Logo
image

জানুৱাৰীত মন্দিৰ, ফেব্ৰুৱাৰীত ‘কা’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ ছেপ্টেম্বৰঃ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰি তাৰ ঠিক পাছতে অৰ্থাৎ ফেব্ৰুৱাৰীত বিতৰ্কিত আইন ‘কা’ বলবৎ কৰি সাধাৰণ নিৰ্বাচনৰ অভিযান আৰম্ভ কৰিব বিজেপিয়ে৷ মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ বলবৎ হোৱাৰ সময় নিৰূপণ কৰাৰ পাছতেই শ্ৰীৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মন্দিৰ নিৰ্মাণ কমিটীৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ শুভদিন৷ নৃপেন্দ্ৰ মিশ্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি অহা বছৰৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব৷ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ৰাজনৈতিক বিশ্লেষকৰ দাবী আছিল, ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই মোদী চৰকাৰে ৰাম মন্দিৰ উদ্বোধন কৰিব৷ সেই দাবী সত্যত পৰিণত হোৱাৰ পথত আৰু বিজেপিৰ ৰাজনৈতিক অভিযানত সহায় কৰি যুদ্ধকালীন গতিৰ নিৰ্মাণেৰে প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ৷

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ  নিৰ্বাচন অনুষ্ঠিত হৈ গ’লেই দেশজুৰি নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ ‘কা’ বলবৎ কৰা হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে এই কথা নিশ্চিত কৰিছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনতে ‘কা’ৰ অধিনিয়ম জাৰি [ৰুল ফ্ৰেম] কৰা হ’ব আৰু স্বাভাৱিকভাৱেই তাৰ নেতৃত্ব ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ ২০১৯ চনৰ ১১ ডিচেম্বৰত বিৰোধী দলৰ প্ৰতিবাদ-বিৰোধিতা নাকচ কৰি মোদী চৰকাৰে বলপূৰ্বকভাৱে এই বিতৰ্কিত আইনৰ বিধেয়ক সদনত গৃহীত কৰিছিল৷ পৰৱৰ্তী দিনটোত অৰ্থাৎ ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হৈছিল৷ এই বিতৰ্কিত আইনখন সাজু হৈ থকা স্বত্বেও সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত এতিয়াও বলৱৎ নকৰাকৈ ৰাখিছে মোদী চৰকাৰে৷ প্ৰথমে ক’ভিড অতিমাৰীৰ বাবে ‘কা’ বলৱৎ কৰাত বিলম্ব হোৱা বুলি দাবী কৰিছিল মোদী চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে৷ কিন্তু ক’ভিড অতিমাৰীৰ অৱসান ঘটা বুলি বিশ্বজুৰি ‘হু’ৱে ঘোষণা কৰাৰ পাছতো মোদী চৰকাৰে ‘কা’ বলৱৎৰ বাবে অধিনিয়ম জাৰিত বিলম্ব ঘটাই আছে৷ এইবাৰ অমিত শ্বাহৰ গৃহ মন্ত্ৰণালয়ে সপ্তমবাৰৰ বাবে ‘কা’ অধিনিয়ম জাৰিৰ বাবে সংসদীয় সচিবালয়ৰ পৰা সময় বিচাৰিছে৷ সংসদীয় সচিবালয়ক গৃহ মন্ত্ৰণালয়ে জনাইছে, দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হৈ গ’লেই ‘কা’ৰ অধিনিয়ম জাৰি কৰা হ’ব আৰু দেশজুৰি ‘কা’ বলবৎ হ’ব৷ চলিত বছৰৰ শেষত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ দাবী, তাৰ পাছতে বলবৎ হ’ব ‘কা’৷

‘কা’ আইনত পৰিণত হোৱাৰ প্ৰায় ৪ বছৰ সম্পূৰ্ণ হওঁ হওঁ৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে এই বিতৰ্কিত আইনখন এতিয়া ডিঙিৰ কাঁইট সদৃশ৷ একাধিক ৰাজনৈতিক সমীকৰণৰ বাবে মোদী চৰকাৰে ডিঙিত লাগি থকা কাঁইট সদৃশ ‘কা’ক বাহিৰলৈ উলিয়াই পেলাবও নোৱাৰে, গিলি পেলাবও নোৱাৰে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, ‘কা’ৰ প্ৰভাব দেশৰ ৰাজ্যভেদে পৃথক পৃথক৷ অৰ্থাৎ দেশত বিতৰ্কিত আইনখন বলবৎ হোৱাৰ লগে লগে কোনো ৰাজ্যত যদি বিজেপি ৰাজনৈতিকভাৱে লাভাম্বিত হয়, কোনো ৰাজ্যত ক্ষতিগ্ৰস্ত হ’ব৷ আনহাতে দেশৰ কিছু সংখ্যক ৰাজ্যত ‘কা’ৰ কোনো প্ৰভাৱেই নাই৷ উদাহৰণ হিচাপে ‘কা’ বলবৎ হ’লে অসমত বিজেপি ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত হ’ব৷ অথচ, পশ্চিম বংগত ‘কা’ বলবৎ কৰি মুনাফা অৰ্জনৰ আশাত আছে বিজেপি৷ এনে বিপৰীতমুখী স্থিতিৰ বাবে সংসদত বলপূৰ্বকভাৱে গৃহীত কৰিও ৪ বছৰে ‘কা’ বলবৎ নকৰাকৈ ৰাখি থৈছে বিজেপি চৰকাৰে৷

