Logo
image

মন্ত্ৰী হ’ব নোৱাৰিলেও আই পি এছ বিষয়াৰ ৰূপত অতুল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ছেপ্টেম্বৰঃ নিজে প্ৰতিনিধিত্ব কৰা বিজেপি দল আৰু চৰকাৰৰ অন্যতম কঠোৰ সমালোচক দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাক শীঘ্ৰে দেখিবলৈ পোৱা যাব এজন আৰক্ষী বিষয়াৰ ভূমিকাত৷ বৰ্তমানে চিত্ৰ গ্ৰহণ চলি থকা ‘মাৰ কপালত তেজ’ শীৰ্ষক অসমীয়া চলচ্ছিত্ৰ খনত এজন পাঞ্জাবী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে বিধায়কজনে৷  হাতত পিস্তল লৈ এজন আই পি এছ বিষয়াৰ চৰিত্ৰত শ্বুটিঙত অংশ লৈছে বিধায়ক বৰা৷ দিছপুৰ সমষ্টিৰ দৰে সন্মানীয় সমষ্টিৰ পৰা অভিলেখ সংখ্যক ভোটত জয়ী হোৱাৰ পিছতো বিধায়ক বৰা আজিও বঞ্চিত মন্ত্ৰিত্ব লাভৰ পৰা৷ সেয়ে দল আৰু চৰকাৰৰ আজি তেওঁ অন্যতম কঠোৰ সমালোচক৷ বিধায়ক বৰাৰ আক্ৰমণত সততে বিপদত পৰে বিজেপি দল আৰু চৰকাৰ৷ সদ্যহতে চলচ্ছিত্ৰৰ শ্বুটিঙত ব্যস্ত বিধায়ক বৰাই সোমবাৰে এই সন্দৰ্ভত কয়–এদিন পঞ্জাবাৰীত দলৰ প্ৰায় ৯০০ কৰ্মীৰ সন্মুখত চিঞৰি চিঞৰি কৈছিলো যে জীৱনত মই কিন্তু এখন চিনেমা কৰিম৷ সেই কথাটো দীপক দাস নামৰ লোক এজনে শুনিলে৷ দুদিনমান পূৰ্বে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিল৷ তেওঁ এটা পৰিকল্পনা আৰম্ভ কৰিলে আৰু মোক আহি অনুৰোধ কৰিলে যে মই অভিনয় কৰিব লাগিব চিনেমাখনত৷ মই আৰক্ষী অধীক্ষকৰ ভূমিকাত অভিনয় কৰিব লাগে৷ চিনেমাখনৰ বাবে এবছৰ মান লাগিব বুলি কৈছে৷ মই আৰু দুই তিনিবাৰ শ্বুটিঙলৈ যাব লাগিব৷ শিল সাকোৰ কাষতে শ্বুটিং হৈ আছে৷ শিল সাকোৰ মাজলৈ মই যাবলগীয়া হৈছে আৰু ড্ৰোনেৰে ফটো বিলাক লৈছে৷ তাতে ভালেখিনি শ্বুটিং হৈছে৷ ইতিবাচক চিন্তাৰে আগবঢ়া এজন আৰক্ষী অধীক্ষকৰ চৰিত্ৰত মই অভিনয় কৰিছো৷ আৰু এজন আৰক্ষী অধীক্ষক আছে৷ তেওঁৰ চৰিত্ৰটো নেতিবাচক৷ উল্লেখ্য যে আৰক্ষী বিষয়াৰ পোচাক পিন্ধি হাতত পিষ্টল লৈ বিধায়ক বৰা এতিয়া ব্যস্ত ‘মাৰ কপালত তেজ’ শীৰ্ষক চলচ্ছিত্ৰখনৰ চিত্ৰগ্ৰহণত৷ চলচ্ছিত্ৰখনত বিধায়ক বৰাক ৰাইজে দেখিবলৈ পাব এক বেলেগ ৰূপত৷ বিধায়ক অতুল বৰাৰ সমান্তৰালভাৱে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী ব্যস্ত ভাওনাক লৈ৷ বিধায়ক কুৰ্মীয়ে এইবাৰ ভাওনাত দেখা গ’ল অম্বাসুৰৰ ৰূপত৷ অসুৰৰ ৰূপত চমক দিলে বিধায়ক কুৰ্মী৷ এই পৰ্যন্ত ১১ বাৰ ভাওনাত অভিনয় কৰিছে বিধায়কজনে৷ পাঁচ বাৰৰ বিধায়ক কুৰ্মী বিধানসভাৰ বিগত নিৰ্বাচনত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে যদিও মন্ত্ৰী পদৰ পৰা এই পৰ্যন্ত বঞ্চিত হৈ আছে কুৰ্মী৷

অসুৰৰ ভাৱত বিধায়ক ৰূপজ্যোতি

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিভিন্ন সময়ত কেতবোৰ মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাই নহয়, বিভিন্ন সময়ত কেতবোৰ কাম-কাজেৰেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে৷ বিধায়ক হৈও বন্যাৰ্তৰ বাবে পিঠিত সাহায্য সামগ্ৰীৰ বস্তা কঢ়িওৱা বিধায়কজনে এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে ভাওনাত অভিনয় কৰে৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিক সমিতিয়ে কুকুৰাচোৱা গাঁৱৰ নামঘৰত দেওবাৰে গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি ‘দশৰথৰ স্বৰ্গযাত্ৰা’ নামৰ ভাওনাখন অভিনয় কৰে৷ এই ভাওনাত বিধায়ক কুৰ্মীয়ে অম্বাসুৰৰ ভাৱত অভিনয় কৰে৷ বহুসংখ্যক দৰ্শকে ভাওনাখন উপভোগ কৰি আল্পুত হয়৷ এই ভাওনাত অভিনয় কৰি কুৰ্মীয়ে কয় য়ে ভাওনাখনত অভিনয়ৰ জৰিয়তে তেওঁ ভগৱানৰ চৰণত সেৱা কৰাৰ সুযোগ লাভ কৰিলে৷ তেওঁ কয় যে ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে, যেতিয়া পৃথিৱীত অধৰ্ম হয় আৰু ৰাইজে তেওঁক বিচাৰে তেতিয়াই কিবা ৰূপত ভগৱানৰ আৱিৰ্ভাৱ হয়৷ গুৰুজনাৰ জৰিয়তে ভগৱন্তই অসমীয়া জাতিক আধ্যাত্মিকতাৰ পথ দেখুওৱা বুলিও বিধায়কজনে প্ৰকাশ কৰে৷ এই পৰ্যন্ত ভাওনাত ১১ বাৰ অভিনয় কৰা বুলিও বিধায়ক কুৰ্মীয়ে সদৰী কৰিছে৷ উল্লেখ্য, তেওঁ বিধায়ক হোৱাৰ পাছত বহুবাৰ ফুটবল খেলিও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ মৰিয়নি ক্ৰীড়া সন্থাৰ হৈ তেওঁ যোৰহাট জিলা উপক্ৰীড়া সন্থা ফুটবলৰ লীগত একাধিকবাৰ খেলপথাৰত নামিছে৷