Logo
image

সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ তৰিলে মুখ্যমন্ত্ৰী-পত্নীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰঃ অৱশেষত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ ১০ কোটি টকা ৰাজসাহায্য লাভ কৰা বুলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰিছিল৷ এই অভিযোগক অস্বীকাৰ কৰি সাংসদজনৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই৷ 

সেই ঘোষণা অনুসৰিয়েই শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতত ৰিণিকি ভূঞা শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰে৷ উল্লেখ্য, কিছুদিন পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে টুইটাৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰতিষ্ঠানে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ হিতাধিকাৰী হিচাপে ১০ কোটি টকা ৰাজসাহায্য পোৱা বিষয়টোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছিল৷ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ ৱেবচাইটত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা কোম্পানীয়ে ৰাজসাহায্য লাভ কৰাৰ তথ্য আছে বুলি প্ৰকাশ কৰিছিল৷ গৌৰৱ গগৈৰ উক্ত টুইটৰ বিপৰীতে প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী শৰ্মায়ো তেওঁৰ পত্নীৰ কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বিত্তীয় ৰাজসাহায্য লোৱা নাই বুলি দাবী কৰাই নহয়, ৰাজসাহায্য লোৱাৰ প্ৰমাণ দিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও টুইট যোগে ঘোষণা কৰিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ টুইট যুদ্ধৰ বিতৰ্কৰ মাজতে বিগত ১৮ ছেপ্টেম্বৰত সামাজিক মাধ্যমত নিজৰ স্থিতি স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰাৰ অভিযোগক খণ্ডন কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিব বুলিও হুংকাৰ দিছিল৷ 

সেই সময়ত টুইটাৰত নিজৰ স্থিতি স্পষ্ট কৰি ৰিণিকি ভূঞা শৰ্মাই এটা টেক্সট ভিডিঅ’ত উল্লেখ কৰে এইদৰে– ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰতি সহাঁৰি৷ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড ২০০৬ চনৰ পৰা স্বতন্ত্ৰভাৱে থকা বিভিন্ন ব্যৱসায়িক স্বাৰ্থ জড়িত এটা সত্তা৷ ই এটা আইন মালি চলা কোম্পানী, যাৰ সকলো বিত্তীয় তথ্য ৰাজহুৱাভাৱে উপলব্ধ৷ দীৰ্ঘ আৰু সফল ব্যৱসায়িক ট্ৰেক ৰেকৰ্ডৰ সৈতে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আন যিকোনো যোগ্য উদ্যোগৰ দৰে চৰকাৰী সমৰ্থিত কাৰ্যসূচী ইনচেণ্টিভ আঁচনিত অংশগ্ৰহণৰ বাবে যোগ্য৷ অৱশে পি এম কিষাণ সম্পদ আঁচনিৰ সৈতে জড়িত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে সকলো যোগ্যতাৰ মাপকাঠি পূৰণ কৰাৰ পাছতো চৰকাৰী ৰাজসাহায্যৰ এক পইচাও দাবী কৰা নাই বা লাভ কৰা নাই৷’ উক্ত টুইটটোত ৰিণিকি ভূঞাই লগতে কৈছিল– ‘এয়া এগৰাকী মহিলা উদ্যোগীৰ নেতৃত্বত আইনৰ প্ৰতিটো দিশ মানি চলি থকা ১৭ বছৰীয়া অসমীয়া উদ্যোগ এটাক অপযশ দিয়া আৰু বদনাম কৰাৰ লক্ষ্যৰে আক্ৰমণৰ বাহিৰে আন একো নহয়৷ মাননীয় সাংসদ গৌৰৱ গগৈ মহোদয়ৰ এই গৰিহণাযোগ্য অভিযোগৰ  পৰা আমাৰ কঠোৰ পৰিশ্ৰমী কৰ্মচাৰীসকলৰ সুনাম ৰক্ষা কৰিবলৈ তেওঁৰ বিৰুদ্ধে আদালতত ১০ কোটি ক্ষতিপূৰণৰ মানহানি গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছোঁ৷’