Logo
image

বিশ্বনাথঘাট, কিৰীটেশ্বৰী দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰঃ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ তালিকাত স্থান লাভ কৰিছে অসমৰ বিশ্বনাথ ঘাটে৷ অসমৰ বিশ্বনাথ ঘাটৰ লগতে বংগৰ মুশ্বিৰ্দাবাদৰ কিৰীটেশ্বৰীকো দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে৷ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৯৫ খন আবেদনৰ ভিতৰত ঐতিহাসিক বিশ্বনাথ ঘাট আৰু মুশ্বিৰ্দাবাদৰ কিৰীটেশ্বৰীকো শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বাছনি কৰে৷ 

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি দিয়া খবৰটো টুইট যোগে পৃথকে পৃথকে ৰাজ্যবাসীক অৱগত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই ঘোষণা কৰি শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাটে স্বীকৃতি লাভ কৰা কাৰ্যই অসমৰ গ্ৰাম্য পৰ্যটনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা বিশাল প্ৰচেষ্টাক প্ৰতিফলিত কৰিলে বুলিও মন্তব্য কৰে৷ উল্লেখ্য, বাণ ৰজাৰ স্মৃতি বিজড়িত গুপ্তকাশী বিশ্বনাথ ঘাট কুৰিৰো অধিক মন্দিৰৰে সমৃদ্ধ৷ নৈসৰ্গিক পৰিৱেশৰো সুকীয়া আকৰ্ষণৰ কেন্দ্ৰ এই ঘাট৷ সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যই সকলো লোককে এই স্থানলৈ আকৰ্ষণ কৰে৷ এই বিশ্বনাথ ঘাটলৈ আগবঢ়োৱা হৈছে ২০২৩ চনৰ ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ পৰ্যটন গাঁও সন্মান৷ 

দেশৰ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ৭৯৫ খন আবেদনৰ ভিতৰত দেশৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে বিশ্বনাথ ঘাট নিৰ্বাচিত হোৱাৰ পাছতেই সমগ্ৰ অসমৰ লগতে বিশ্বনাথবাসীক উৎফুল্লিত কৰি তুলিছে৷ এক সুন্দৰ গ্ৰাম্য পৰ্যটনৰ স্থান বিশ্বনাথ ঘাটক পৰ্যটন মন্ত্ৰণালয়ে উপযুক্ত মৰ্যাদা প্ৰদান কৰাত ধন্যবাদ জনাইছে স্থানীয় ৰাইজে৷ বাণৰজাৰ স্মৃতিবিজড়িত এই ঘাটৰ আছে অলেখ কাহিনী৷ আহোম যুগৰ সাক্ষ্য বহন কৰি আহোম ৰজাসকলৰ বহু কীৰ্তি চিহ্ন আজিও সজীৱ হৈ আছে গুপ্তকাশী বিশ্বনাথ ঘাটত৷ বৃটিছ শাসন কালতো এই গুপ্তকাশী বিশ্বনাথ ঘাটতে স্থাপন কৰা হৈছিল জাহাজ ঘাট৷ ইফালে দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰা বংগৰ মুশ্বিৰ্দাবাদৰ নৱগাঁও ব্লকৰ অন্তৰ্গত কিৰীটেশ্বৰী গাঁওতেই আছে প্ৰাচীন কিৰীটেশ্বৰী মন্দিৰ৷ কিৰীটেশ্বৰী দেৱী মন্দিৰ সতীৰ ৫১ পীঠৰ অন্যতম হিচাপে লোকবিশ্বাস আছে৷ সতীৰ মুকুট অৰ্থাৎ কিৰীটি উক্ত স্থানতেই সৰি পৰিছিল বুলি বিশ্বাস কৰা হয়৷ সেয়েহে দেৱীক মুকুটেশ্বৰী বুলিও জনা যায়৷ প্ৰবাদ অনুসৰি ১৪০৫ চনত দেৱীৰ প্ৰাচীন মন্দিৰটো ভাগি পৰিছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত ঊনবিংশ শতিকাত লালগোলাৰ ৰজা দৰ্পনাৰায়ণ ৰায়ে নতুনকৈ মন্দিৰটো নিৰ্মাণ কৰিছিল৷ মন্দিৰটো নিৰ্মাণৰ বাবে ভূমি দান কৰিছিল স্থানীয় মুছলমান লোকে৷ সেয়ে প্ৰতিবছৰে মহামায়াৰ পূজাৰ সময়ত মুছলমান লোকে কিৰীটেশ্বৰী মন্দিৰত মেলা আয়োজন কৰি আহিছে৷