যেতিয়াই ‘কা’ বলবৎ হ’ব, তেতিয়াই অসমৰ খিলঞ্জীয়া ভোটাৰৰ সমৰ্থন হেৰুৱাব বিজেপিয়ে৷ সি ব্যাপক হয় নে আংশিক হয়, সেয়া নিশ্চিত হ’ব ‘কা’ বলবৎ হোৱাৰ পৰা নিৰ্বাচনৰ মাজৰ সময় কিমান দীঘলীয়া হয় তাৰ ওপৰত৷ ‘কা’ বলবৎ হ’লে অসমত অবৈধ হিচাপে পৰিগণিত হোৱা বৃহৎ সংখ্যাৰ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব৷ সেয়া অসমবাসীয়ে কেতিয়াও সমৰ্থন নকৰে৷ অসমৰ ক্ষেত্ৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা প্ৰতিজন নাগৰিকেই বিদেশী৷ অসম আন্দোলনৰ চুক্তিত সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰি থোৱা আছে৷ অথচ ‘কা’ বলবৎ হ’লে ১৯৭১ চনৰ পাছত অহা হিন্দু বাংলাদেশীয়েও নাগৰিকত্ব লাভ কৰিব৷ এই ক্ষেত্ৰত অসমৰ খিলঞ্জীয়া বাসিন্দাৰ দুৰ্ঘোৰ আপত্তি আছে৷ সেই পৰিপ্ৰেক্ষিতত ‘কা’ বলবৎ হ’লে অসমত বিজেপিয়ে জনসমৰ্থন হেৰুৱাব৷

আনহাতে, ‘কা’ বলৱৎ কৰিব পাৰিলে পশ্চিম বংগত বিজেপি ব্যাপকভাৱে লাভান্বিত হ’ব৷ কিয়নো ৰাজ্যখনত লক্ষাধিক হিন্দু বাংলাদেশী শৰণাৰ্থী আছে, যি এতিয়াও ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই৷ ঘাইকৈ মতুৱা সম্প্ৰদায়ৰ এনে শৰণাৰ্থীয়ে ৰাজ্যখনৰ বহুকেইটা বিধানসভা আৰু লোকসভা সমষ্টিৰ ফলাফল নিৰ্ধাৰণ কৰে৷ ‘কা’ বলৱৎ নকৰাৰ ফলত তেওঁলোকৰ নাগৰিকত্ব লাভৰ বিষয়টো ওলমি ৰৈছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ইচ্ছা, লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎ কৰি পশ্চিম বংগৰ সকলো শৰণাৰ্থীৰ সমৰ্থন আদায় কৰিব৷ ‘কা’ বলৱৎকৰণত বিলম্ব হোৱাৰ বাবে সেই শৰণাৰ্থীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ ২০১৯ৰ নিৰ্বাচনত ‘কা’ বলৱৎ কৰিব বুলি বিজেপিয়ে তেওঁলোকৰ সমৰ্থন গোটাইছিল৷ ২০২০ৰ বিধানসভা নিৰ্বাচনত প্ৰথম ভোটগ্ৰহণৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ মতুৱা বসতিপ্ৰধান অঞ্চল আৰু তেওঁলোকৰ মন্দিৰ ভ্ৰমণ কৰি পশ্চিম বংগত মতুৱাৰ সমৰ্থন গোটোৱাৰ প্ৰয়াস চলাইছিল৷ কিন্তু তেতিয়ালৈ ‘কা’ দুবছৰ বলৱৎ নকৰাকৈ ৰখাত মোদীৰ সেই ভ্ৰমণ বিশেষ কামত অহা নাছিল৷ সেই সকলো সমীকৰণ চাই এইবাৰ বিজেপিয়ে ৫ ৰাজ্যৰ বিধানসভা ভোটৰ পাছত কিন্তু লোকসভা ভোটৰ পূৰ্বে ‘কা’ বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে৷ দেশৰ ৰাজধানী নতুন দিল্লীত বিশ্বৰ আগশাৰীৰ ২০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আমন্ত্ৰিত ৯খন দেশৰ মুৰব্বীয়ে বিশ্বৰ সুষম বাণিজ্যৰ বিষয়ে আলোচনা কৰাৰ বাবে জি-২০ বৈঠকত মিলিত হোৱাৰ সময়তে দেশৰ ধৰ্মীয় মতি-গতি নিৰ্ধাৰণ কৰাৰ বাবে অযোধ্যাত বৈঠকত মিলিত হৈছিল ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সদস্যগণ৷ কোৱা বাহুল্য মাথোঁ এই ধৰ্মীয় কাৰ্যকলাপ দেশৰ ৰাজনীতিৰ সৈতেও অংগাগীভাৱে জড়িত৷ কিয়নো ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ন্যাসৰ সদস্যসকলে এই বৈঠকতে চূড়ান্ত কৰিলে ৰাম মন্দিৰ উদ্বোধনৰ দিন ক্ষণ৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব অহা বছৰৰ ২২ জানুৱাৰীৰ শুভদিনত৷ প্ৰাথমিকভাৱে ২২ জানুৱাৰীকে ৰাম মন্দিৰ উদ্বোধনৰ চূড়ান্ত দিন হিচাপে বিবেচনা কৰিছিল ন্যাসৰ সদস্যসকলৰ বৈঠকে৷ সময়ত সেই দিনটোৰ ইফাল-সিফাল হ’লেও ২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীৰ ভিতৰতে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰাটো একপ্ৰকাৰ নিশ্চিত বুলিও সিদ্ধান্ত লৈছিল৷ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ স্মৰ্তব্য, ক’ভিডকালত ৰাম মন্দিৰৰ শিলান্যাসো কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে ৰাম মন্দিৰ উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছে৷ মোদীৰ সুবিধা আৰু শুভদিন দুয়োটা বিবেচনা কৰি ৰাম মন্দিৰৰ উদ্বোধনীৰ দিনটো চূড়ান্ত কৰা হৈছে৷ অৱশ্যে তাৰ পূৰ্বেই মন্দিৰত ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ ধৰ্মীয় কাম-কাজ ১৪ জানুৱাৰীত আৰম্ভ হ’ব৷

