Logo
image

হৰম’নৰ সমস্যা? এইবোৰ খাদ্য খাওক

বিভিন্ন ৰোগৰ কাৰক হিচাপে হৰম’নৰ তাৰতম্যক চিহ্নিত কৰা হয়৷ থাইৰয়েড, যকৃতৰ সমস্যা, অনিয়মীয়া খাদ্য গ্ৰহণ আদি কাৰণত শৰীৰত হৰম’নৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে৷ এনে অৱস্থাত হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিব লাগে৷ শৰীৰ, মনৰ সুস্থতা বহু পৰিমাণে হৰম’নৰ ওপৰত নিৰ্ভৰ কৰে৷ শৰীৰ সুস্থ ৰাখিবৰ বাবে হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰি ৰখাটো প্ৰয়োজনীয়৷ হঠাৎ ওজন বৃদ্ধি, খিংখিঙীয়া স্বভাৱ, অলপতে ভাগৰ লগা আদি  অনুভৱ হৰম’নৰ তাৰতম্যৰ বাবেই হয়৷ চুলি পকা, ছালৰ সমস্যা আদি হৰম’নৰ সমতাৰ অভাৱৰ বাবেও হ’ব পাৰে৷ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে হৰম’নৰ ভাৰসাম্যহীনতাৰ পৰা ৰক্ষা পাব পাৰি৷

কেনেধৰণ খাদ্যভাসে হৰম’নৰ ভাৰসাম্য অটুট ৰাখে?

⬛খাদ্য তালিকাত শাক-পাচলি ৰাখিব লাগে৷ প্ৰতিদিনৰ খাদ্য তালিকাত বীট, তৰমুজ, কেপছিকাম, ষ্ট্ৰ’বেৰী, বন্ধাকবি, পালেং শাক আদি ৰাখিব লাগে৷ এনে ধৰণৰ শাক-পাচলি নিয়মীয়াকৈ খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ উপৰি হৰমোন নিয়ন্ত্ৰণত থাকে৷ 

⬛শৰীৰৰ কৰ্মদক্ষতা বঢ়াবৰ বাবে ভাল ফেটছৰ প্ৰয়োজন৷ ফেট্‌ছৰ পৰাই হৰম’ন উৎপন্ন হয়৷ প্ৰতিদিনৰ খাদ্য তালিকাত এনেধৰণৰ  খাদ্য ৰাখিব লাগে, যাৰ পৰা শৰীৰত হৰম’নৰ ভাৰসাম্য বজাই ৰাখিব পৰা ফেট্‌ছ পাব পাৰি৷ ঘিউ, কাঠবাদাম, কণীৰ কুহুম, দৈ আদি ভাল ফেট্‌ছৰ উৎস৷ 

⬛হৰম’ন নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে চেনি খোৱাৰ পৰিমাণ কমাই দিয়ক৷ চেনি বেছিকৈ খালে হৰম’নৰ ভাৰসাম্য বিঘ্নিত হয়৷ বেছি চেনি খালে লেপটিন নামৰ হৰম’নৰ উৎপাদন হ্ৰাস পায়৷ ফলত ওজন বাঢ়ে আৰু মেদবহুলতাই দেখা দিয়ে৷ 

⬛লিভাৰ সুস্থ থাকিলে হৰম’নৰ ভাৰসাম্য অটুট থাকে৷ সেইবাবে লিভাৰ সুস্থ থকাটো প্ৰয়োজন৷ এইক্ষেত্ৰত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে৷ লিভাৰ সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ চাহ পান কৰিব পাৰে৷ চাহে  শৰীৰত জমা হোৱা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ ফলত লিভাৰ সুৰক্ষিত হৈ থাকে৷ এইদৰে খাদ্যাভাসৰ জৰিয়তে হৰম’ন নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰি৷ হৰম’ন নিয়ন্ত্ৰণত নাথাকিলে বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