Logo
image

দুবছৰতে বিকল মহানগৰীৰ ফুটব্ৰীজ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীত পথচাৰীৰ সুবিধা হোৱাকৈ ৰাজকোষৰ কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছে এখনৰ পাছত এখন ফুটব্ৰীজ অৰ্থাৎ পদসেতু৷ অৱশ্যে ৰাজকোষৰ ধনেৰে অত্যাধুনিক পদসেতুসমূহ নিৰ্মাণ কৰিলেও প্ৰশাসনৰ গুৰুত্বহীনতা আৰু চাফ-চিকুণতাৰ অভাৱত পদসেতুসমূহ  একাংশ আশ্ৰয়হীন লোকৰ মলত্যাগৰ স্থলীত পৰিণত হৈছে৷ মহানগৰীৰ লাচিত নগৰ আৰু দিছপুৰ পদসেতুৰ কদৰ্যময় পৰিৱেশৰ বাবে পথচাৰীয়ে পাৰাপাৰ হওঁতে নাকত সোপা ল’বলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ বিপৰীতে গণেশগুৰি পদসেতুখন বিভাগীয় গাফিলতিৰ বাবে উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশত এটা অংশ ভাঙি পেলাবলগীয়া হ’ল৷ এক কথাত বিগত এবছৰ ধৰি গণেশগুৰি পদসেতুখন ভগ্ন অৱস্থাতেই আছে৷ ইফালে, মুখ্যমন্ত্ৰীয়ে ফিটা কাটি উদ্বোধন কৰা আদাবাৰীৰ পদসেতুখন নিৰ্মাণৰ দুবছৰৰ পাছতেই এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে এস্কেলেটৰ৷ দীৰ্ঘদিন ধৰি ৪টা এস্কেলেটৰযুক্ত সেতুখনৰ ২টাকৈ এস্কেলেটৰ সম্পূৰ্ণৰূপে বিকল হৈ আছে৷ ইয়াৰে তৃতীয়টো এস্কেলেটৰ আভ্যন্তৰীণ যন্ত্ৰ গৰম হ’লেই বন্ধ হৈ পৰে৷ ফলত এটা এস্কেলেটৰৰ ওপৰতেই নিৰ্ভৰশীল হৈ পৰিছে পথচাৰীসকল৷ বিগত কেইবামাহৰ পৰাই এস্কেলেটৰসমূহ এনেদৰে বিকল অৱস্থাত আছে৷ সেতুখনৰ এই অৱস্থাই জীয়াতু ভুগাইছে পথচাৰীসকলক৷ উল্লেখ্য, ২০২১ চনৰ ২০ আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেতুখন উদ্বোধন কৰিছিল৷ ইয়াৰ লগতে বৰিপাৰা আৰু শুক্লেশ্বৰ মন্দিৰৰ সন্মুখৰ আন দুখন সেতুও উদ্বোধন কৰিছিল৷ ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা এই এস্কেলেটৰসমূহ বহু দিনৰ পৰা বিকল হৈ থকাৰ পাছতো আজি পৰ্যন্ত মেৰামতি কৰা হোৱা নাই৷ ফলত ৰাস্তা পাৰ কৰোঁতে পদপথৰ সেতুৰ ব্যৱহাৰ কৰিবলৈ ৰাইজে বিকল এস্কেলেটৰেদি খোজ কাঢ়িব লগা হৈছে৷ বিভাগীয় কতৃৰ্পক্ষৰ চৰম হেমাহিৰ বাবেই এই অৱস্থা হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই এস্কেলেটৰসমূহ শীঘ্ৰেই মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে আহ৩ান জনাইছে৷