Logo
image

বাংলাদেশলৈ ৰপ্তানি হ’ব চাৰি কোটি কণী

ঢাকাৰ পৰা আবু আলী, ২১ ছেপ্টেম্বৰঃ  বাংলাদেশে ভাৰতৰ পৰা চাৰি কোটি কণী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উল্লেখ্য যে বাংলাদেশত শেহতীয়াকৈ কণীৰ চাহিদা সাংঘাতিকভাৱে বৃদ্ধি পোৱাত একোটা কণীৰ দাম ১৫ টকা পৰ্যন্ত হৈছে৷ এই ক্ষেত্ৰত বিশেষকৈ একাংশ পাইকাৰী ব্যৱসায়ী আৰু মধ্যভোগীয়ে সৰ্বসাধাৰণক ভাৰাক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে কণীৰ মূল্য বৃদ্ধি আৰু চাহিদা বৃদ্ধি পোৱালৈ লক্ষ্য কৰি বাংলাদেশৰ বাণিজ্য মন্ত্ৰণালয়ে কণীৰ মূল্য ১২ টকাকৈ ধাৰ্য কৰিছিল৷ কিন্তু ইয়াৰ পাছতো একাংশ অসাধু ব্যৱসায়ীয়ে কণীৰ মূল্য বৃদ্ধি তথা কৰি প্ৰতিটো কণী ১৫ টকাকৈ বিক্ৰী কৰা পৰিলক্ষিত হৈছে৷ এনে ক্ষেত্ৰত কণীৰ নাটনি দূৰ কৰিবলৈ বাংলাদেশ চৰকাৰে সদ্যহঁতে ভাৰতৰ পৰা চাৰি কোটি কণী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ পৰৱৰ্তী সময়ত ভাৰতৰ উপৰি অনান্য চুবুৰীয়া দেশসমূহৰ পৰাও বাংলাদেশে কণী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অৱশ্যে, এই ক্ষেত্ৰত দেশখনৰ বাণিজ্যিক মন্ত্ৰণালয়ে কেইটামান নিয়ম ধায্য কৰি দিয়ে৷ সেই অনুসৰি যিসমূহ দেশৰ পৰা বাংলাদেশলৈ কণী আমদানি হ’ব সেই দেশখন এভিয়ান ইনফ্লুয়েঞ্জা বা বাৰ্ডফ্লু মুক্ত হ’ব লাগিব৷ তদুপৰি কণী আমদানি কৰা প্ৰতিষ্ঠান বা সংস্থাসমূহে বাংলাদেশ চৰকাৰক নিৰ্ধাৰিত হাৰত শুল্ক আদায় দিব লাগিব৷ প্ৰথম অৱস্থাত ভাৰতৰ পৰা কণী আমদানিৰ বাবে অনুমতি লাভ কৰা প্ৰতিষ্ঠানকেইটা হৈছে মীম এণ্টাৰপ্ৰাইজ, প্ৰাইম এনাৰ্জি ইম্প’ৰ্টাছ, এণ্ড ছাপ্লায়াৰ্ছ, টাইগাৰ ট্ৰেডিং আৰু অৰ্ণৱ ট্ৰেডিং লিমিটেড৷