Logo
image

৭ অসমীয়াৰ লক্ষ্যভেদৰ সংকল্প

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ ছেপ্টেম্বৰঃ চীনৰ হাংঝৌত এছিয়ান গেমছত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰা সাত অসম সন্তানৰ অন্যতম শিৱাংগী শৰ্মাই প্ৰতিযোগিতাৰ প্ৰথম দিনটোতে ফাইনেলত প্ৰৱেশ কৰি ৰাজ্যলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দেশৰ আগশাৰীৰ সন্তৰণবিদ শিৱাংগী শৰ্মাই মহিলাৰ ৪X১০০ মিটাৰ ফ্ৰিষ্টাইল ৰীলেত আন তিনি সতীৰ্থৰ সৈতে ফাইনেলত প্ৰৱেশ কৰিছে৷ শিৱাংগী শৰ্মা আৰু অলিম্পিয়ান মানা পেটেল, ধিনিঢি ডেছিংগু আৰু জাহ্নৱী চৌধুৰীয়ে ছেমি ফাইনেলত  ৩ঃ৫৩.৮০ মিনিট সময় লৈ দহটা দলৰ এই শাখাত ষষ্ঠস্থান অৰ্জন কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷ ইপিনে দেশৰ হৈ পদক অৰ্জনৰ পূৰ্ণ সম্ভাৱনা থকা অসমৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে এখন মেচত জয়লাভ কৰিলেই পদক নিশ্চিত কৰিব৷ কিয়নো সম্প্ৰতি মিডলৱেইট শাখাৰ বিশ্ব চেম্পিয়ন লাভলীনা  বৰগোহাঁয়ে প্ৰথমখন মেচত ‘বাই’ লাভ কৰিছে৷ ফলত তেওঁ হাংঝৌ এছিয়াডৰ প্ৰাৰম্ভিক মেচখন নেখেলাকৈয়ে পোনে পোনে কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ লাভ কৰিছে৷ লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব দক্ষিণ কোৰিয়াৰ ছেয়ং ছুইয়েনৰ বিৰুদ্ধে৷ মহিলাৰ মিডলৱেইট বা ৭০ কেজি ওজন শাখাত লাভলীনাৰ কোৱাৰ্টাৰ ফাইনেল মেচ আছে অহা ৩০ ছেপ্টেম্বৰত৷ বিগত বিশ্ব চেম্পিয়নশ্বিপৰ পৰা নিজৰ ওজন শাখা সলনি কৰা লাভলীনাই ৱেল্টাৰৱেইটৰ পৰা মিডলৱেইটত প্ৰতিদ্বন্দ্বিতা কৰিয়েই বিগত বিশ্ব চেম্পিয়নশ্বিপত সফলতা লাভ কৰিছিল৷  বিশ্ব চেম্পিয়নশ্বিপৰ পাছত হাংঝৌ এছিয়াডেই লাভলীনাৰ বাবে বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা৷ হাংঝৌ এছিয়াডত উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জাতীয় দলটোক নেতৃত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় পতাকা কঢ়িওৱা লাভলীনাই এই প্ৰতিযোগিতাত তেওঁৰ প্ৰথমখন মেচৰ পূৰ্বে অনুশীলন আৰু পৰিৱেশৰ সৈতে অভ্যস্ত হৈ পৰিবলৈ যথেষ্ট সময় লাভ কৰিছে৷ সেয়ে মেচৰ পূৰ্বে প্ৰয়োজনীয় অনুশীলন কৰি লাভলীনাই ভাৰতক এটা এছিয়াডৰ পদক দিব বুলি আশা কৰা হৈছে৷ প্ৰসংগতঃ, লাভলীনাৰ  অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত দুৰ্দান্ত সাফল্য থাকিলেও এতিয়ালৈকে তেওঁৰ এছিয়ান গেমছত কোনো সাফল্য নাই৷ এইবাৰ লাভলীনাৰ পৰা দেশে আৰু তেওঁৰ গৃহৰাজ্যৰ  ক্ৰীড়াপ্ৰেমীয়ে নিশ্চিতভাৱে এটা স্বৰ্ণ পদক আশা কৰিছে৷ উল্লেখ্য কৰিব পাৰি, ১৯৬৬ চনত ভোগেশ্বৰ বৰুৱাই বেংকক এছিয়াডত ৮০০ মিটাৰ দৌৰত অৰ্জন কৰা স্বৰ্ণ পদকৰ বাহিৰে অসমৰ আৰু আন কোনো এছিয়াডৰ ব্যক্তিগত স্বৰ্ণ পদক নাই৷ বিগত জাকাৰ্তা এছিয়াডত মহিলাৰ ৪০০ মিটাৰত হিমা দাসে ৰূপৰ পদকহে লাভ কৰিছিল৷ আনহাতে তেওঁ লাভ কৰা দুটা স্বৰ্ণ পদক হৈছে দলীয় শাখাৰ, ক্ৰমে– ৪X৪০০ মিটাৰ মিক্স্‌ড আৰু মহিলা ৰীলেৰ৷ এইবাৰ অৱশ্যে হাংঝৌ এছিয়াডলৈ হিমা দাসে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল৷

