Logo
image

বেলি ওলাল, উঠা প্ৰজ্ঞান

শ্ৰীহৰিকোটা, ২২ ছেপ্টেম্বৰঃ চন্দ্ৰৰ দক্ষিণ মেৰুত পুনৰ সূৰ্যোদয় হৈছে৷ ইয়াৰ লগে লগে  সূৰ্যৰ ক্ষীণ ৰশ্মি আহি পৰিছে চন্দ্ৰপৃষ্ঠৰ শিৱশক্তি পইণ্টত৷ উল্লেখ্য যে  প্ৰজ্ঞানক বুকুত লৈ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা স্থান ডোখৰক ‘শিৱশক্তি পইণ্ট’ বুলি নামকৰণ কৰা হৈছিল৷ সেই ‘শিৱশক্তি পইণ্ট’ত পুনৰ সূৰ্যৰ ৰশ্মিয়ে স্পৰ্শ কৰাৰ লগে লগে বিক্ৰম আৰু প্ৰজ্ঞানক লৈ ইছ’ৰোৰ বিজ্ঞানীসকলৰ উৎকণ্ঠা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ কি হ’ব ৰ’ভাৰ প্ৰজ্ঞানৰ! কি হ’ব লেণ্ডাৰ বিক্ৰমৰ!পুনৰ সাৰ পাবনে চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু  ৰ’ভাৰে? ইয়াৰ বাবে  ইছ’ৰোৰ বিজ্ঞানীসকলৰ নতুনকৈ ব্যস্ততা আৰম্ভ হৈছে৷ ইছ’ৰোৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে চন্দ্ৰপৃষ্ঠত বুধবাৰে সূৰ্যোদয় হৈছে৷ সূৰ্যোদয়ৰ পাছতে ‘প্ৰজ্ঞান’ক টোপনিৰ পৰা জগাই তুলিবলৈ তৎপৰতা আৰম্ভ কৰিছে বিজ্ঞানীসকলে৷ পিছে সূৰ্যোদয়ৰ লগে লগে বিক্ৰম বা প্ৰজ্ঞান কাকো জগাই তোলাটো সম্ভৱ নহয়৷ কিয়নো বিগত পোন্ধৰ দিন ধৰি চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ  শীতল আৱহাৱাই চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰ’ভাৰৰ যন্ত্ৰাংশসমূহ অকামিলা কৰিছে৷ সেই যন্ত্ৰাংশ পুনৰ সক্ৰিয় কৰি তুলিবলৈ হ’লে কিছু তাপমাত্ৰাৰ প্ৰয়োজন হ’ব৷ সেই তাপমাত্ৰা সূৰ্যোদয়ৰ লগে লগে লাভ কৰাটো সম্ভৱ নহয়৷ ইছ’ৰোই এইবুলিও জানিবলৈ দিয়ে যে সূৰ্যৰ পোহৰ পোৱাৰ পাছতে নিৰ্দিষ্ট তাপমাত্ৰাত বিক্ৰম আৰু প্ৰজ্ঞানৰ বেটাৰী ৰিছাৰ্জ হ’বলৈ আৰম্ভ কৰিব৷ এতিয়া বিজ্ঞানীসকল তাৰেই অপেক্ষাত আছে৷ বেটাৰী ৰিছাৰ্জ সম্পূৰ্ণ হোৱাৰ লগে লগে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক পুনৰ সক্ৰিয় কৰি তুলিব পৰা যাব বুলি আশাবাদী হৈ আছে চন্দ্ৰযান-৩ৰ বিজ্ঞানীসকল৷ সকলো ঠিকেঠাকে চলিলে, চন্দ্ৰৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে ইছ’ৰোৰ বিজ্ঞানীসকলে কাইলৈ প্ৰজ্ঞানৰ সৈতে পুনৰ যোগাযোগ কৰাৰ  চেষ্টা চলাব৷ অৱশ্যে যোগাযোগ সম্ভৱ হ’ব নে নহয়, সেই সম্পৰ্কে এতিয়াও তেওঁলোক নিশ্চিত নহয়৷ কিয়নো যোৱা পোন্ধৰটা দিনত  চন্দ্ৰৰ দক্ষিণ মেৰুৰ তাপমাত্ৰা মাইনাছ ২৫০ ডিগ্ৰীলৈ নামিছিল৷ সেই শীত বিক্ৰম আৰু প্ৰজ্ঞানে সহ্য কৰিব পাৰিছেনে? সেয়া যোগাযোগ সম্পূৰ্ণ হ’লেহে জানিব পৰা যাব৷ অৱশ্যে ইছ’ৰোৰ বিজ্ঞানীসকল বিক্ৰম আৰু প্ৰজ্ঞানক লৈ এতিয়াও আশাবাদী৷