Logo
image

মেদবহুলতা! বিএমআই পৰীক্ষাত ১,৭৪৮ আৰক্ষী ব্যৰ্থ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ছেপ্টেম্বৰঃ অসম আৰক্ষীত নাথাকিব পেটুৱা, মেদবহুল বিষয়া-জোৱান৷ মেদবহুল আৰক্ষীৰ ফিটনেছ পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ফলাফল তালিকা ৰাজহুৱা কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ অসম আৰক্ষীক কৰ্ম দক্ষ অৰ্থাৎ শাৰিৰীকভাৱে সক্ষম কৰি ৰখাৰ লক্ষ্যৰে এপষেক ধৰি চলোৱা বডী মাছ ইনডেক্স চমুকৈ বি এম আই টেষ্টিঙৰ শনিবাৰে ফলাফল প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে৷ মেদবহুল আৰক্ষীক স্বেচ্ছামূলক অৱসৰৰ দিয়াৰ বাবে অসম আৰক্ষীৰ ৭০,১৬১জন বিষয়া-জোৱানৰ বি এম আইৰ টেষ্টত ১,৭৪৮ জন আৰক্ষী ব্যৰ্থ হৈছে৷ অৰ্থাৎ স্মাৰ্ট অসম আৰক্ষীৰ ২.৪৭ শতাংশ বিষয়া-জোৱানৰ বডী মাছ ইনডেক্স ৩০ তকৈ অধিক ধৰা পৰিছে৷ অৱশ্যে সদ্যহতে এইসকল মেদবহুল আৰক্ষীক ভি আৰ এছ দিয়া নহয় যদিও বি এম আই টেষ্টত অনুত্তীৰ্ণ ১,৭৪৮ জন আৰক্ষীক এতিয়া চৰকাৰী মেডিকেল কলেজত স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰয়োজনীয় পুষ্টিৰ বাবে চিকিৎসা প্ৰদান কৰা হ’ব৷ ইয়াৰ পাছতেই তিনিমাহৰ অন্তত এইসকল ব্যৰ্থ বিষয়া-জোৱানক দ্বিতীয়বাৰৰ বাবে বি এম আই টেষ্টৰ সুযোগ দিয়া হ’ব বুলিও ঘোষণা কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ আৰক্ষী সঞ্চালক প্ৰধানজনে লগতে অনাগত দিনত ফিট অসম আৰক্ষীক দেখা পোৱাৰ আশা ব্যক্ত কৰি ফিটনেছ উন্নত কৰাৰ বাবে অবিৰত অভিযান অব্যাহত থাকিব বুলিও সামাজিক মাধ্যমযোগে স্পষ্ট কৰি দিছে৷ উল্লেখ্য, পেটুৱা বিষয়া-জোৱানৰ বাবেই বিভিন্ন সময়ত অসম আৰক্ষীয়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে৷ নিশা হেণ্ডকাফসহ পলায়ন কৰা অভিযুক্তক ধৰিবলৈ পিছে পিছে খেদি যোৱাৰ পাছতো মেদবহুল পেটুৱা পুলিচে কৰায়ত্ত কৰাত ব্যৰ্থ হোৱাৰ বাবেই এনকাউণ্টাৰ কৰে বুলিও দুনাম আছে৷ সেয়েহে ফিটনেছ নথকা আৰক্ষীক ভি আৰ এছ দিয়াৰ উদ্দেশ্যেৰে বি এম আই ৩০ তকৈ অধিক থকা মেদবহুল আৰক্ষীক চিনাক্ত কৰাৰ বাবেই গৃহ বিভাগে এই পৰীক্ষাৰ ব্যৱস্থা কৰে৷ অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ স্বাৰ্থতে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে ১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ অনুষ্ঠিত হয় বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং৷ মেদবহুল হৈ পৰা আৰক্ষীৰ লোকসকলক নিজকে ফিট ৰখাৰ বাবে পূৰ্বে দিয়া সময়সীমাৰ অন্ত পৰাৰ পাছত আৰম্ভ হয় বি এম আই পৰীক্ষা৷ ৰাজ্যৰ ৩৫ টা স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছিল৷ গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজেই বি এম আই পৰীক্ষাৰ সন্মুখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভণী কৰিছিল৷ বি এম আই পৰীক্ষাত সম্পূৰ্ণ ফিট হিচাপে আৰক্ষী সঞ্চালক প্ৰধান বি এম আই ৩০ ৰ শাখাৰ অন্তৰ্ভুক্ত হৈছিল৷ উল্লেখ্য, এই পৰীক্ষা উচ্ছতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়৷ সেই সময়ত সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উল্লেখ কৰিছিল যে এই পৰীক্ষাৰ পাছত ৩০ প্লাছ বি এম আই থকাসকলক দেৰগাঁও ট্ৰেইনিং চেণ্টাৰলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হ’ব৷ এমাহৰ পৰা তিনি মাহলৈ চলিব এই প্ৰশিক্ষণ৷ পৰ্যায়ক্ৰমে অসম আৰক্ষীৰ লোকসকলক সম্পূৰ্ণ ৰূপে ফিট কৰি তোলা হ’ব৷