Logo
image

বন্ধ নহয় এখনো স্কুল দাবী শিক্ষামন্ত্ৰী পেগুৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘কোনো বিদ্যালয় বন্ধ নহয়৷ বহনক্ষম ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়সমূহক একত্ৰীকৰণ কৰা হ’ব৷’ ৰাজ্যৰ ১১ হাজাৰ বিদ্যালয়ৰ একত্ৰীকৰণৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– ‘প্ৰায় ১১ হাজাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩০তকৈ কম৷ এই বিদ্যালয়সমূহ কিমান দূৰত্বত অৱস্থিত সেইটো আমি আছাম স্পেচ এপ্লিকেশ্বন চেণ্টাৰৰ পৰা তেওঁলোকৰ চেটেলাইট মেপেৰে উলিয়াইছোঁ৷ চেটেলাইট মেপৰ দ্বাৰা দেখা গৈছে যে বহু বিদ্যালয় ওচৰা-ওচৰিকৈ আছে৷      বিদ্যালয় এখন পৰিচালনা কৰিবৰ কাৰণে পৰ্যাপ্ত শিক্ষক নিয়োগ কৰিবৰ কাৰণে ছাছটেইনেবল বা বহনক্ষম ষ্টুডেণ্ট থকাটো বাঞ্ছনীয়৷ এতিয়া যদি এজন-দুজন-তিনিজন এনেধৰণে ছাত্ৰ-ছাত্ৰী থাকে তাতে দুজন তিনিজন শিক্ষক দি বিদ্যালয় পৰিচালনা কৰাটো সম্ভৱপৰ নহয়৷ এতেকে এই গোটেই প্ৰক্ৰিয়াটোৰ এটা ৰেছনেলাইজেশ্বন কৰাৰ কাম আৰম্ভ কৰিছোঁ৷ যিসমূহ বিদ্যালয়ত কমসংখ্যক ছাত্ৰ-ছাত্ৰী আছে, ওচৰতে যদি আৰু বিদ্যালয় আছে আমি একত্ৰিকৰণৰ ব্যৱস্থা কৰিছোঁ৷ এয়া বিদ্যালয়টোৰ বিলুপ্তিকৰণ নহয়, একত্ৰীকৰণ৷ যাতে সংখ্যাটো বহনক্ষম হয়৷’ উল্লেখ্য, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় একত্ৰীকৰণ মানে বন্ধ নহয় দাবী কৰিলেও শিক্ষা বিভাগৰ সিদ্ধান্তত চৰম উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম হাইস্কুল শিক্ষক সংস্থাই৷ আজি অসম হাইস্কুল শিক্ষক সংস্থাৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি সুনন্দ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজ্যিক কৰ্ম নিৰ্ধাৰণ সভাই মাতৃভাষাৰ মাধ্যমৰ ১১,৩৬৮খন স্কুল একত্ৰীকৰণৰ তীব্ৰ বিৰোধিতা কৰে৷ সভাই স্পষ্ট ভাষাৰে মত পোষণ কৰে যে একত্ৰীকৰণ মানেই বিদ্যালয় এখন চিৰকালৰ বাবে বন্ধ কৰা৷ ৰাজহুৱা খণ্ডৰ বিদ্যালয় বিলুপ্ত ঘটাব বিচৰা কাৰ্য তৎকালীনভাবে বন্ধ কৰিবলৈ সভাই দাবী জনায়৷ উল্লেখ্য যে ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত বাৰেকুৰি উৎসৱ আদি অনুষ্ঠিত কৰা, শিক্ষা সেতু এপযোগে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিব লগা হোৱাটো এটা ডাঙৰ সমস্যা হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ শেহতীয়াভাৱে শিক্ষা সেতু এপযোগে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিব লগা হোৱা বাবে একাংশ বিদ্যালয়ত পাঠদানত ব্যাঘাত জন্মিছে৷ অসম চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰি সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ বিপৰীতে বিদ্যালয় একত্ৰীকৰণৰ যোগেদি সমস্যা সমাধান কৰাৰ নামত লোৱা হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাই দাবী জনাইছে৷ [নলবাৰীৰ বিশেষ প্ৰতিনিধিৰ সহযোগত]