Logo
image

গুৰুজনাৰ তিথিত ড্ৰাইডে’ ঘোষণা

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰঃ অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে অহা ২৪ ছেপ্টেম্বৰত অসম চৰকাৰে ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশত প্ৰতিখন জিলাৰ জিলা আয়ুক্তই এটা নিৰ্দেশ যোগে নিজ নিজ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে৷ এই সন্দৰ্ভত জিলা আয়ুক্ত সকলে ২১ ছেপ্টেম্বৰত জাৰি কৰা জাননী অনুসৰি  সেইদিনা ৰাজ্যৰ সকলো সুৰা বিপণী, ক্লাব, বাৰ, বণ্ডেড ৱেৰহাউছ আদি বন্ধ থাকিব৷ কোনো লোকে এই নিৰ্দেশনা অমান্য কৰিলে অসম আবকাৰী আইন অনুসৰি জিলা আয়ুক্ত সকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে৷