Logo
image

২ লাখ নিবনুৱালৈ অৰ্থসাহায্য, প’ৰ্টেল মুকলি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ছেপ্টেম্বৰঃ ‘চৰকাৰৰ পৰা ২ লাখ টকা লৈ বাইক, বুলেট, ম’বাইল কিনি নষ্ট কৰিলে আন চৰকাৰী আঁচনিৰ সুবিধা বা চাকৰি নাপাব৷’–দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩’ৰ শুভাৰম্ভ কৰি ঋণ লাভ কৰিবলগীয়া নিবনুৱা যুৱক-যুৱতীক এনেদৰে সকীয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে৷  উল্লেখ্য যে অসম যুৱক-যুৱতীসকলক নিয়োগ সৃষ্টিকাৰী ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ এক মহৎ পদক্ষেপ হিচাপে  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতাভৱনস্থিত মুখ্যমন্ত্ৰী সভাগৃহত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩’ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে ইয়াৰ পঞ্জীয়ন পৰ্টেলো মুকলি কৰে৷ এই অভিযানৰ জৰিয়তে ৰাজ্যত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টিৰ পোষকতাৰে ২ লাখ যুৱক-যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়াই সফলতাৰ বাটেৰে আগুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে৷ এই আচঁনিৰ উদেশ্য হ’ল শিক্ষিত যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যত এক শক্তিশালী উদ্যোগিক পৰিবেশ সৃষ্টি কৰা৷ এই আঁচনিখনৰ জৰিয়তে নতুন উদ্যোগ স্থাপনৰ লগতে বিদ্যমান উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ জৰিয়তে নিয়োগ সৃষ্টি কৰাৰ উপৰি সেই প্ৰতিষ্ঠান সমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰিব বিচৰা হৈছে যাতে তেওঁলোকে ৰাজ্যৰ বিকাশত অৰিহণা যোগাব পাৰে৷ তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ বেংকৰ সংযোগৰ জৰিয়তে মূলধনৰ পৰিমাণ বৃদ্ধি কৰা আদি বিভিন্ন বিষয় এই আঁচনি খনত অন্তৰ্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই আচঁনিৰ অধীনত দুটা শাখাত নিবনুৱা যুৱক-যুৱতীসকলক ভাগ কৰা হৈছে৷ অভিযান্ত্ৰিক, কৃষি, পশুপালন, মীন আদি পেছাদাৰী পাঠ্যক্ৰমৰ স্নাতক ডিগ্ৰী লাভ কৰা নিবনুৱা সকলক প্ৰথম শাখাত অন্তৰ্ভূক্ত কৰা হয় আৰু তেওঁলোকক ৫ লাখ টকা আৰু ডিপ্লমা, আই টি আই আদিৰ লগতে সাধাৰণ শ্ৰেণীৰ নিবনুৱা সকলক দ্বিতীয় শাখাত অন্তৰ্ভূক্ত কৰি তেওঁলোকক ২ লাখ টকা প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰথম শাখাৰ নিবনুৱা সকলক প্ৰদান কৰা ৫ লাখ টকাৰ ২.৫ লাখ টকা এককালীন অনুদান হিচাপে প্ৰদান কৰাৰ লগতে বাকী অংশ চৰকাৰক ঘূৰাই দিব লাগিব৷ ঘূৰাই দিব লগা ধনৰাশি পাঁচ বছৰৰ পিছত ৫০০০ হাজাৰ টকাকৈ ঘূৰাই দিব লাগিব৷ চৰকাৰে দিয়া ধনৰাশিৰ বাবে কোনো ধৰণৰ সুত লোৱা নহব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় শাখাত অন্তৰ্ভূক্ত নিবনুৱা সকলক প্ৰদান কৰা ২ লাখ টকাৰ এক লাখ টকা এককালীন অনুদান হিচাপে প্ৰদান কৰাৰ লগতে বাকী অংশ চৰকাৰক ঘূৰাই দিব লাগিব৷ এই ধনৰাশি পাঁচ বছৰৰ পিছত ২০০০ টকাকৈ প্ৰতিমাহে ঘূৰাই দিব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ বাবে চৰকাৰে কোনো ধৰণৰ সুদ প্ৰযোজ্য নকৰে আৰু এই ধন ৰাশি এবছৰ ভিতৰত তেওঁলোকে আৰম্ভ কৰা ব্যৱসায়ত সঠিক ব্যৱহাৰ কৰাৰ পাছত তেওঁলোকে বাকী ধনৰাশিৰ বাবে পৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰিব৷ চৰকাৰে দিয়া ধনৰাশি সঠিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক তৃতীয় প্ৰতিস্থানৰ দ্বাৰা পৰীক্ষণ কৰাৰ ব্যবস্থা কৰা হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনি অধীনত প্ৰথম শাখাৰ অন্তৰ্গত ৫০০০ গৰাকী নিবনুৱাক প্ৰদান কৰাৰ বিপৰীতে বাকী অংশ দ্বিতীয় শাখাত অন্তৰ্ভূক্ত নিৱনুৱা সকলক প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে সময়ে সময়ে চৰকাৰী চাকৰি মুকলি কৰি থাকিব আৰু ২০২৬ চনলৈ এই প্ৰক্ৰিয়া অব্যাহত থাকিব৷ এই আচঁনিৰ অধীনত ২৮ বছৰৰ তলৰ লোক সকলক অন্তৰ্ভুক্ত কৰিব বিচৰা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে সাধাৰণ শ্ৰেণীৰ নিবনুৱা সকলৰ বয়স ২৮ ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত হোৱাৰ বিপৰীতে অনুসূচীত জাতি, অনুসূচীত জনজাতি নিবনুৱা সকলৰ বাবে বয়স ২৮ ৰ পৰা ৪৩ বছৰ বয়সৰ ভিতৰত হব লাগিব৷ সমষ্টি বা জিলা ভিতিত এই আচঁনিৰ বাবে আৱেদনকাৰীৰ নিৰ্বাচন নহ’ব আৰু ৰাজ্যিক প্ৰৰ্যায়ত এই আচঁনিৰ বাবে আবেদন কৰা সকলক নিৰ্বাচন কৰা হ’ব বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আবেদনকাৰীসকলৰ সুবিধা হ’বপৰাকৈ পৰ্টেলত ১৫০ ৰ পৰা ২০০ টা পৰ্যন্ত বিভিন্ন ব্যৱসায় পৰিকল্পনা উপলব্ধ থাকিব৷ নিৰ্বাচিত লোক সকলৰ সুবিধা হোৱাকৈ তেওঁলোকক বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁলোকক অসমত প্ৰশিক্ষণ ল’লে ৫০০০ হাজাৰ টকাকৈ আৰু অসমৰ বাহিৰত প্ৰশিক্ষণ ল’লে ১০,০০০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব৷ যিহেতু এই ধনৰাশি চৰকাৰৰ ফালৰ পৰা দিয়া হ’ব ইয়াত বেংকৰ সংযোগৰ কথা নাথাকিব আৰু সেয়ে তেওঁলোকে তেঁওলোকৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বেংকৰ পৰা অতিৰিক্ত ঋণ লব পাৰিব বুলিও মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ বাবে আৱেদন কৰিবলৈ তেঁওলোকৰ নামসমূহ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ’ব লাগিব৷ তদুপৰি তেওঁলোকৰ ৩১ ডিচেম্বৰ ২০২৩ ৰ আগতে খোলা বেংক একাউণ্ট থাকিব লাগিব৷ এই ধনৰাশি যি সকলে অপব্যৱহাৰ কৰিব তেওঁলোকে ভৱিষ্যতে সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও কয়৷ এই আচঁনিৰ বাবে আজিৰ পৰা ৪৫ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰিব৷ এই আচঁনিৰ অধীনত প্ৰথম পৰ্যায়ত এক লাখ নিবনুৱাক প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম ২০২৩ সংযোজনে ৰাজ্য খনৰ বিকাশৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলে যাতে ব্যৱসায়িক দিশত আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকৰ মনত উদয় হোৱা প্ৰশ্ন সমিধান লাভ কৰিব পাৰে তাৰ বাবে এক কল চেণ্টাৰো মুকলি কৰা হ’ব৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ যোগেন মহন, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে৷