Logo
image

উক্তি-বক্ৰোক্তি

বিজেপিৰ কাম-কাজবোৰ দেখি আচৰিত হৈছোঁ৷ বিজেপি চৰকাৰে সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণ নকৰিলে৷ কিন্তু নতুন সংসদ ভৱনত অনুষ্ঠিত প্ৰথম অধিৱেশনলৈ বিজেপি চৰকাৰে এগৰাকী অভিনেত্ৰীক নিমন্ত্ৰণ জনালে৷ 

– কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে


সচেতন মানুহে কেতিয়াও মূল্যবৃদ্ধি হোৱা বুলি কোৱা নাই৷ 

– সাংসদ কামাখ্যা প্ৰসাদ তাছা


তোমালোকে অধিকাৰ কৰি ৰখা কাশ্মীৰ ত্যাগ কৰা৷ পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰহে অংগ৷ তোমালোকৰ কাম হৈছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা৷ পাক অধিকৃত কাশ্মীৰৰ পৰা তোমালোক ওলাই যোৱা৷ সেই অঞ্চলটো আমি নিৰাপদে ৰাখি সকলো বাসিন্দাকে সুৰক্ষা দিম৷ 

– ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথম সচিব পিতাল গেহলট


কংগ্ৰেছক যদি সোধা হয় গান্ধী পৰিয়াল ডাঙৰ নে ভাৰত ডাঙৰ– ইয়াৰ উত্তৰ তেওঁলোকে ততালিকে দিব নোৱাৰে৷ কিন্তু বিজেপিক যদি সোধা হয় ভাৰত ডাঙৰ নে বিজেপি ডাঙৰ, তেন্তে তেওঁলোকে বুকু ফিন্দাই  ক’ব– ভাৰত ডাঙৰ৷

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


নতুন পাৰ্লিয়ামেণ্ট ভৱনটো দেখি এনে লাগিছে, এইটো  মোদী মাল্টিপ্লেক্স বা মোদী মেৰিয়ট বুলি নাম দিব পাৰি৷ সংসদ ভৱনটোৰ কাৰুকাৰ্য দেখি তেনে অনুভৱেই হৈছে৷ 

– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ


এটা শিৱশক্তি পইণ্ট চন্দ্ৰত, আন এটা শিৱশক্তি পইণ্ট কাশীত৷ মই আজি ভাৰতৰ চন্দ্ৰ অভিযান বিজয়ৰ বাবে পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ৷ 

–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


‘ইণ্ডিয়া’ৰ চৰকাৰ গঠন হ’লে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী  হ’ব৷ কিয়নো কংগ্ৰেছৰ নেতৃত্বত ‘ইণ্ডিয়া’ গঠন হৈছে৷

– কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন


মৰুদেশৰ উদ্যোগ আৰু বাণিজ্যমন্ত্ৰী দেখাত ‘কিউট’, এইখন দেশত বাণিজ্য ক্ষেত্ৰৰ সকলোৱেই মোৰ ভাই-ভনী৷

– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী