Logo
image

সুখবৰ!ভাৰতীয় বায়ুসেনাত প্ৰথমখন চি-২৯৫ বিমান অন্তৰ্ভুক্ত

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ২৬ ছেপ্টেম্বৰঃ ভাৰতীয় বায়ুসেনাত সোমবাৰে অন্তৰ্ভুক্ত কৰা হয় প্ৰথমখন অত্যাধুনিক চি-২৯৫ পৰিৱহণ বিমান৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত এই কাৰ্য সম্পন্ন কৰা হয়৷ উল্লেখ্য, দুবছৰ পূৰ্বে ভাৰতে ‘মেক ইন ইণ্ডিয়া’ৰ অংশস্বৰূপে প্ৰখ্যাত স্পেনিছ কোম্পানী ‘এয়াৰবাছ ডিফেন্স এণ্ড স্পেচ’ৰ সৈতে ২১,৯৩৫ কোটি টকাৰ চুক্তি কৰিছিল ৫৬খন এই শ্ৰেণীৰ বিমানৰ বাবে৷ ইয়াৰে ১৬খন স্পেইনত আৰু ৪০খন ভাৰতত নিৰ্মাণ কৰা হ’ব৷ ভাৰতীয় বায়ুসেনাত ব্যৱহাৰ হৈ থকা পুৰণি এভ্ৰ-৭৪৮ বিমানৰ স্থানত এই নতুন বিমানবোৰ অন্তৰ্ভুক্ত কৰাৰ বাবেই এই চুক্তি কৰা হৈছিল৷ উক্ত চুক্তিৰ দুবছৰৰ পাছত যোৱা ১৩ ছেপ্টেম্বৰত ‘চীফ অৱ এয়াৰ ষ্টাফ’ এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধাৰীয়ে স্পেইনৰ ছেভিল চহৰত প্ৰথমখন চি-২৯৫ বিমান গ্ৰহণ কৰিছিল৷ তাৰ পাছতে¸ ২০ ছেপ্টেম্বৰত গুজৰাটৰ বদোদৰাত অৱতৰণ কৰিছিল এই বিমানখনে৷ আজি অৰ্থাৎ সোমবাৰে এই বিমানখন ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হয়৷ ২০২৫ চনৰ ভিতৰত ভাৰতে ১৬খন এনে বিমান লাভ কৰিব৷ বাকী ৪০খন বিমান ভাৰতত নিৰ্মাণ কৰিব টাটা এডভান্সড ছিষ্টেমছ লিমিটেডে৷