Logo
image

এইবাৰ আজমলৰ শেষ ভৰসা নীতীশ-পাৱাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ছেপ্টেম্বৰঃ ৰাহুল গান্ধীয়ে দিল্লীত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএএফৰে মিত্ৰতা নহয় বুলি কৰা  ঘোষণাৰ পাছত আজমলৰ শেষ ভৰসা হৈ পৰিছে বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অন্যতম নেতা নীতীশ কুমাৰ আৰু শাৰদ পাৱাৰ৷ আজমলে সোমবাৰে ‘আমাৰ অসম’ক কয়–অসমত এআইইউডিএফে অকলেই নিৰ্বাচন খেলি আহিছে৷ ৰাজ্যৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক শোষণ আৰু  বঞ্চনাৰ বাবেই জন্ম হৈছে এআইইউডিএফ৷ কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত ডি ভোটাৰ, এনআৰচিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে এইসকল লোক৷ কংগ্ৰেছৰ সৈতে পূৰ্বেও এআইইউডিএফৰ মিত্ৰতা নাছিল৷ বিগত বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছ তথা আন বিজেপি বিৰোধী দলসমূহৰ সৈতে মহাজোঁটত চামিল হৈছিল  এআইইউডিএফ৷ এআইইউডিএফে এতিয়াও কংগ্ৰেছৰে মিত্ৰতা বিচৰা নাই৷ দেশৰ বিজেপি বিৰোধী দলসমূহক এক্যবদ্ধ হ’বলৈ নীতিশ কুমাৰ, শাৰদ পাৱৰে আহ্বান জনোৱাৰ বাবে এআইইউএফে তাত চামিল হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে৷ একমাত্ৰ বিজেপিক পৰাভূত কৰাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে বিজেপি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত চামিল হ’বলৈ আগ্ৰহী এআইইউডিএফ৷ কিন্তু এই সময়ত কংগ্ৰেছ নেতৃত্বই বিজেপিৰ পৰিৱৰ্তে এআইইউডিএফৰ সৈতেহে যে যুঁজিব বিচাৰিছে সেই কথা প্ৰতীয়মান হৈছে৷ এআইইউডিএফে অসমত অকলেই ৰাজনৈতিক যুঁজ আৰম্ভ কৰিছিল৷ দল গঠনৰ পাছতেই প্ৰথমে এখন লোকসভা জিকিছিল এআইইউডিএফে৷ পৰৱৰ্তী সময়ত লোকসভাত ৩ খন আসনলৈও বৃদ্ধি পাইছে এআইইউডিএফৰ৷ আমাক যিহেতু নীতীশ কুমাৰ আৰু শাৰদ পাৱৰে ‘ইণ্ডিয়া’ত চামিল হ’বলৈ মাতিছিল, বিজেপিক পৰাভূত কৰিবলৈ তাত চামিল হ’বলৈ নিশ্চিতভাৱে চেষ্টা কৰিম৷ উল্লেখ্য, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমন্বিতে অসম কংগ্ৰেছে এ আই ইউ ডি এফৰ মিত্ৰতা নাকচ কৰাৰ পাছত আজমলে দাবী কৰি আহিছিল যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতেহে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰিছিল এআইইউডিএফে৷ কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ সৈতে হোৱা আলোচনা মৰ্মে ইউপিএলৰ অংশীদাৰ হৈ আহিছে এআইইউডিএফ৷ মিত্ৰতা সন্দৰ্ভত এআইইউডিএফে অসম কংগ্ৰেছৰ কোনো নেতাৰ সৈতে কথা নাপাতে৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্দেশ দিলে মুখ বন্ধ ৰাখিবলৈ বাধ্য হ’ব অসম কংগ্ৰেছ৷ কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে দিল্লীত আনুষ্ঠানিকভাৱে এআইইউডিএফৰে মিত্ৰতা নাকচ কৰাৰ পাছত সুৰ সলাই আজমলে দেখুৱায় নীতীশ কুমাৰ আৰু শাৰদ পাৱাৰৰ অজুহাত৷ অৰ্থাৎ শেষ মুহূৰ্তত আজমলৰ শেষ ভৰসা হৈছে নীতীশ কুমাৰ আৰু শাৰদপাৱাৰ৷