Logo
image

টুইন টাৱাৰ, ওপৰত হেলিপেড! দিছপুৰৰ নতুন বিধায়ক ক’লনী হ’ব ৰাজ্যবাসীৰেই দৰ্শনীয় স্থান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বশিষ্ঠত চৰকাৰৰ টুইন টাৱাৰ নিৰ্মাণ হৈ নুঠিল যদিও এইবাৰ টুইন টাৱাৰ সদৃশ দুটাকৈ ১৫ মহলীয়া সু-উচ্ছ অট্টালিকা নিৰ্মাণ হ’ব দিছপুৰৰ বিধায়ক আৱাসত৷ যি সময়ত ৰাজ্য চৰকাৰে হিতাধিকাৰী আঁচনিৰ ধন জোৰা মৰাৰ বাবে ঋণ লৈ লৈ তত্‌ নোপোৱাৰ অৱস্থা সৃষ্টি হৈছে, ঠিক সেই সময়তে দিছপুৰত কোটি কোটি টকা ব্যয়ৰে কংক্ৰিটৰ নিৰ্মাণ ভঙাকে ভঙাৰ পতাকে পতাৰ যেন ধুম উঠিছে৷ ঋণত কক্‌বকাই থকা চৰকাৰে ১৫ মহলীয়া অত্যাধুনিক অট্টালিকাৰ ওপৰত নিৰ্মাণ কৰিব বিশাল হেলিপেড৷ অৰ্থাৎ মন্ত্ৰী-বিধায়কসকলে দিছপুৰৰ বিধায়ক ক’লনীৰ হেলিপেডতে হেলিকপ্টাৰ অৱতৰণ কৰোৱাব পাৰিব৷ লক্ষণীয়ভাৱে গুৱাহাটী যান-জঁট সমস্যা সমাধানৰ বাবেই এখনৰ পাছত  এখনকৈ উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰি আহিছে  মুখ্যমন্ত্ৰীয়ে৷ উৰণীয়া সেতু নিৰ্মাণৰ ফলত পূৰ্বৰ দৰে যান-জঁটৰ সমস্যাহোৱা নাই বুলিও সভা-সমিতিয়ে দাবী কৰি আহিছে খোদ মুখ্যমন্ত্ৰীয়ে৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ বিপৰীতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ বাবেহে মন্ত্ৰী-বিধায়ক আৰু ভি আই পি-ভি ভি আই পিৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক আৱাসত স্থায়ী হেলিপেড নিৰ্মাণ কৰা বুলিহে জানিবলৈ দিছে৷ কেৱল হেলিপেডেই নহয়, বিধায়ক আৱাসত থাকিব ছুইমিং পুলো৷ ইতিমধ্যে দিছপুৰৰ পুৰণি অসম আৰ্হিৰ বাংলোসমূহ ভাঙি পেলোৱাৰ লগতে ১৫ মহলীয়া অট্টালিকা নিৰ্মাণৰ নামত মূল্য়বান বহু গছ কাটি পেলাইছে৷ অৱশ্যে ঋণ লৈ বিধায়ক আৱাসৰ নামত হেলিপেড নিৰ্মাণ কৰা কাৰ্যক সমালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া নিজৰ কৰ্মৰ বাবে পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব, তেতিয়া সেই হেলিপেডৰ পৰা হেলিকপ্টাৰত উঠি পলায়ন কৰিব বুলিও সমালোচনা কৰিছে কংগ্ৰেছ বিধায়ক শইকীয়াই৷ সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়–‘বিধায়ক আৱাসত হেলিপেড অপ্ৰয়োজনীয় বুলি মই ভাবো৷ মুখ্যমন্ত্ৰীয়ে এফালে কয় যে ৰাজ্যৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন উঠাই দিম৷ ইয়াৰ অৰ্থ হ’ল অসমত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ কিন্তু আৰক্ষীয়ে বহু সময়ত এনে পৰিকল্পনাও কৰে  যদিহে কেতিয়াবা ভি আই পিক উদ্ধাৰ কৰিব লাগিলে, তেনেহ’লে ঘৰৰ কাষতে হেলিপেড থাকিলে ভাল হয়৷ এতিয়া যদিহে অসম আৰক্ষীয়ে অসম বিধানসভাৰ কতৃৰ্পক্ষই গোপনে এনে কিবা পৰামৰ্শয়ো দিছে মই সেই সন্দৰ্ভত জ্ঞাত নহয়৷ মুখ্যমন্ত্ৰীয়ে কোনো পৰিস্থিতিত তাৎক্ষণিকভাৱে তাৰ পৰা পলায়ন কৰাৰ বাবে আৰক্ষীয়ে হেলিপেডৰ পৰামৰ্শ দিলেও সেয়া মই নাজানো৷ নহ’লে জানো বিধায়ক আৱাসৰ ওপৰত হেলিপেডৰ প্ৰয়োজন আছে৷ ১৯৭২ চনত তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ সিংহই ইকৰাৰ বেৰা দিয়া ঘৰলৈ ৰাজধানী লৈ আনিছিল৷ বিগত বিধানসভা অধিৱেশনসমূহত আলোচনা হৈছিল যে এজাক বৰষুণ দিলেই আৱাসৰ ভিতৰত পানী সোমায়৷ ইয়াৰ পাছতেই আৱাসসমূহ আৰ চি চি কৰা কথা কোৱা হৈছিল৷ মই এই কথাখিনিক সমৰ্থন জনাও যদিও বিলাসবহুল হেলিপেড অপ্ৰয়োজনীয়৷