Logo
image

পৰ্যটন ক্ষেত্ৰই আনিছে উৎসাহৰ বাৰ্তা

ক’ভিড অতিমাৰীৰ বাবে আন বহু দেশৰ দৰে ভাৰতৰ পৰ্যটন ক্ষেত্ৰখনৰো ব্যাপক ক্ষতি হৈছিল৷ ক’ভিডকালীন নিষেধাজ্ঞাৰ বাবে সেই সময়ছোৱাত বিদেশী পৰ্যটকৰ সংখ্যা বহু হ্ৰাস পাইছিল৷ কিন্তু পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত ভাৰত ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যাও উৎসাহজনকভাৱে বৃদ্ধি পাইছে৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি, ২০২২ বৰ্ষত ভাৰত ভ্ৰমণ কৰা বিদেশী পৰ্যটকৰ সংখ্যা আছিল ৬ নিযুতকৈও অধিক৷ ২০২১ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১.৫২ নিযুত৷ আনহাতে, ২০২২ চনৰ তুলনাত চলিত বৰ্ষৰ এপ্ৰিললৈকে ভাৰত ভ্ৰমণ কৰা বিদেশী পৰ্যটকৰ সংখ্যা এশ শতাংশতকৈও অধিক বৃদ্ধি পাইছে৷ এটা কথা অনস্বীকাৰ্য যে পৰ্যটন ক্ষেত্ৰখনে দেশ এখনৰ অৰ্থনীতিত বিশেষ ভূমিকা ল’ব পাৰে৷ দেশ এখনলৈ যিমানেই বিদেশী পৰ্যটকৰ আগমন হ’ব, সেই অনুপাতে দেশখনৰ ৰাজকোষত জমা হ’ব বৈদেশিক মুদ্ৰা৷ ২০২১ চনত পৰ্যটন ক্ষেত্ৰখনৰ পৰা ভাৰতে লাভ কৰিছিল ৬৫,০৭০ কোটি বৈদেশিক মুদ্ৰা৷ ২০২২ চনত এই পৰিমাণ বৃদ্ধি পাইছিল ১,৩৪,৫৪৩ কোটিলৈ৷ ভাৰতত এতিয়া আৰম্ভ হৈছে উৎসৱৰ বতৰ, আৰু বছৰটোৰ অৱশিষ্ট সময়ছোৱাত দেশখনলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি পাব৷ বিশ্ব পৰ্যটন দিৱস উপলক্ষে এই বছৰো পৰ্যটকৰ আকৰ্ষণৰ বাবে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে৷ উল্লেখ্য, পৰ্যটনৰ ইতিবাচক দিশৰ প্ৰচাৰ চলোৱাৰ অৰ্থে ১৯৮০ চনৰ পৰা প্ৰতিবছৰৰ ২৭ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব পৰ্যটন দিৱস উদ্‌যাপন কৰি অহা হৈছে৷ এইবাৰৰ পৰ্যটন দিৱসৰ থীম হৈছে ‘পৰ্যটন আৰু সেউজ বিনিয়োগ’৷

ভাৰতত পৰ্যটকৰ অধিক সমাৱেশ ঘটা ৰাজ্যকেইখনৰ অন্যতম হৈছে কেৰালা, ৰাজস্থান, মহাৰাষ্ট, তামিলনাডু, উত্তৰ প্ৰদেশ, দিল্লী, পশ্চিমবংগ, জম্মু আৰু কাশ্মীৰ, গোৱা৷ পৰ্যটন বিভাগৰ তথ্য অনুসৰি, যোৱা বছৰ অভিলেখসংখ্যক পৰ্যটকে জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিছিল৷ স্বাভাৱিকতে পৰ্যটকৰ এই আধিক্যই হোটেল ব্যৱসায়ীসকলকো উৎসাহিত কৰিছিল৷  দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ কথা ক’লে প্ৰথমেই নাম আহে ছিকিম আৰু অৰুণাচল প্ৰদেশৰ৷ উল্লিখিত ৰাজ্য দুখনত চৰকাৰে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে বিশেষ কাৰ্যসূচী লৈছে৷ তাৰেই ফলত ৰাজ্যখনত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা৷ ছিকিমৰ পাছত অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ চৰকাৰেও পৰ্যটনৰ উন্নয়নৰ বাবে আশানুৰূপ ব্যৱস্থা লৈছে৷ কেৱল ছিকিম কিম্বা অৰুণাচল প্ৰদেশ আৰু মেঘালয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনতো পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰচুৰ সমল আছে৷ অসমো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ চৰকাৰী তথ্য অনুসৰি, ২০২২-২৩ বৰ্ষত পৰ্যটনৰ যোগেদি ২.৬৩ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিছিল অসমে৷ পূৰ্বৰ বছৰটোত সেই পৰিমাণ আছিল ১.৬৯ কোটি টকা৷ চৰকাৰী তথ্য অনুসৰি, অসমলৈ আগমন ঘটা স্বদেশৰ পৰ্যটকৰ মুখ্য আকৰ্ষণ হৈছে গুৱাহাটীৰ কামাখ্যা মন্দিৰ৷ তেনেদৰে বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈছে কাজিৰঙা অভয়াৰণ্য৷ যোৱা বছৰ কাজিৰঙা ভ্ৰমণ কৰিছিল অভিলেখসংখ্যক পৰ্যটকে৷ শেহতীয়াভাৱে পৰ্যটন বিভাগে অসমৰ পৰ্যটনস্থলবোৰৰ প্ৰচাৰৰ বাবে বিভিন্ন আঁচনি লোৱাৰ লগতে মাৰ্কেটিঙতো গুৰুত্ব দিছে যদিও এইক্ষেত্ৰত কৰিবলগীয়া বহুতো আছে৷ অসম চৰকাৰ আৰু ৰাজ্যখনৰ পৰ্যটন বিভাগেও উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ দৰে পৰ্যটন উদ্যোগটোৰ উত্তৰণৰ ক্ষেত্ৰত সঠিক পৰিকল্পনাৰে আগবাঢ়িব পাৰিলে অসমলৈও দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি নোপোৱাকৈ নাথাকিব৷