Logo
image

বৃহস্পতিবাৰে গুৱাহাটীত আৰম্ভ হ’ব চতুৰ্থ এছিয়ান কাৰ ৰেলী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ ২৬ ছেপ্টেম্বৰঃ দক্ষিণ-পূব এছিয়াৰ সৈতে যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ লগতে এই দেশসমূহৰ সৈতে বাণিজ্য, পৰ্যটন, সংস্কৃতি আদি খণ্ডত উত্তৰ-পূব ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে নৰ্থ-ইষ্ট ফেডাৰেশ্বন অন ইণ্টাৰনেশ্বনেল ট্ৰেড সংগঠনে [চমুকৈ এন ই এফ আই টি ] চতুৰ্থবাৰৰ বাবে আয়োজন কৰিছে এছিয়ান কাৰ ৰেলী৷ সোমবাৰে ইণ্ডিয়া ক্লাবত নৰ্থ-ইষ্ট ফেডাৰেশ্বন অন ইণ্টাৰনেশ্বনেল ট্ৰেড সংগঠনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে এন ই এফ আই টিৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই৷ তেওঁ লগতে কয়– ভূটান, নেপাল, বাংলাদেশ সামৰি আয়োজন কৰা এই কাৰ ৰেলীৰ এইবাৰ নামকৰণ কৰা হৈছে বি আই বি এন ফ্ৰেইণ্ডশ্বিপ কাৰ ৰেলী ২০২৩৷  ২৮ ছেপ্টেম্বৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পুৱা ৭ বজাত ফ্লেগ অফ হ’বলগীয়া এই কাৰ ৰেলী গুৱাহাটীৰ পৰা গেলেংফুৰ দাদগিৰি ভূ-বন্দৰেদি ভূটানত প্ৰৱেশ কৰিব৷ তাৰ পৰা ভুটানৰ ৰাজধানী থিম্ফু -ফুণ্টচিলিং হৈ জয়গাঁও ভূ-বন্দৰেদি ৩০ ছেপ্টেম্বৰত ভাৰতত প্ৰৱেশ কৰিব৷ পহিলা অক্টোবৰৰ পূৱা এই কাৰ ৰেলী শিলিগুৰিৰ পৰা নেপালৰ কাকৰবিট্টাৰ পানী টেংকি হৈ ভূ-বন্দৰেদি নেপালত সোমাব৷ তাৰ পৰা মিথিলা হৈ কাঠমাণ্ডু পাবগৈ এই বি আই বি এন কাৰ ৰেলী৷ নেপাল পৰিক্ৰমা সামৰি ৬ অক্টোবৰত গাড়ীবোৰ শিলিগুৰিত উপস্থিত হ’বহি৷ ৭ অক্টোবৰত এই কাৰ ৰেলী তুৰা হৈ বাংলাদেশত প্ৰৱেশ কৰিব৷ বাংলাদেশৰ ময়মন চিং হৈ ৰাজধানী ঢাকাত উপস্থিত হ’বগৈ নেফিটৰ দলটো৷ তাৰ পৰা উভতি ছিলেট হৈ ৯ অক্টোবৰত  সন্ধিয়া কাৰ ৰেলীৰ ফ্লেগ ডাউন অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হ’ব৷ যাত্ৰা কালত নেফিটৰ এই আন্তৰ্জাতিক কাৰ ৰেলীয়ে প্ৰায় ৩,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব৷ এই যাত্ৰাকালত ভুটান, নেপাল আৰু বাংলাদেশৰ কেইবাখনো চেম্বাৰ্ছ অৱ কমাৰ্চৰ সৈতে নেফিটৰ প্ৰতিনিধি দলৰ মাজত আন্তৰ্জাতিক সহযোগিতা সন্দৰ্ভত বুজাবুজিব চুক্তি স্বাক্ষৰিত হ’ব৷ ইয়াৰ পূৰ্বে ২০১৮ চনত নেফিট সংগঠনে গুৱাহাটীৰ পৰা ম্যানমাৰ-থাইলেণ্ড হৈ লাওচৰ ৰাজধানীৰ পৰা গুৱাহাটীলৈ এছিয়ান কাৰ ৰেলী অনুষ্ঠিত হৈছিল৷ তদুপৰি ২০১২ আৰু ২০১৬ চনতো গুৰাহাটীৰ পৰা বেংককলৈয়ো এছিয়ান কাৰ ৰেলীৰ আয়োজন কৰিছিল৷ নেফিট সংগঠনে দীৰ্ঘ দিন ধৰি দক্ষিণ পূব এছিয়াৰে উত্তৰ-পূব ভাৰতৰ যোগাযোগ ব্যবস্থাৰ সূচনা কৰাৰ বাবে কাম কৰি আহিছে৷ সেই মৰ্মে বিভিন্ন দেশৰ বাণিজ্যিক সংগঠনৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদন কৰি উত্তৰ-পূবৰ উদ্যোগীসকলক এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে কাম কৰি গৈছে৷ এইবাৰ ৬খন গাড়ী আৰু ২৪জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব৷ সংবাদ মেলত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ উপস্থিত থাকি এই ৰেলীৰ সফলতা কামনা কৰে৷ উল্লেখ্য, এইবাৰ বি আই বি এন আন্তৰ্জাতিক কাৰ ৰেলীৰ নেতৃত্বত থাকিব গুৱাহাটী আই আই টি ৰ অবসৰপ্ৰাপ্ত ডীন অধ্যাপক ড॰ অনুপ গগৈ আৰু নেফিটৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱা৷ কাৰ ৰেলীৰ টেকনিকেল সমন্বয়কৰ দায়িত্বত ৰবি আগৰৱাল আৰু ব্যৱস্থাপনাৰ দায়িত্বও আছে হিতেন হাটখোৱা৷ কাৰ ৰেলী সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে নেফিটক আৰ্থিক সহায় আগবঢ়োৱা বাবে ডনাৰ মন্ত্ৰালয়ক বিশেষ ধন্যবাদ জনাইছে উদ্যোক্তাসকলে৷ এইবাৰ কাৰ ৰেলীৰ বাবে যাৱতীয় অনুমতি দিয়াৰ লগতে বিভিন্ন দিশত সহযোগিতা আগবঢ়োৱাৰ বাবে নেফিট সংগঠনে ভাৰত চৰকাৰৰ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, অসম চৰকাৰ, মেঘালয় চৰকাৰ, পশ্চিম বংগ চৰকাৰৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশ চৰকাৰৰ শলাগ লৈছে৷ সংবাদ মেলত গুৱাহাটী আই আই টি ৰ অৱসৰপ্ৰাপ্ত ডীন অধ্যাপক ড॰ অনুপ গগৈ, ৰবি আগৰৱাল, হিতেন হাটখোৱা আদি উপস্থিত থাকে৷