Logo
image

ঘনে ঘনে ৰাজ্যপালৰ ৰিভিউ মিটিং, দৌৰিছে মন্ত্ৰী, বিভাগত হাহাকাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ছেপ্টেম্বৰঃ হঠাৎ যেন অস্বাভাৱিক তৎপৰতা বৃদ্ধি পাইছে ৰাজভৱনত৷ ইজনৰ পিছত সিজনকৈ মন্ত্ৰীক তলব কৰি বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰিছে স্বয়ং ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই৷ আনকি এদিনত তিনিটা পৰ্যন্ত বিভাগৰ কাম-কাজৰ বুজ লৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বীজনে৷ কিন্তু ৰাজ্যপাল হঠাৎ তৎপৰ হৈ উঠাৰ আৰৰ কাৰণ কি? ইয়াৰ পূৰ্বে ৰাজ্যৰ কোনো এজন ৰাজ্যপালক আকস্মিকভাৱে ইমান তৎপৰ হৈ পৰাৰ নজিৰ নাই৷ পূৰ্বৰ ৰাজ্যপালসকলে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ উদাহৰণ যথেষ্ঠ কম৷ শুকুৰবাৰৰ দিনটোতে ৰাজ্যপাল কাটাৰীয়াই ৰাজহ আৰু দুৰ্যাগ ব্যৱস্থাপনা, মীন, পশুপালন আৰু পশুচিকিৎসা তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ, বিভিন্ন আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত পৰ্যালোচনা কৰে৷ পৃথকে পৃথকে অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনৰ লগতে প্ৰতিটো এটা বিভাগৰ শীৰ্ষ আমোলাসকল উপস্থিত থাকে৷ আনহাতে, বৃহস্পতিবাৰে বিভাগীয় মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত উদ্যোগ আৰু বাণিজ্য বিভাগ, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতত শিক্ষা বিভাগ তথা মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ উপস্থিতিত শক্তি বিভাগৰ কাম-কাজ আৰু আঁচনি ৰূপায়ণ সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰে ৰাজ্যপাল কাটাৰীয়াই৷ বৃহস্পতিবাৰৰ দিনটোতে ৰাজ্যপালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা বিভাগটোৰ অন্য শীৰ্ষ আমোলাসকলক ৰাজভৱনলৈ তলব কৰি বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ প্ৰতিটো বিভাগৰ মন্ত্ৰী-আমোলাক ৰাজভৱনলৈ তলব কৰি বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰাৰ পূৰ্বে ৰাজ্যপাল কাটাৰীয়াই বিভিন্ন জিলা ভ্ৰমণ কৰে৷ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ন বাৰৰ বিধায়ক গুলাব চন্দ কাটাৰীয়া অসমৰ ৰাজ্যপাল হিচাপে দায়িত্বগ্ৰহণৰ পূৰ্বে ৰাজস্থান বিধানসভাৰ বিৰোধী দলপতি আছিল৷ লোকসভাৰ প্ৰাক্তন সাংসদ কাটাৰীয়া ৰাজস্থান চৰকাৰৰ শিক্ষা লোকনিৰ্মাণ গৃহ আদি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ৰাজনৈতিক পথাৰখনত যথেষ্ঠ অভিজ্ঞ ৰাজ্যপাল কাটাৰীয়াৰ পূৰ্বসূৰী ৰাজ্যপালসকল চৰকাৰীভাৱে এনেদৰে দিনে এদিনতে-তিনিটা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ নজিৰ নাই৷ লক্ষণীয়ভাৱে ৰাজ্যপালে ইটোৰ পিছত সিটোকৈ বিভাগৰ কাম-কাজ পৰ্যালোচনা অব্যাহত ৰখাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমোলা বিষয়াৰ মাজত৷ ৰাজ্যপালৰ বৈঠককলৈ ব্যস্ত থাকিবলগীয়া হৈছে মন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমোলা-বিষয়াপৰ্যন্ত৷ প্ৰস্তুত কৰিবলগীয়া হৈছে প্ৰতিটো বিভাগৰ কাম-কাজৰ খতিয়ান৷ বিভিন্ন আঁচনি ৰূপায়ণ আৰু অগ্ৰগতিৰ বিস্তৃত তথ্য৷ বিভাগসমূহে ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া আঁচনি আৰু পৰিকল্পনাৰ বিষয়েও বিতংকৈ অবগত কৰিবলগীয়া হৈছে ৰাজ্যপালক৷ উল্লেখ্য যে ৰাজ্যপাল কাটাৰীয়াই মন্ত্ৰী আমোলাক তলব কৰি ৰাজভৱনত বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰি আছে যদিও ৰাজ্যপালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়েহে সাধাৰণতে এনে পৰ্যালোচনা বৈঠকত আহ্বান কৰি নিয়মিয়াভাৱে বিভাগীয় কাম-কাজৰ বুজ লয়৷