Logo
image

ৰাজ্যত বিস্কুট, চিমেণ্ট, পেট্ৰ’ উদ্যোগৰ বিনিয়োগ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ছেপ্টেম্বৰঃ ‘অসমত উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী উদ্যোগীৰ ভূমিৰ ক্ৰয়, পঞ্জীয়নৰ কাম ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব৷ উদ্যোগ স্থাপনৰ বাবে আন প্ৰাৰম্ভিক কাম-কাজ ‘হিউমেন ইণ্টাৰফিয়াৰেন্স’ অবিহনে সহজতে হ’ব লাগিব৷ কিবা কাগজ পত্ৰ চৰকাৰীভাৱে পৰীক্ষা কৰিবলগীয়া থাকিলে ৰিনিউৱেলৰ সময়তহে কৰা হ’ব৷ অসমক আমি এক সৰ্ব দিশত ‘ইজ অব ডুৱিং’ ৰাজ্যলৈ ৰূপান্তৰিত কৰিব বিচাৰিছো৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দিছপুৰৰ জনতা ভৱনত অসম চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ মাজত ৩,১১৪ কোটি টকাৰ এক বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে ৰাজ্যখনত ৩,১১৪ কোটি টকা বিনিয়োগেৰে বৃহৎ ঔদ্যোগিক পাৰ্ক স্থাপনৰ বাবে  জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ উদ্যোগ বিভাগ আৰু ছটাকৈ ব্যক্তিগত খণ্ডৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত হাতিঘূলী বাগিছা গাঁৱত ১০০ কোটি টকা বিনিয়োগেৰে পঞ্চতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে অসম পৰ্যটন উন্নয়ন নিগম [এ টি ডি চি] আৰু জেনিপ্ৰ’ হোটেলছ্‌ প্ৰাইভেট লিমিটেডৰ মাজত ভূমি লীজ চুক্তি এখনো স্বাক্ষৰিত হয়৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি তিনি হাজাৰ কোটি টকা পৰ্যন্ত বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰিত হোৱাটোৱে অসমক দেশৰ অন্যতম ঔদ্যোগিক ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত আগুৱাই যোৱাৰ ইংগিত বহন কৰে৷ এই বছৰ ব্যক্তিগত খণ্ডৰ কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে হোৱা কেইবাহাজাৰ কোটি টকা বিনিয়োগৰ চুক্তিসমূহ বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান প্ৰায় ১০ হাজাৰ কোটি টকা ঔদ্যোগিক বিনিয়োগৰ প্ৰস্তাৱসমূহৰ সন্দৰ্ভত উচ্ছ পৰ্যায়ৰ সমিতিয়ে অধ্যয়ন চলাই আছে৷ তেওঁ লগতে কয় যে ৰাজ্যখনত বিনিয়োগৰ প্ৰক্ৰিয়াটো যাতে অধিক খৰতকীয়া কৰিব পৰা যায় তাৰ বাবে ৰাজ্য চৰকাৰে উচ্ছস্তৰীয় সমিতি গঠন কৰিছে৷  আজি স্বাক্ষৰিত বুজা-বুজিৰ চুক্তিসমূহ ৰাজ্যখনৰ বাবে এক ঐতিহাসিক বিষয় বুলি উল্লেখ কৰি  মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যতঃ আজি ৰাজ্যত বিস্কুট, চিমেণ্ট, পেট্ৰ’ উদ্যোগৰ নতুন বিনিয়োগ হ’ব৷ মেচাৰ্চ কেছাৰ পেট্ৰ’প্ৰডাক্টছ্‌ৰ ২ হাজাৰ কোটি টকাৰ বিনিয়োগে প্ৰায় ২০০ প্ৰত্যক্ষ আৰু প্ৰায় ১৮০০ পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব৷ আনহাতে, লংছপেন ষ্ট্ৰাকচাৰ্ছৰ ১২৯ কোটি টকাৰ বিনিয়োগে ২২০ টা প্ৰত্যক্ষ আৰু ১৮০ টা পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰিব৷ একেদৰে মেচাৰ্চ এছ বি এল বিস্কুতৰ ১৩৯ কোটি টকা, মেচাৰ্চ উমৰাংছু [ইণ্ডিয়া] চিমেণ্ট এল এল পিৰ ২৮৫ কোটি টকা, মেচাৰ্চ ছুনিট ব্ৰুবেৰীজৰ ১৫১ কোটি টকা আৰু মেচাৰ্চ জেৰিক’ৰ ৪১০ কোটি টকাৰ বিনিয়োগে আন বহু নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৯ চনৰ পৰা ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ ধাৰাটো যিধৰণে অব্যাহত আছে ইয়াৰ ফলত আগন্তুক ১৮ মাহৰ ভিতৰত বিনিয়োগে ৫০ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিব৷ তেওঁ লগতে কয় যে এতিয়াৰ পৰা আগন্তুক ২-৩ বছৰৰ ভিতৰত ব্যক্তিগত খণ্ডৰ সামগ্ৰিক বিনিয়োগে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিব৷ ৰাজ্যখনৰ এক দশক বা তাৰ আগৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশৰ আভাষ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান ৰাজ্যখনত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে৷ এনে পৰিৱেশৰ প্ৰেক্ষাপটত অসমক নিৰাপদ গন্তব্য স্থান হিচাপে গণ্য কৰি ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীসকল আগবাঢ়ি আহিছে৷ ব্যক্তিগতখণ্ডৰ বিনিয়োগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে৷ তেওঁ কয় যে বিনিয়োগকাৰীসকলে আগবঢ়োৱা প্ৰস্তাৱ আৰু অনুৰোধ যাতে কোনো কাৰণতে পলম নহয় সেই দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ব্যক্তিগত খণ্ডক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ৷ বিনিয়োগকাৰীসকলৰ প্ৰস্তাৱসমূহ প্ৰক্ৰিয়াকৰণত পলম হ’লে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিবলৈ সম্ভাব্য বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ অসম চৰকাৰৰ সৈতে বুজা-বুজিৰ চুক্তিত স্বাক্ষৰ কৰা উদ্যোগসমূহৰ প্ৰতিনিধিসকলৰ উপৰি আজিৰ এই অনুষ্ঠানত উদ্যোগ মন্ত্ৰী বিমল বড়া, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ আৰু অতিৰিক্ত মুখ্য সচিব ৰবী কোটা উপস্থিত থাকে৷