Logo
image

আই পি এলৰ দৰে বাকী খেলৰ লীগ জনপ্ৰিয় হ’বনে?

ভাৰতে এই পৰ্যন্ত এদিনীয়া ক্ৰিকেটত দুবাৰ আৰু টি-২০ ক্ৰিকেটত এবাৰ বিশ্ব চেম্পিয়ন হৈছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে দুয়োবাৰেই ফাইনেল খেলিছে যদিও এবাৰ নিউজীলেণ্ড আৰু এবাৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছে৷ টি-২০, এদিনীয়া ক্ৰিকেট আৰু টেষ্ট মেছ আটাইকেইটাতে আই চি চিৰ ৰেংকিঙত ভাৰতে বহুবাৰ শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতে বিগত প্ৰায় তিনি দশকজুৰি বিশ্বৰ ক্ৰিকেট খেলা দেশসমূহৰ ভিতৰত এক শক্তিশালী দলৰূপে পৰিগণিত হৈ আছে আৰু কোটি কোটি ভাৰতীয় দৰ্শকে ক্ৰিকেট খেলৰ লগতে খেলুৱৈসকলকো অতি প্ৰিয় বুলি গণ্য কৰিছে৷ বিশ্বৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱানৰ ৰূপে কোটি কোটি লোকে বিবেচনা কৰে– তেওঁ ক্ৰিকেট ত্যাগ কৰা কেইবাবছৰো হৈ গ’ল যদিও আজিও তেওঁ দেশৰ অন্যতম গ্লেমাৰাছ ব্যক্তি; বহুতৰে নয়নৰ মণি৷ ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেণ্ডুলকাৰক দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰত ৰত্নও আগবঢ়োৱা হৈছে৷ তেণ্ডুলকাৰৰ ঠিক পিছে পিছে ৰাহুল দ্ৰাবিড়, সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনি, যুৱৰাজ সিং, কপিল দেৱ, গাভাস্কাৰ আদি বহু খেলুৱৈ আজিও অগণন ভাৰতীয় লোকৰ মাজত অতি জনপ্ৰিয়৷ বিৰাট কোহলি, ৰোহিত শৰ্মা প্ৰমুখ্যে বৰ্তমান দেশৰ জাতীয় দলত খেলি থকা খেলুৱৈসকল নৱ-প্ৰজন্মৰ পৰা বয়স্ক লোক সকলোৰে প্ৰিয়৷ অন্য ক্ৰীড়াবিদৰ তুলনাত ক্ৰিকেটৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ বাবে ভাৰতৰ জাতীয় দলৰ হৈ খেলা জনপ্ৰিয় খেলুৱৈসকল এডভাৰটাইজমেণ্ট বজাৰ, কৰ্পৰেট গোষ্ঠী, ৰাজনৈতিক নেতা-মন্ত্ৰী, মিডিয়া, ব্যৱসায়িক প্ৰতিষ্ঠান সকলোৰে অতি আদৰৰ৷ দেশৰ গাঁৱে-ভূঞে, নগৰে-চহৰে ক্ৰিকেট সকলোৰে বাবে প্ৰিয় হৈ পৰাৰ বাবে ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় খেলা সা-সামগ্ৰী আৰু অন্যান্য আন্তঃগাঁথনিক লৈ এখন বৃহৎ বজাৰৰো সৃষ্টি হৈছে৷ সামগ্ৰিকভাৱে ভাৰত ক্ৰিকেটৰ ভূ-স্বৰ্গৰূপে পৰিগণিত হোৱাৰ বাবে ২০০৮ চনৰ পৰা ললিত মোদীয়ে আৰম্ভ কৰা টি-২০ লীগ আই পি এল আজিৰ দিনত বিশ্বৰ সমূহ স্প’ৰ্টিং ইভেণ্টৰ ভিতৰত আটাইতকৈ বেছি মূল্যৰ৷ ডিজিটেল চৰ্ত বিক্ৰীৰ দিশৰ পৰাও আই পি এলে শীৰ্ষস্থান লাভ কৰিছে৷ যোৱা বছৰত আই পি এলৰ বজাৰ দৰ আছিল ৮৭,০০০ কোটি৷ সম্প্ৰতি আই পি এলৰ নতুন মূল্যায়নমতে এইবাৰ বজাৰ দৰ ৬ শতাংশ বৃদ্ধি পাই ভাৰতীয় মুদ্ৰাত হৈছেগৈ প্ৰায় ৯২,৫০০ কোটি টকা৷ আই পি এলৰ এটা দল মুম্বাই ইণ্ডিয়ানছৰে বজাৰ দৰ ৩,৭৪৩ কোটি টকা৷ আই পি এলত নতুনকৈ অন্তৰ্ভুক্ত হোৱা দুটা দলে দুবছৰতে মূল উঠোৱাৰ লগতে বৰ্তমান লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ অৱধাৰিতভাৱে ইয়াৰ বাবে এচাম বিনিয়োগকাৰী, বি চি চি আই লাভান্বিত হৈছে যদিও সমান্তৰালকৈ বহু উদীয়মান ক্ৰিকেটাৰ আৰু ক্ৰিকেটৰ লগত জড়িত বিভিন্ন উদ্যোগ, নিৰ্মাণকাৰী প্ৰতিষ্ঠান, আনুষংগিক উদ্যোগ ব্যৱসায়িকভাৱে উপকৃত নোহোৱাকৈ থকা নাই৷ তদুপৰি আই পি এলত ধাৰাবাহিকভাৱে ভাল খেল প্ৰদৰ্শন কৰা কেইবাজনো খেলুৱৈৰ জাতীয় দলত স্থান লাভ কৰাৰ পথো প্ৰশস্ত হৈছে৷ উল্লেখ্য বিশ্বৰ মাত্ৰ কেইবাখনমান দেশৰ ভিতৰতে সীমাবদ্ধ থকা ক্ৰিকেট খেলৰ লগতে ভাৰতে হকী, বেডমিণ্টন, বক্সিং, মল্লযুঁজ, ভাৰত্তোলন, জেভলিন থ্ৰ’ আদি কেইবাবিধ আন্তঃৰাষ্ট্ৰীয়ভাৱে অতি জনপ্ৰিয় খেলত ভাল ফলাফল প্ৰদৰ্শন কৰিছে যদিও এইবোৰ খেলৰ তাৰকাসকলৰ এডভাৰটাইজমেণ্ট বজাৰখনত জনপ্ৰিয়তা ক্ৰিকেটাৰসকলৰ তুলনাত বহু কম৷ অলিম্পিক চেম্পিয়ন, বিশ্ব চেম্পিয়ন হোৱাৰ পাছতো জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ গ্লেমাৰৰ জগতখন ক্ৰিকেটাৰসকলৰ সমকক্ষ নহয়৷ বেডমিণ্টনত কেইবাটাও অলিম্পিক পদক লাভ কৰা পি  ভি সিন্ধুৰ জনপ্ৰিয়তা আছে যদিও ক্ৰিকেটাৰৰ দৰে নহয়৷ আই পি এলৰ দৰে লীগ এতিয়া ফুটবল, বেডমিণ্টন, টেনিছ, ভলীবল, কাবাডী, টেবুল টেনিছ, হকী আদিলৈকো প্ৰসাৰিত হোৱাটো এক শুভলক্ষণ আৰু ইয়াৰ জৰিয়তেও কিছু পৰিমাণে নতুন ভাল খেলুৱৈ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ সাম্প্ৰতিক কালত ক্ৰীড়াত দক্ষতা প্ৰতিপন্ন কৰাৰ যোগেদিয়েও এখন ৰাষ্ট্ৰই বিশ্ব প্ৰেক্ষাপটত সমীহ আদায় কৰিব পাৰে৷ ভাৰতেও এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে হকী, বেডমিণ্টনকে ধৰি বহুবিধ খেলত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ লৈছে৷ এই ক্ষেত্ৰত পেছাদাৰিত্বৰে প্ৰয়োগ কৰা লীগসমূহেও অৰিহণা যোগাবলৈ সক্ষম হৈছে৷ ফুটবলৰ ক্ষেত্ৰত হোৱা লীগ আই এছ এলৰ প্ৰায় প্ৰতিটো দলতে অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ খেলুৱৈসকলে স্থান লাভ কৰিছে৷ ইয়াৰ ফলত উত্তৰ-পূবত ফুটবলৰ জনপ্ৰিয়তা আৰু বৃদ্ধি পাইছে৷ ক্ৰিকেটৰ দৰে বাকী খেলসমূহলৈকো পৰিৱৰ্তন আনিবলৈ হ’লে গ্ৰাম্য পৰ্যায়, জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায়, ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সকলোবোৰ খেল পৰিকল্পিতভাৱে আয়োজন কৰাৰ সময় সমাগত৷ ইয়াৰ মাজতে পেছাদাৰী লীগসমূহেও ক্ৰীড়াৰ উত্তৰণত অৰিহণা যোগাব৷