Logo
image

এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশন কোক্‌ৰাঝাৰত

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ২২ ছেপ্টেম্বৰঃ কোক্‌ৰাঝাৰত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অসম বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব৷ এই কথা  ফাইনেল বুলি সদৰি কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ উল্লেখ্য, কোক্‌ৰাঝাৰৰ বডোফা নগৰৰ বিটিচি  বিধান পৰিষদীয় সভাত অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনখন সুকলমে আৰু সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ বাবে চলা প্ৰস্তুতি সন্দৰ্ভত বুজ ল’বলৈ বিটিচি বিধান পৰিষদীয় সভাত উপস্থিত হয় আৰু বিভিন্ন দিশত অগ্ৰগতিৰ বুজ ল’বলৈ বিটিচি বিধানসভা পৰিদৰ্শন কৰে৷ তেওঁ তাৰ পিছত ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কোক্‌ৰাঝাৰৰ বিটিচি বিধানসভাত অসম বিধানসভা শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠকত অংশগ্ৰহণ কৰে৷ উক্ত বৈঠকত বিটিচিৰ বিধানসভাৰ অধ্যক্ষ কাটিৰাম বড়ো, চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু অসম বিধানসভাৰ অন্যান্য বিষয়াসকলৰ সৈতে বিভিন্ন বিভাগৰ বিষয়া, শিক্ষা প্ৰতিষ্ঠান আৰু জিলা আয়ুক্তসহ বিভিন্ন প্ৰশাসনৰ বিষয়াসকলৰ সৈতে থকা-মেলাকে ধৰি আন প্ৰয়োজনীয় ব্যৱস্থাবোৰ যাতে সঠিকভাৱে হয় তাৰ বাবে আলোচনা কৰে৷ সংবাদ মাধ্যমৰ আগত বিধানসভাৰ অধ্যক্ষজনে শীতকালীন অধিৱেশনখন সুচাৰুৰূপে চলাই নিবলৈ প্ৰায় ডেৰহাজাৰ মানুহৰ থকা-লোৱাৰ বাবে চৰকাৰী অতিথিশালাৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠানৰ বিভাগৰ কাৰ্যালয় ইত্যাদি পৰ্যাপ্ত পৰিমাণৰ হ’ব নে অস্থায়ীভাৱে আন ব্যৱস্থা কৰিব লাগিব তাৰবাবে বিটিচি প্ৰশাসন, জিলা প্ৰশাসনৰ লগতে আন বিভাগক দায়িত্ব দিয়া বুলি জানিবলৈ দিয়ে৷ তেওঁ এসপ্তাহ উক্ত অধিৱেশন চলিব বুলিও জানিবলৈ দিয়ে৷ তাৰবাবে তেওঁ ১২৬ মিটাৰ স্থান ৰখাৰ বাবে বিধানসভাৰ বৈঠক ব্যৱস্থাৰ পুনৰ্গঠনৰ বাবে বিটিচি বিধানসভাত পূৰ্ণোদ্যমে কাম চলি থকা বুলি জানিবলৈ দিয়ে৷