Logo
image

প্ৰজ্ঞানৰ নিদ্ৰাভংগৰ বাবে আৰু ১০দিন অপেক্ষা ইছৰোৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ ছেপ্টেম্বৰঃ চন্দ্ৰত সূৰ্যোদয়ৰ চাৰিদিন অতিক্ৰম কৰি গ’লেও এতিয়াও কোনো সঁহাৰি নাই চন্দ্ৰৰ বুকুত যোৱা ৩ ছেপ্টেম্বৰত নিদ্ৰামগ্ন হোৱা চন্দ্ৰযান-৩ৰ দুই প্ৰধান অংশ ক্ৰমে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানৰ৷ গ্ৰাউণ্ড কন্ট্ৰ’লৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে যোৱা চাৰিদিন ধৰি আপ্ৰাণ চেষ্টা কৰিও নিদ্ৰাভংগ কৰিব পৰা নাই  বিক্ৰম আৰু প্ৰজ্ঞানৰ৷ অৱশ্যে ইছৰোৱে এতিয়াও আশা এৰি দিয়া নাই৷ যোৱা ২১ ছেপ্টেম্বৰত চন্দ্ৰত পুনৰ সূৰ্যোদয় হৈছে৷ পৃথিৱীৰ লেখেৰে ১৪টা দিন চন্দ্ৰত সূৰ্যৰ উপস্থিতি থাকিব৷ সেয়ে ইছৰোৱে আশা কৰিছে একেবাৰে শেষ দিনটোত হ’লেও তেওঁলোকে বিক্ৰম আৰু প্ৰজ্ঞানৰ নিদ্ৰাভংগ কৰিবলৈ সক্ষম হ’ব৷ তাৰ বাবে ইছৰোৱে আৰু দহ দিন অপেক্ষা কৰিব বুলি মন্তব্য কৰিছে৷ ইছৰোৰ মুৰব্বী এছ সোমনাথে সংবাদ সংস্থাক কৈছে– ‘এতিয়াও কোনো সঁহাৰি পোৱা নাই৷ অৱশ্যে সঁহাৰি যে পামেই সেই নিশ্চয়তাও আমি দিব নোৱাৰো৷ কিন্তু আমি আশা কৰিব পাৰো, সূৰ্যোদয়ৰ কালত পুনৰ বিক্ৰম আৰু প্ৰজ্ঞান চন্দ্ৰৰ বুকুত স্বচ্ছল হৈ উঠিব৷ তাৰ বাবে আমি চেষ্টা চলাই আছোঁ৷ কিয়নো প্ৰতিদিনে ক্ৰমাৎ চন্দ্ৰৰ বুকুত সূৰ্যৰ তাপমাত্ৰা বৃদ্ধি হৈ আছে৷ লাহে লাহে তাপমাত্ৰা আৰু বৃদ্ধি পাব৷ তেনে পৰিস্থিতিত বিক্ৰম আৰু প্ৰজ্ঞানে সঁহাৰি জনাবও পাৰে৷ আমি শেষ দিনটোলৈকে অপেক্ষা কৰিম৷’ 

চন্দ্ৰৰ বুকুত প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা চলাই চন্দ্ৰত সূৰ্যাস্ত হোৱাৰ লগে লগে নিদ্ৰামগ্ন হৈছিল বিক্ৰম আৰু প্ৰজ্ঞান৷ যোৱা ২ ছেপ্টেম্বৰত বিক্ৰমক আৰু ৩ ছেপ্টেম্বৰত প্ৰজ্ঞানক ‘শ্লিপ ম’ড’লৈ পঠিয়াইছিল ইছৰোৱে৷  চন্দ্ৰৰ বুকুলৈ আন্ধাৰ নামি অহাৰ লগে লগে বিক্ৰম আৰু প্ৰজ্ঞানক পূৰ্ব পৰিকল্পনা অনুসৰিয়েই নিদ্ৰামগ্ন কৰি ৰাখিছিল ইছৰোৱে৷ তেতিয়াই ইছৰোৱে আশা প্ৰকাশ কৰিছিল, ১৪ দিনৰ পাছত যেতিয়া পুনৰ চন্দ্ৰত সূৰ্যোদয় হ’ব, তেতিয়া হয়তো বিক্ৰম আৰু প্ৰজ্ঞানে আকৌ এবাৰ সাৰ পাই উঠিব৷ অৱশ্যে এইক্ষেত্ৰত ইছৰো সম্পূৰ্ণৰূপে নিশ্চিত নাছিল৷ কিয়নো চন্দ্ৰৰ বুকুত যেতিয়া অন্ধকাৰ হয়, তেতিয়া চন্দ্ৰৰ তাপমাত্ৰা হিমাংকৰ ২০০-২৫০ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামি যায়৷ বিক্ৰম আৰু প্ৰজ্ঞানৰ শৰীৰত যি বেটাৰী সংলগ্ন কৰা আছে সেই বেটাৰীয়ে এনে ঠাণ্ডা সহ্য কৰিব নোৱাৰে৷ এনে পৰিস্থিতিত বিক্ৰম আৰু প্ৰজ্ঞানৰ বেটাৰী সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাৰ আশংকাই অধিক আছিল৷ সম্ভৱতঃ এতিয়া সেই আশংকাই সত্যত পৰিণত হৈছে৷ ইছৰোৰ মুৰব্বী সোমনাথৰ মতে প্ৰজ্ঞানত যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে সেই প্ৰযুক্তিয়ে চন্দ্ৰৰ শীত সহ্য কৰিব পাৰে৷ সেয়ে তেওঁলোকে এতিয়াও আশা এৰা নাই৷ দেৰিকৈ হ’লেও চন্দ্ৰত বাঢ়ি অহা তাপমাত্ৰাই বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তুলিব পাৰে৷