হিমা নাথাকিলেও হাংঝৌ এছিয়াডত অসমৰ মুঠ সাতজন ক্ৰীড়াবিদে প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা অৰ্জন কৰিছে৷ স্বাভাৱিকতে এয়া অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে অতি আশাৰ বতৰা৷ সাঁতোৰত শিৱাংগী শৰ্মা আৰু মহিলাৰ বক্সিঙত লাভলীনা বৰগোহাঁইৰ উপৰি পুৰুষৰ এথলেটিকছৰ ২০০ মিটাৰত অম্লান বৰগোঁহাই, পুৰুষৰ বক্সিঙত শিৱ থাপা, মহিলা বেডমিণ্টনত অস্মিতা চলিহা, মহিলাৰ ক্ৰিকেটত উমা ছেত্ৰী আৰু মহিলা চেপক টাক্ৰোত প্ৰিয়া দেৱীয়ে হাংঝৌ এছিয়াডত প্ৰতিদ্বন্দ্বিতা কৰিব৷ দেওবাৰে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে ছেমি ফাইনেলত বাংলাদেশক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷ দলত থাকিলেও অৱশ্যে দেওবাৰৰ ছেমিফাইনেলত উমা ছেত্ৰী মূল একাদশত নাছিল৷ অৱশ্যে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ এই সাফল্যৰ অংশীদাৰ হিচাপে উমা ছেত্ৰীও বিবেচিত হ’ব৷ অসমৰ এই সাত ক্ৰীড়াবিদৰ বাকী চাৰিজনৰ মেচ দেৰিকৈ আৰম্ভ হ’ব৷ সকলোৰে ভিতৰত দৃষ্টি কাঢ়ি আছে অম্লান বৰগোঁহায়ে৷ হাংঝৌ এছিয়াডত অসমৰ অম্লান ‘ডাৰ্ক হৰ্ছ’ হিচাপে বিবেচিত হৈছে৷ দেশৰ সাম্প্ৰতিক সময়ৰ দ্ৰুততম মানৱ অম্লানৰ বাবে এছিয়ান গেমছৰ পদক লাভ কৰাটো দুৰূহ কিন্তু অসম্ভৱ নহয়৷ আনহাতে অভিজ্ঞতাৰ জোৰতে বক্সাৰ শিৱ থাপাৰ পৰাও  এছিয়াডৰ এটা পদক আশা কৰিছে অসমবাসীয়ে৷ আনহাতে বেডমিণ্টনত অস্মিতা চলিহা আৰু চেপাক টাক্ৰোত প্ৰিয়া দেৱীয়ে হাংঝৌত নিজৰ উপস্থিতি প্ৰমাণ কৰিব পাৰিলে সেয়া অসমৰ বাবে গৌৰৱৰ ক্ষণ হ’ব৷