Logo
image

শেৱালি ফুলৰ ভেষজ গুণে সকাহ দিয়ে এইবোৰ সমস্যাত

চিকিৎসা শাস্ত্ৰত প্ৰাচীন কালৰে পৰা শেৱালি ফুল ব্যৱহাৰ হৈ আহিছে৷ আয়ুৰ্বেদ শাস্ত্ৰমতে সু-স্বাস্থ্য বজাই ৰাখিবলৈ শেৱালি ফুলে বিশেষ কাম কৰে, যাৰ বাবে প্ৰাচীন কালৰে পৰা এইবিধ ফুল আৰু ইয়াৰ পাত চিকিৎসা বিজ্ঞানত ব্যৱহাৰ  হৈ আহিছে৷ আয়ুৰ্বেদিক বিশেষজ্ঞ সিদ্ধাৰ্থ গুপ্তাৰ মতে শৰৎ কালত ঋতু পৰিৱৰ্তনৰ সময়ত নিয়মীয়া খাদ্যৰ সৈতে শেৱালি ফুলৰ পাত বা ইয়াৰ ৰস খাব লাগে৷ গুপ্তাই উল্লেখ কৰা মতে ঋতু পৰিৱৰ্তনৰ সময়ত হঠাতে ঠাণ্ডা পৰিবলৈ ধৰে৷ ফলত বিভিন্ন শাৰীৰিক সমস্যাকে ধৰি বিশেষকৈ জ্বৰ আদিত আক্ৰান্ত হোৱাৰ আশংকা আহি পৰে৷ এনেকুৱা হ’লে ৰোগীসকলক দ্ৰুত উপশমৰ বাবে শেৱালি ফুলৰ পাতৰ ৰস খাবলৈ পৰামৰ্শ দিয়া হয়৷
- গাঁঠিৰ বিষ তথা বাতবিষৰ পৰা সকাহ পাবলৈও শেৱালি ফুলৰ পাতৰ ৰস খাব পাৰে৷ কুহুমীয়া পানীৰ সৈতে শেৱালি ফুলৰ পাতৰ ৰস মিহলাই খালে আৰ্থ্ৰাইটিছ নিয়ন্ত্ৰণত থাকে৷
- খাদ্যত ৰুচি নাপালে শেৱালি ফুলৰ পাতৰ ৰস খাব পাৰে৷ শেৱালি ফুলৰ ৰসে পৰিপাক ক্ৰিয়াত সহায় কৰে৷
- মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি ফুলৰ পাত উপকাৰী৷
- শিশুসকল কৃমিৰ সমস্যাত ভুগিলেও শেৱালি ফুলৰ পাতৰ ৰস খুৱাব পাৰে৷
- শেৱালি ফুলৰ পাতৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