৰ্মনিৰপেক্ষ শব্দটোৰ প্ৰতি ঘৃণা মূলতঃ ছ’চিয়েল মিডিয়াত পৰিলক্ষিত হয়৷ ধৰ্মনিৰপেক্ষ বা ছেকুলাৰ শব্দটো বিজেপিৰ আই টি চেল আৰু ‘ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ’ৰ বাবে এনে হৈ পৰিছে যে বিজেপিৰ বা বিজেপি শাসকৰ বিৰোধিতা কৰাসকলক তেওঁলোকে ছেকুলাৰ বুলি গালি শপনি পাৰে৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিজেপি-বিৰোধিতা আৰু ছেকুলাৰ শব্দটো সমাৰ্থক হৈ পৰিছে৷
অৱশ্যে মোদী চৰকাৰে কি উদ্দেশ্যত এই শব্দবন্ধ পৰিত্যাগ কৰি সাংসদসকলৰ হাতত সংবিধান তুলি দিলে তাৰ ৰহস্যৰ এতিয়াও ওৰ পৰা নাই৷ কিয়নো চৰকাৰীভাৱে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই৷ কিন্তু বিজেপিৰ সৰ্বভাৰতীয় মুখপাত্ৰ তথা দাৰ্জিলিঙৰ সাংসদ ৰাজু বিস্তাৰ দাবী– ‘অধীৰ ৰঞ্জন চৌধুৰীয়ে একো নুবুজাকৈয়ে কেন্দ্ৰীয় চৰকাৰক কালিমালিপ্ত কৰাৰ চেষ্টা চলাইছে৷ সংবিধান সভাই যিখন সংবিধানৰ স্বীকৃতি দিছিল, সেই প্ৰথম সংবিধানৰ একোটাকৈ কপি সাংসদসকলক দিয়া হৈছে৷ ১৯৭৩ চনত ৪২সংখ্যক সংশোধনীতহে ধৰ্মনিৰপেক্ষ আৰু সমাজতান্ত্ৰিক শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছিল৷ সেয়ে প্ৰথমৰ সংবিধানখন দিয়াৰ বাবে সেই শব্দ দুটা ইয়াত উল্লেখ নাই৷ ইয়াত বিতৰ্কৰ কোনো অৱকাশ নাই৷’ বিজেপিৰ মুখপাত্ৰজনে অৱশ্যে সাংসদসকলৰ হাতত তুলি দিয়া সংবিধানখন মোদী চৰকাৰে নতুনকৈ ছপা কৰিছে নে ১৯৪৯ চনতে ছপা কৰাৰ পৰা দিছে সেয়া স্পষ্ট কৰা নাই৷ যদিহে নতুনকৈ ছপা কৰি ১৯৪৯ চনত  গ্ৰহণ কৰা সংবিধানখন দিছে, তেন্তে চৰকাৰে সংবিধান উলংঘা কৰিছে৷ তদুপৰি সময়ে সময়ে সংশোধন হৈ থকা সংবিধানৰ প্ৰথম বা ‘অৰিজিনেল’ বুলি কোনো যুক্তি নাখাটে৷ সংশোধনৰ পাছত ছপা কৰাখনেই প্ৰকৃত সংবিধান৷ যিদৰে আজি বুধবাৰে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ ফলত সংবিধানৰ ১২৮সংখ্যক সংশোধনী হ’ল৷ আজিৰ পৰা পুনৰ সংশোধনী নোহোৱালৈ এইখনেই প্ৰকৃত সংবিধান৷ কোৱা বাহুল্য মাথোঁ– প্ৰস্তাৱনা সংবিধানৰ অৱিচ্ছেদ্য অংগ বুলি উচ্ছতম ন্যায়ালয়ে কেতিয়াবাই ৰায় দি থৈছে৷