Logo
image

সংৰক্ষিত অভয়াৰণ্য হ’ব উৰ্পদ বিল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ছেপ্টেম্বৰঃ ‘গোলাপী স্বৰ্গ’ উৰ্পদ বিললৈ আহিছে সুখৰ৷ শীঘ্ৰে সংৰক্ষিত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ’ব জৈৱ-বৈচিত্ৰৰ প্ৰাণকেন্দ্ৰ আগিয়াৰ উৰ্পদ বিলক৷ প্ৰাকৃতিক মনোমোহা গোৱালপাৰা জিলাৰ আগিয়াৰ উৰ্পদ বিলক সংৰক্ষিত বনাঞ্চল তথা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ’ব বুলি সামাজিক মাধ্যমযোগে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিগত ২৪ ঘণ্টাত সামাজিক মাধ্যমৰ ট্ৰেণ্ডিঙৰ শীৰ্ষত আছে শচীন ভৰালী নামৰ এজন ব্যক্তিৰ এখন  ফটো৷ চকুৱে মনিব পৰাকৈ গুলপীয়া ভেট আৰু পদুম ফুল ফুলি থকা এখন বিলৰ ছবি কেমেৰাত বন্দী কৰিছে শচীন ভৰালীয়ে৷ নক’লেও হ’ব যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা চালে চাই থাকিবৰ মন যোৱা ফটোখন আছিল গোৱালপাৰাৰ আগিয়াৰ উৰ্পদ বিল৷ প্ৰায় ৫০০ হেক্টৰযোৰা বিলখনত এতিয়া ভেট আৰু পদুম ফুলে গুলপীয়া হৈ পৰাত বিভিন্নজনে গোলাপী স্বৰ্গ বুলিও অভিহিত কৰিছে৷ বিলখনৰ সৌন্দৰ্য উপভোগৰ বাবে মানুহৰ ভিৰ লাগিছে৷ সামাজিক মাধ্যমৰ ট্ৰেণ্ডিঙত থকা উৰ্পদ বিলৰ মনোমোহা বিশেষ ফটোখন শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰ্পদ বিলক সংৰক্ষিত অভয়াৰণ্য ঘোষণাৰ প্ৰক্ৰিয়া চলি আছে বুলি জানিবলৈ দিছে৷ এই সন্দৰ্ভত তেওঁ প্ৰকাশ কৰা টুইট অনুসৰি বিলখনক সংৰক্ষিত বনাঞ্চল অথবা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে যাৱতীয় প্ৰচেষ্টা৷ বৰ্তমান গোলাপী স্বৰ্গলৈ পৰিণত হোৱা হাজাৰ হাজাৰ ভেট ফুলেৰে আৱৰি ৰখা বিলখন চাবলৈ ঢাপলি মেলিছে বহু প্ৰকৃতিপ্ৰেমী৷ নামনি অসমৰ বৃহৎ বিলখনলৈ প্ৰতিবছৰে দেশী-বিদেশী প্ৰায় ৫০টা প্ৰজাতিৰ পক্ষীৰ আগমণ ঘটে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাই বন্যপ্ৰাণী পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণ প্ৰচেষ্টাত আন এক বলিষ্ঠ পদক্ষেপ বুলিও বিভিন্নজনে অভিহিত কৰিছে৷