ৰাম মন্দিৰ উদ্বোধনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ প্ৰসংগ৷ কিয়নো ৰাম মন্দিৰ নিৰ্মাণৰ ঠিক পাছতে সংসদৰ অধিৱেশন অনুষ্ঠিত কৰি মোদী চৰকাৰে অন্তৰ্বৰ্তী বাজেট উত্থাপন কৰিব৷ তাৰ পাছতে ঘোষণা কৰা হ’ব দেশৰ পৰৱৰ্তী লোকসভাৰ নিৰ্বাচন৷ দেশৰ পৰৱৰ্তী নিৰ্বাচন আৰু ৰাম মন্দিৰৰ উদ্বোধনৰ মাজত অতি পৰিকল্পিতভাৱে তাল-মিল ৰক্ষা কৰি আগবাঢ়িছে মোদী চৰকাৰ৷ কিয়নো ৰাম মন্দিৰ উদ্বোধনেৰে বিজেপিয়ে দেশৰ হিন্দু ভোটাৰৰ মনত ধৰ্মীয় আবেগ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে৷ সেয়ে ৰাম মন্দিৰ উদ্বোধন আৰু নিৰ্বাচনৰ মাজত যাতে দীঘলীয়া সময়ৰ পাৰ্থক্য নাথাকে সেই দিশটো সুক্ষ্মভাৱে বিজেপি চৰকাৰে লক্ষ্য কৰি আছে৷ কিয়নো ৰাম মন্দিৰৰ জৰিয়তে হিন্দুৰ মাজত উথলি উঠা আবেগ যাতে নিৰ্বাচনৰ সমাপ্তিলৈকে থাকে, সেয়া বিজেপিৰ বাবে লক্ষণীয় হৈ পৰিছে৷ জানুৱাৰীৰ শেষত ৰাম মন্দিৰ উদ্বোধন হ’লে পৰৱৰ্তী দুমাহমানৰ বাবে ৰাম মন্দিৰক লৈ হিন্দু ভোটাৰৰ মাজত আৱেগ অব্যাহত থাকিব৷ এই আৱেগ জোৰদাৰ হৈ থকাৰ সময়তে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’লে বিজেপিৰ বাবে হিন্দু ভোট একগোট কৰা সহজসাধ্য হৈ পৰিব৷ বিজেপিৰ এই পৰিকল্পনা দলীয়ভাৱে গ্ৰহণযোগ্য৷ কিয়নো ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলন কৰিয়েই দেশৰ ৰাজনীতিত বিজেপিৰ উত্থান হৈছে৷ বিজেপিয়ে দেশৰ হিন্দু ধৰ্মাৱলম্বীক অযোধ্যাৰ ৰাম জন্মভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ সেই প্ৰতিশ্ৰুতিৰেই দলটো তিনিবাৰকৈ কেন্দ্ৰত শাসনলৈ আহিছে৷ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অযোধ্যাৰ বিবদমান ভূমি আদালতৰ ৰায়ৰ জৰিয়তে হিন্দুৰ পক্ষে আনিবলৈ সক্ষম হৈছে৷ অযোধ্যাৰ সেই ভূমিত নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ৰাম মন্দিৰ নিৰ্মাণ হৈ এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে৷ অতি স্বাভাৱিকভাৱেই এতিয়া বিজেপিয়ে অযোধ্যাৰ ৰাম মন্দিৰক নিৰ্বাচনী যুঁজৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিব৷