Logo
image

আকৌ প্ৰাণৱন্ত হ'বনে ভৰলু?: ২৪ ছেপ্টেম্বৰত বিশ্ব নদী দিৱস উপলক্ষে ছেভ ভৰলুৰ উদ্যোগত নাগৰিক সভাৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২৪ ছেপ্টেম্বৰত বিশ্ব নদী দিৱস। ছেভ ভৰলু অভিযানে জন্ম লগ্নৰে পৰা বিশ্ব নদী দিৱস উদযাপন কৰি আহিছে। এই বেলি বিশ্ব নদী দিৱস উপলক্ষে ছেভ ভৰলুৰ উদ্যোগত ভৰলু পুনৰুদ্ধাৰ সন্দৰ্ভত এখন নাগৰিক সভাৰ আয়োজন কৰা হৈছে। 

ৰাজ্যৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন, বিশিষ্ট নাগৰিক, অন্যান্য সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদে ভাগ ল'বলগীয়া নাগৰিক সভা উদ্বোধন কৰিব বিশিষ্ট পৰিবেশ বিজ্ঞানী ড০ অৱনী কুমাৰ ভাগৱতীয়ে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে ড০ অমৰজ্যোতি চৌধুৰী আৰু সন্মানিত অতিথিৰূপে জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা  উপস্থিত থাকিব। এই কথা সদৰি কৰে ছেভ ভৰলুৰ সভাপতি ডাঃ ৰবীন্দ্ৰ নাথ মজুমদাৰ আৰু সম্পাদক সত্য ৰঞ্জন বৰুৱাই। 

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰি ছেভ ভৰলুৰ সভাপতি ডাঃ মজুমদাৰে বিশ্ব নদী দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি কয়- মানৱসৃষ্ট আৱৰ্জনাৰ বাবে মুমূর্ষু হৈ পৰিছে এসময়ত মাছ কাছেৰে ভৰা ভৰলু। ভৰলু নৈ আজি প্ৰদূষণৰ কবলত পৰাৰ ফলত গুৱাহাটী প্ৰদূষণৰ কবলত পৰিছে। ফলত আমি সেৱন কৰা পানী আজি বিষময় হৈ পৰিছে৷ দেশৰ আন উন্নত চহৰসমূহত আৱৰ্জনাৰ বিজ্ঞানসন্মত নিষ্কাশনৰ ব্যৱস্থা কৰা হৈছে। কিন্তু গুৱাহাটীত আজিও আৱৰ্জনা ব্যৱস্থাপনা সঠিকভাৱে হোৱা নাই। মুমূর্ষু ভৰলুৰ পুনৰুদ্ধাৰৰ লক্ষ্য লৈ গঠন কৰা হৈছে ছেভ ভৰলু অভিযান। বিশ্ব নদী দিৱস উদযাপনৰে আৰম্ভ কৰা হৈছিল ছেভ ভৰলু  অভিযান। ইতিমধ্যে গুৱাহাটী মহানগৰীৰ একাংশ সমাজ সচেতন ব্যক্তিৰ সহযোগৰ বাবে ছেভ ভৰলুৰ চিঞৰ চৰকাৰৰ কাণত পৰিছে। যাৰ বাবে এইবেলি বিশ্ব নদী দিৱসৰ দিনটোত নাগৰিক সভাৰ আয়োজন কৰা হৈছে। ২৪ ছেপ্টেম্বৰত পুৱা ৬ বজাত চাইকেল ৰেলী উলিওৱা হ'ব। ৰাজগড়ৰোডৰ বিহুতলীৰ পৰা ভৰলুমুখলৈ উলিওৱা হ'ব চাইকেল ৰেলী। ছেভ ভৰলুৱে উক্ত কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে। সংবাদ মেলত চাইকেল ৰেলীত অংশগ্রহণকাৰীৰ বাবে প্ৰস্তুত কৰি উলিওৱা টি-ছাৰ্টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সংবাদ মেলত 'ছেভ ভৰলু'ৰ যুটীয়া সম্পাদক ডাঃ ৰুবী কটকী, কোষাধ্যক্ষ ডাঃ মানবেন্দ্র গোস্বামী, কাৰ্যকৰী সদস্য অখিল চন্দ্র গোস্বামী, ধ্ৰুৱজ্যোতি শইকীয়া, অতুল কুমাৰ বৰ্মনকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে।