Logo
image

কংগনাৰ বিৰুদ্ধে চমন জাৰিৰ নিৰ্দেশ আদালতৰ

জাভেদ আখতাৰৰ মানহানি গোচৰক লৈ বিপদত অভিনেত্ৰী

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ সোমবাৰে মুম্বাইৰ এখন মেট্ৰ’পলিটান আদালতে অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে চমন জাৰিৰ নিৰ্দেশ দিছে৷ গীতিকাৰ, লেখক জাভেদ আখতাৰৰ মানহানিৰ গোচৰৰ আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন চালি-জাৰি চাই চমন জাৰিৰ নিৰ্দেশ দিয়ে আদালতে৷ এটা সাক্ষাৎকাৰত ইচ্ছাকৃতভাৱে বৰ্ষীয়ান গীতিকাৰজনৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল কংগনা ৰাণাৱটে৷ ভালেসংখ্যক শিল্পীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেলৰ মঞ্চত জাভেজ আখতাৰৰ বিৰুদ্ধে মানহানিকৰ মন্তব্য দিয়াৰ বাবে বিগত বৰ্ষৰ নৱেম্বৰ মাহত কংগনাৰ বিৰুদ্ধে আন্ধেৰীৰ ন্যায়াধীশ আদালতত মানহানিৰ গোচৰ দিয়া হৈছিল৷ বিগত ৩ ডিচেম্বৰত আদালতৰ সন্মুখত এই গোচৰৰ জবানবন্দী দিছিল জাভেদ আখতাৰে৷ ইয়াৰ পাছতে আদালতৰ পৰা জুহু আৰক্ষীক বিষয়টো সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছিল৷ সোমবাৰে আদালতত প্ৰতিবেদন দাখিল কৰে মুম্বাই আৰক্ষীয়ে৷ তাৰে ভিত্তিতে চমন জাৰিৰ নিৰ্দেশ দিছে আদালতে৷