Logo
image

কানাডাৰ নাগৰিক নিষিদ্ধ

নতুন দিল্লী, ২২ ছেপ্টেম্বৰঃ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে কানাডাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ বৈদেিশক মন্ত্ৰণালয়ে কানাডাৰ নাগৰিকসকলৰ ভাৰত ভ্ৰমণত নিষেধাজ্ঞা  জাৰি কৰিছে৷ সেই অনুসৰি ভাৰতে আপাততঃ কানাডাৰ নাগৰিকক ভিছা প্ৰদান কৰাটো বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷  আনহাতে ভাৰতৰ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই-এ [নিয়া]ই ভাৰত এৰি পলায়ন কৰা খালিস্তানী সন্ত্ৰাসবাদী আৰু অপৰাধীসকলে কানাডাত আশ্ৰয় লোৱা বুলি দাবী কৰিছে৷ এই সন্দৰ্ভত এন আই-এৰ তৰফৰ পৰা  ভাৰতত বিভিন্ন অপৰাধ আৰু বিচ্ছিন্নতামূলক কাৰ্যত জড়িত থকা ৪৩ জন কুখ্যাত সন্ত্ৰাসবাদী তথা অপৰাধীৰ এখন তালিকা প্ৰকাশ কৰে৷ এই তালিকাখন ‘নিয়া’ই কানাডা চৰকাৰলৈ প্ৰেৰণ কৰা বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে৷ নিয়াই দাবী কৰা মতে ভাৰতৰ পৰা পলায়ন কৰা খালিস্তানী সন্ত্ৰাসবাদী আৰু অপৰাধীসকলে সম্প্ৰতি কানাডাত ঘাটি পাতি আছে৷ উল্লেখ্য যে কানাডাৰ চুৰেট এলেকাত যোৱা ১৯ জুনত হৰদীপ সিং নিৰ্জ্জৰ নামৰ এজন খালিস্তানী সন্ত্ৰাসবাদীৰ হত্যাকাণ্ড সংঘটিত হৈছিল৷ এই ঘটনাৰ পাছত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোই নিৰ্জ্জৰ হত্যাকাণ্ডত ভাৰতীয়ৰ হাত থকা বুলি দাবী কৰে৷ পিছে  ট্ৰুডোৰ এই দাবীক একে আষাৰেই নস্যাৎ কৰি দিয়ে ভাৰতে৷ ইয়াকে লৈ ভাৰত আৰু কানাডাৰ মাজত থকা সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে৷ অৱশেষত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত ফাট মেলা আৰম্ভ হয় আৰু আনকি ভাৰতৰ পৰা কানাডাত থকা  ভাৰতীয়সকলক সতৰ্কতা অৱলম্বন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ আগবঢ়ায়৷ তাৎপৰ্যপূৰ্ণ যে ইয়াৰ মাজতে আকৌ কানাডা চৰকাৰে ভাৰত ভ্ৰমণলৈ অহা কানাডাৰ নাগৰিকক জম্মু-কাশ্মীৰ, মণিপুৰ আৰু আনকি অসমৰ নাম উল্লেখ কৰি সন্ত্ৰাসবাদী অধ্যুষিত এলেকাসমূহত ভ্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে৷ ইয়াৰ পাছত ভাৰতেও এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কানাডাত পঢ়ি থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু কানাডা ভ্ৰমণলৈ যোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতিও অনুৰূপ জাননী প্ৰকাশ কৰিছিল৷ 

তাৎপৰ্যপূৰ্ণ যে ভাৰত আৰু কানাডাৰ মাজত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ নেশ্যনেল মেডিকেল কমিছন অৰ্থাৎ এন এম চি য়ে ভাৰতীয় চিকিৎসকসকলৰ বাবে শেহতীয়াকৈ এক সুখবৰ কঢ়িয়াই আনিছে৷ সেই অনুসৰি এতিয়াৰে পৰা ভাৰতত এমবিবিএছ ডিগ্ৰী লাভ কৰা সকলে দেশৰ লগতে বিদেশতো চিকিৎসা সেৱা আগবঢ়াব পাৰিব৷ এনএমচিয়ে প্ৰকাশ কৰা মতে কানাডাকে ধৰি আমেৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডত ভাৰতৰ এমএমবিএছ ডিগ্ৰীধাৰীসকলে চিকিৎসা সেৱা আগবঢ়াব পাৰিব৷ একেদৰে বিদেশৰ পৰা আহি ভাৰতত চিকিৎসা সেৱাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে৷