Logo
image

ৰাজ্যত ডেংগি আক্ৰান্তৰ সংখ্যা ৬ হাজাৰ অতিক্ৰম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰঃ স্বাস্থ্য বিভাগৰ উদাসীনতাৰ বাবেই ৰাজ্যত ক্ৰমাত ডেংগিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব ধৰিছে৷ পাহাৰীয়া কাৰ্বি আংলং, ডিমা-হাচাওৰ পাছতেই এইবাৰ উজনি অসমত ডেংগিৰ সংহাৰ আৰম্ভ হৈছে৷ ডিব্ৰুগড়, যোৰহাট, গোলাঘাটৰ ন ন অঞ্চললৈ ডেংগিৰ প্ৰাৰ্দুভাৱ বিয়পি পৰাৰ  সময়তে স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এটা উদ্বেগজনক তথ্য৷ ৰাজ্যত ডেংগীত আক্ৰান্তই বৰ্তমান ৬ হাজাৰৰ সংখ্যা অতিক্ৰম কৰিছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৬১ জন লোক ডেংগীত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত কাৰ্বি আংলং জিলাতে সৰ্বাধিক ৫১ জন লোকৰ দেহত ডেংগী পজিটিভ ধৰা পৰে৷ তদুপৰি ডিমা-হাচাও জিলাত ৮জন আৰু ডিব্ৰুগড় জিলাত ২ জন লোক ডেংগীত আক্ৰান্ত হৈছে৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যত সৰ্বমুঠ ৬,০২০ জন লোকৰ দেহত ডেংগী পজিটিভ ধৰা পৰিছে৷ অৱশ্যে স্বাস্থ্য বিভাগে ডেংগীত ৬ জন ৰোগীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিলেও বেচৰকাৰী তথ্য মতে মৃত ৰোগীৰ সংখ্যাত ইয়াতকৈ বহুত বেছি৷ চলিত বৰ্ষত ডেংগীত আক্ৰান্তই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ শেহতীয়াকৈ উজনি অসমৰ যোৰহাট, গোলাঘাট, ডিব্ৰুগড় জিলাতো ডেংগীৰ প্ৰাদুৰ্ভাৱ ধৰা পৰিছে৷ উজনি অসমলৈ ডেংগী সংক্ৰমণে স্বাস্থ্য বিভাগকো চিন্তি কৰি তুলিছে৷ মাহ মাহ ধৰি পাহাৰীয়া কাৰ্বি আংলঙত ডেংগীয়ে কাল ৰূপ ধাৰণ কৰি থকাৰ পাছতো স্বাস্থ্য বিভাগে ৰোগ প্ৰতিৰোধত ব্যৰ্থ হোৱাৰ বাবেই এতিয়া নতুন নতুন অঞ্চলত ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা বুলিও অভিযোগ উঠিছে৷ এডিছ মহে কামুৰিলে ডেংগীত আক্ৰান্ত হয় যদিও স্বাস্থ্য বিভাগে ৰাইজৰ মাজত সচেতনতা সৃষ্টি কৰি মহৰ বংশবৃদ্ধি ৰোধ কৰিব নোৱৰাটো ব্যৰ্থতা হিচাপেই চিহ্নিত হৈছে৷ কাৰ্যতঃ স্বাস্থ্য বিভাগে এডিচ মহৰ বংশ বৃদ্ধি অৰ্থাৎ কণী ধবংস কৰিবলৈ সক্ষম নোহোৱাত ৰাইজে নিজৰ সুৰক্ষা নিজেই নিশ্চিত কৰাৰ বাহিৰে যেন এই মুহূৰ্তত গত্যান্ত নাই৷ ডেংগীৰ পৰা হাত সাৰিবলৈ ঘৰৰ চৌপাশত পানী জমা হোৱা স্থানসমূহত ব্লিচিং চটিয়াই আৰু ৰাইজক আঁঠুৱা লৈ শোৱাৰ বাবেও পৰামৰ্শ দিছে চিকিৎসক বিশেষজ্ঞ সকলে৷