Logo
image

ভূপেনৰ কংগ্ৰেছ দলকে নাইকিয়া কৰি দিয়াৰ ভাবুকি মন্ত্ৰী পীয়ূষৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু জাগীৰোডৰ বিশেষ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শনিবাৰে সাংবাদিকৰ আগত দাবী কৰিছিল যে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অহা অক্টোবৰ-নৱেম্বৰত বিজেপি, বিপিএফ, এজেপিৰ বহু নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰিব৷ ভূপেন বৰাৰ মতে বিজেপিৰ বেলিমাৰ যোৱাটো নিশ্চিত হৈছে, দেশত পুনৰ কংগ্ৰেছৰ শাসনৰ উদয় হ’ব৷ ৰাইজে জীয়াই থাকিবৰ বাবেই বিজেপিক বিদায় দিয়াটো জৰুৰী হৈছে৷ ৰাইজৰ মনৰ খবৰ ল’বলৈ কংগ্ৰেছ দল বাগানৰ পাছত এইবাৰ চাঙে চাঙে, পাহাৰে পাহাৰে, গাঁৱে গাঁৱে যাব৷ লক্ষণীয় যে ভূপেন বৰাৰ এই মন্তব্যৰ পাছতে আজি জাগীৰোডত ভূপেন বৰাক প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ভূপেন বৰাই জেদ কৰিলে কংগ্ৰেছ দল খালি কৰি দিম মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয়– আমি বিচাৰিলে ভূমিস্খলন হ’ব কংগ্ৰেছত৷ অলপ ইচ্ছা কৰিলেই কংগ্ৰেছ দল নাইকিয়া কৰিব পাৰোঁ৷ অলপ চিন্তা কৰিলেই ভূপেন বৰাৰ লগত থকা মানুহকো আনিব পাৰোঁ বিজেপিত৷ ভূপেন বৰাই জেদ কৰিলে খালি কৰি দিম কংগ্ৰেছ দল’৷ জাগীৰোডত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে দিলে প্ৰত্যুত্তৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে কিমান ব্যক্তি কংগ্ৰেছ এৰি বিজেপিলৈ আহিবলৈ সাজু হৈ আছে৷ কিন্ত আমি কিছু দিন বন্ধ ৰাখিছিলো, যদি ভূপেন বৰাই জেদ কৰে তেনেহলে কংগ্ৰেছ দল খালী কৰি দিম চাফা কৰি দিম৷ উল্লেখ্য যে অক্টোবৰ-নৱেম্বৰত শাসকীয় দল বিজেপি আৰু মিত্ৰ দলৰ বহু নেতা কংগ্ৰেছত যোগদান কৰিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত এই দৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ ইফালে দেওবাৰে পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ তেওঁ কয়– “ভূমি কেলেংকাৰি সন্দৰ্ভত মানহানি কেচৰ ৰক্ষাকৱচ বনাই মুখ্যমন্ত্ৰী সাৰি যাব নোৱাৰে৷ মুখ্যমন্ত্ৰীক ন্যায়ালয়ৰ দ্বাৰস্থ কৰি তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰাম৷” ইফালে কমল নাথলৈ লিখা ভূপেন বৰাৰ চিঠিৰ প্ৰসংগত নতুন দিল্লীত সাংবাদিকৰ আগত মস্কৰা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে– ‘ভূপেন বৰাই কমল নাথলৈ চিঠি লিখাৰ পাছতে মই  ভয়তে শুবই পৰা নাই৷’