Logo
image

ভীষণ ব্যস্ত মুখ্যমন্ত্ৰী, বিতৰণৰ অপেক্ষাত স্কুলে স্কুলে পৰি ৰৈছে ৩.৬৯ লাখ চাইকেল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ বিদ্যালয়ৰ চৌহদে চৌহদে হাজাৰ হাজাৰ চাইকেল মুকলি আকাশৰ তলত ৰ’দে-বৰষুণে পৰি থকাৰ দৃশ্য এতিয়া সুলভ৷ গুৱাহাটীৰ বাঙালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, নগাঁও ডচন উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, সোণাপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, বগৰিগুৰি মাদ্ৰাছা উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ গ’লে এতিয়া দেখিবলৈ পাব হাজাৰ হাজাৰ চাইকেলৰ দম৷ কিন্তু কোনে কি কাৰণত মুকলি আকাশৰ তলত এনেদৰে বিদ্যালয়ে বিদ্যালয়ে দম কৰি থৈছে চাইকেল৷ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক বিতৰণৰ বাবে অনা এই চাইকেল দিনৰ পিছত দিন ধৰি ৰ’দে-বৰষুণে পৰি আছে মুকলি আকাশৰ তলত৷ ইয়াৰে বহু চাইকেল ইতিমধ্যে নষ্ট হৈছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– নৱম শ্ৰেণীৰ ছাত্ৰীৰ মাজত সমগ্ৰ অসমত মুঠ ৩,৬৯,০০০খন চাইকেল বিতৰণ কৰা হ’ব৷ ছেপ্টেম্বৰ মাহৰ প্ৰথমভাগত চাইকেলবিলাক আহি পাইছে৷ চাইকেলৰ যন্ত্ৰাংশ লগ লগাইছে কোম্পানীৰ লোকে৷ ইমান বৃহৎসংখ্যক চাইকেল ৰাখিবলৈ আমাৰ গুদাম নাই৷ গতিকে মুকলিতে ৰাখিব লাগিব৷ চাইকেল নষ্ট নহয়৷ জোৰা লগাইহে থকা হৈছে৷ উল্লেখ্য যে এই চাইকেলসমূহৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব যদিও দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰত তেওঁ বৰ্তমান ব্যস্ত থকাৰ বাবে এই পৰ্যন্ত চূড়ান্ত হোৱা নাই চাইকেল বিতৰণ কাৰ্যসূচীৰ দিন-বাৰ৷ ফলত বিতৰণৰ আগতে স্কুলে স্কুলে পৰি ৰৈছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত দিবলগীয়া হাজাৰ হাজাৰ চাইকেল৷

জুৰীয়াত ৰদে-বৰষুণে পৰি ৰৈছে বিতৰণ কৰিবলৈ অনা তিনি সহস্ৰাধিক চাইকেল

‘আমাৰ অসম’ৰ নগাঁও ষ্টাফ ৰিপ’ৰ্টাৰ আৰু জুৰীয়াৰ প্ৰতিবেদকঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰিব লগা চাইকেলসমূহ নগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত দীৰ্ঘদিন ধৰি ৰদে-বৰষুণে মুকলি আকাশত তলত পেলাই থোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বগৰিগুৰি মাদ্ৰাছা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত তিনি হাজাৰতকৈও অধিক চাইকেল মুকলি আকাশৰ তলতে পৰি আছে৷ আনহাতে পাঠদানৰ পৰিবৰ্তে বিদ্যালয়খন এতিয়া এক চাইকেল নিৰ্মাণ কাৰাখানাত পৰিণত হোৱাক লৈও সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ সন্মুখৰ বাৰাণ্ডাত চাইকেলসমূহ জোৰা লগাই থকাত স্বাভাৱিকতে শিক্ষাৰ্থীসকলৰ পাঠ গ্ৰহণত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে যদিও কতৃৰ্পক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷ এইক্ষেত্ৰত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষজনে নিজৰ অসহায়ৰ কথাহে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ উল্লেখ্য যে নগাঁও জিলাত চৰকাৰী সৰ্বমুঠ ২১৩খন উচ্ছ মাধ্যমিক আৰু ৬৩খন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বিপৰীতে এই চাইকেলসমূহ বিতৰণ কৰিবৰ বাবে বিভিন্ন বিদ্যালয়ত ৰখাই থোৱা হৈছে৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অৰ্থাৎ ২০২২-২৩ বৰ্ষৰ বাবে জিলাখনৰ মুঠ ২৭৬খন শিক্ষানুষ্ঠানৰ প্ৰায় কুৰি সহস্ৰাধিক ছাত্ৰীৰ মাজত এই চাইকেলসমূহ বিতৰণ কৰা হ’ব৷ ইতিমধ্যে বিদ্যালয় কতৃৰ্পক্ষই হিতাধিকাৰীৰ তালিকা জিলা বিদ্যালয়ৰ সংমণ্ডল পৰিদৰ্শকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে৷ এই তালিকাৰ ভিত্তিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাই জিলাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে চাইকেলসমূহ প্ৰেৰণ কৰিছে৷ এইদৰে নগাঁও জিলাৰ বিদ্যালয়সমূহলৈয়ো নিৰ্দিষ্ট পৰিমাণৰ চাইকেলসমূহ প্ৰেৰণ কৰা হৈছে৷ একেদৰে জিলাখনৰ প্ৰতিটো প্ৰাথমিক শিক্ষাখণ্ড এলেকাৰ এক নিৰ্দিষ্ট স্থানত দীৰ্ঘদিন ধৰি চাইকেলসমূহ মুকলি আকাশৰ তলত পেলাই থোৱাৰ অভিযোগ উঠিছে৷ নগাঁৱৰ মন্ত্ৰী-বিধায়কৰ উপস্থিতিত কেন্দ্ৰীয়ভাবে চাইকেলসমূহ আনুষ্ঠানিকভাবে বিতৰণ কাৰ্যসুচী কৰাৰ পিছতহে অন্য বিদ্যালয়সমূহত ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ’ব৷ ইয়াৰ বাবে দিন-বাৰ এতিয়ালৈকে ঠিক কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন তথা শিক্ষা বিভাগে৷ ফলত চাইকেলসমূহ বিদ্যালয় কতৃৰ্পক্ষলৈ এই পৰ্যন্ত পত্ৰ প্ৰেৰণ কৰিব পৰা নাই৷ ইপিনে, এইদৰে বিগত বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰিবলগীয়া ছাত্ৰীগৰাকী বৰ্তমান দশম শ্ৰেণীত পঢ়ি আছে আৰু দশম শ্ৰেণীৰ শিক্ষা বৰ্ষৰ ছমাহ উকলি গৈছে৷ তেনে ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ প্ৰাক মুহূৰ্তত ছাত্ৰীসকলৰ মাজত এতিয়ালৈকে শিক্ষা বিভাগে চাইকেলসমূহ বিতৰণ কৰিব নোৱাৰাটো এক ব্যৰ্থতা হিচাপে বিবেচিত হৈছে৷