Logo
image

দেশৰ শ্ৰেষ্ঠ বৃহৎ ৰাজ্যৰ সন্মান অসমলৈ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ ছেপ্টেস্বৰঃ  কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত ‘আৰোগ্য মন্থন’ শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিবিৰত অসমে মঙলবাৰে দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিলে৷ সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ বাবে আয়ুস্মান কাৰ্ড সৃষ্টি কৰা আৰু হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণত উৎকৃষ্ট কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰাৰ শিতান দুটাত অসমে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে৷ আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনা [এবি-পিএমজেএৱাই]ৰ পঞ্চম বৰ্ষপূৰ্তিৰে সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা আৰোগ্য মন্থনৰ মঙলবাৰে সন্ধিয়া হোৱা সামৰণি অনুষ্ঠানত অসমক এই দুয়োটা বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড॰ মনসুখ মান্দাভিয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ আয়ুক্ত সচিব তথা অটল অমৃত অভিযান সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া ড॰ সিদ্ধাৰ্থ সিং আৰু স্বাস্থ্য সেৱা সঞ্চালক [পৰিয়াল কল্যাণ] তথা অটল অমৃত অভিযান সমিতিৰ উপমুখ্য কাৰ্যবাহী বিষয়া কমলজিৎ তালুকদাৰে৷ উল্লেখ্য, ২০২২ চনৰ ১ ছেপ্টেম্বৰৰ পৰা যোৱা ৩১ আগষ্টলৈ এটা বছৰত এবি-পিএমজেএৱাইৰ অধীনত অসমে প্ৰায় ১.৫৮ কোটি যোগ্য হিতাধিকাৰীৰ ই-কেৱাইচি সম্পূৰ্ণ কৰি আয়ুস্মান কাৰ্ড সৃষ্টিৰে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ সক্ষম হয়৷ একেদৰে অসমে উৎকৃষ্ট কাৰ্যপ্ৰণালী তথা ব্যৱস্থাপনাৰ সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণ সম্ভৱ কৰি তোলাৰ স্বীকৃতি হিচাপে দ্বিতীয়টো শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ আয়ুস্মান উৎকৃষ্টতা পুৰস্কাৰ লাভ কৰিলে৷ ইফালে, সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড॰ মান্দাভিয়াই মুখ্য অতিথি, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অধ্যাপক বাঘেলে বিশিষ্ট অতিথি আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী মহন্তই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ নিতি আয়োগৰ সদস্য [স্বাস্থ্য] ড॰ ভি কে পাল আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া সুধাংশ পণ্টো উপস্থিত থকা এই সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড॰ মান্দাভিয়াই কয় যে ২০১৮ চনৰ ২৩ ছেপ্টেম্বৰৰ পৰা আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাৰ কাৰ্যৰূপায়ণ হোৱাৰৰে পৰা দেশৰ দুখীয়া পৰিয়ালসমূহেও ধনীশ্ৰেণীৰ লোকৰ দৰেই অত্যাধুনিক চিকিৎসালয়তো উৎকৃষ্ট চিকিৎসা সেৱা গ্ৰহণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ এই আঁচনিয়ে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক স্বাস্থ্য নিশ্চয়তা প্ৰদান সমান্তৰালকৈ দুখীয়া লোকসকলৰ সামাজিক সৱলীকৰণতো মহত্ত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি তেওঁ উল্লেখ কৰে৷ ড॰ মান্দাভিয়াই কয়– ‘দেশৰ নাগৰিকসকল সুস্থ হৈ থাকিলেহে সমাজ আৰু দেশো সুস্থ হৈ প্ৰগতিৰ দিশত আগবাঢ়িব৷’ সমাজৰ পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহকো উন্নত, অত্যাধুনিক চিকিৎসা সেৱাৰ সুনিশ্চয়তা প্ৰদানৰ জৰিয়তেহে সমাজ আৰু দেশৰ প্ৰগতি ত্বৰান্বিত কৰাটো সম্ভৱ হ’ব৷’ অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো সন্মানীয় অতিথি হিচাপে সম্বোধন কৰি অসম চৰকাৰেও সকলোৰে বাবে সু-স্বাস্থ্যৰ লক্ষ্য পূৰণৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাৰ পৰা বঞ্চিত হৈ ৰোৱা ৰেছনকাৰ্ড থকা অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহকো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰে কেন্দ্ৰীয় আঁচনিখনৰ সমানেই বছৰি পাঁচ লাখ টকালৈ নগদবিহীন চিকিৎসা সেৱা উপলব্ধ কৰি স্বাস্থ্য নিশ্চয়তা প্ৰদান কৰি আয়ুস্মান অসম মুখ্যমন্ত্ৰী জনআৰোগ্য যোজনা [এএ-এমএমজেএৱাই] যোৱা ১০ মে’ৰ পৰা শুভাৰম্ভ কৰাৰ বিষয়ে অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীসহ উপস্থিত সকলোকে অৱগত কৰে৷ এবি-এমএমজেএৱাই আৰু আৰু এএ-এমএমজেএৱাই আঁচনি দুখনৰ জৰিয়তে অসমৰ মুঠ ১.৯৮ কোটি আৰ্থিক ভাৱে দুৰ্বল লোকক আয়ুস্মান কাৰ্ডৰ স্বাস্থ্য নিশ্চয়তা প্ৰদান কৰিবলৈ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ ইতিমধ্যে অসমে ইয়াৰে ১.৫৮ কোটি হিতাধিকাৰীৰ ই-কেৱাইচি পঞ্জীয়ন সম্পূৰ্ণ কৰিছে আৰু অৱশিষ্ট যোগ্য লোকসকলৰো অহা ৩১ অক্টোবৰৰ ভিতৰতে ই-কেৱাইচি পঞ্জীয়ন সম্পূৰ্ণ কৰি আয়ুস্মান কাৰ্ড প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই জানিবলৈ দিয়ে৷ 

মাৰ্ঘেৰিটাত আয়ুস্মান ভৱ স্বাস্থ্যমেলাত অংশগ্ৰহণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ এখন গাঁৱত আয়োজিত এখশ বিশেষ স্বাস্থ্যমেলাত অংশগ্ৰহণ কৰে৷ ‘আয়ুস্মান ভৱ পষেক’ কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগে মাৰ্ঘেৰিটাৰ লামাগাঁও প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা ‘বিশেষ স্বাস্থ্যমেলা’ত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ সৈতে উপস্থিত হৈ বিভাগীয় মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ বাবে আগবঢ়োৱা স্বাস্থ্য পৰীক্ষণ তথা চিকিৎসাসেৱাৰ সুবিধা উপলব্ধ কৰিবলৈ মেলাৰ জৰিয়তে লোৱা ব্যৱস্থাৱলী নিৰীক্ষণ কৰে৷ স্বাস্থ্যমেলালৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অহা গাঁওবাসীৰ লগতে এই স্বাস্থ্যমেলাৰ দায়িত্বত থকা চিকিৎসক, চিএইচঅ’, এএনএম, স্বাস্থ্যকৰ্মী, আশা ছুপাৰভাইজাৰ আৰু আশাকৰ্মীৰ সৈতেও স্বাস্থ্যমন্ত্ৰীয়ে মতবিনিময় কৰি দিহিং নৈপৰীয়া অঞ্চলটোৰ বাসিন্দাসকলৰ স্বাস্থ্যসেৱা বিষয়ক প্ৰয়োজনীয়তাৰ বুজ লয়৷ স্বাস্থ্যমন্ত্ৰী মহন্তই লামাগাঁৱৰ এই আয়ুস্মান ভৱ স্বাস্থ্যমেলাত অংশগ্ৰহণ কৰাৰ সময়ত তিনিচুকীয়া জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য আৰু লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ পোলক পালো উপস্থিত থাকি বিভাগীয় মন্ত্ৰীগৰাকীক সহযোগিতা আগবঢ়ায়৷ ইফালে, পিএমজেএৱাই-এমএমজেএৱাই আঁচনিৰ আয়ুস্মান কাৰ্ডৰ বাবে ই-কেৱাইচি পঞ্জীয়ন কৰিবলৈ এতিয়াও বাকী থকা লামাগাঁও আৰু দাঁতি-কাষৰীয়া এলেকাৰ ৰেচনকাৰ্ডধাৰী যোগ্য হিতাধিকাৰীসকলৰ বাবে আজিৰ এই স্বাস্থ্যমেলাতে ই-কেৱাইচি পঞ্জীয়নৰো বিশেষ ব্যৱস্থা কৰা হয়৷  উল্লেখ্য, যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈ দেশৰ আন ৰাজ্যৰ লগতে অসমতো স্বাস্থ্য বিভাগে আয়ুস্মান ভৱ পষেক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে৷