Logo
image

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ পাছত

অসমেই হয়তো ভাৰতৰ একমাত্ৰ ৰাজ্য য’ত হাজাৰ হাজাৰ মহিলাক ঋণৰ বোজাৰ পৰা ৰেহাই দিলে ৰাজ্য চৰকাৰে৷ মাইক্ৰ’ফাইনেঞ্চ বা ক্ষুদ্ৰ ঋণ বুলিলে সেইবোৰ ঋণক বুজোৱা হয় যিবোৰ ঋণৰ বিপৰীতে নাথাকে কোনো সম্পত্তিৰ বন্ধক৷ ১৯৭৪ চনত বাংলাদেশত অধ্যাপক মুহম্মদ ইউনুছে আৰম্ভ কৰা মাইক্ৰ’ফাইনেঞ্চ বা ক্ষুদ্ৰ ঋণ পৰৱৰ্তী সময়ত জনপ্ৰিয় হৈ উঠিছিল সমগ্ৰ বিশ্বত৷ বাংলাদেশৰ প্ৰায় এক কোটি দৰিদ্ৰ মহিলাক বিনা বন্ধকত ঋণ প্ৰদান কৰা গ্ৰামীণ বেংকক ২০০৮ বৰ্ষত নোবেল পুৰস্কাৰেৰে সমৃদ্ধ কৰিছিল বেংকটোৰ ঋণদান নীতিৰ কাৰণে৷ সম্পূৰ্ণ আস্থা আৰু বিশ্বাসৰ মাজত বৰ্তি থকা মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰিশোধৰ হাৰ বাংলাদেশত ৯৮ শতাংশ৷ দেশখনৰ গ্ৰামীণ বেংকটোৱে প্ৰদান কৰা ক্ষুদ্ৰ ঋণৰ সহায়ত দৰিদ্ৰ মহিলাসকলে সৰু সৰু অৰ্থনৈতিক কামৰ জৰিয়তে আৰ্থিক সকাহ দিছে পৰিয়ালৰ বাকী সদস্যক৷ গৰু-ছাগলী, মুৰ্গীৰ ফাৰ্ম খোলা, দোকান দিয়া, কৃষি ফাৰ্ম খোলা কৰ্মৰ জৰিয়তে সমগ্ৰ দেশতে এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰা বংগদেশৰ আৰ্হি ক্ষুদ্ৰ ঋণ আঁচনি ভাৰতত ১৯৮৩ চনত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত নাবাৰ্ডৰ অৰ্থ-সাহায্যত বাণিজ্যিক বেংকবোৰে আৰম্ভ কৰিছিল ক্ষুদ্ৰ ঋণ প্ৰদান কাৰ্য৷ আত্মসহায়ক গোটৰ সদস্যক [বিশেষকৈ মহিলা সদস্য] গোটৰ জৰিয়তে অধিক ঋণ প্ৰদান কৰিবলৈ ভাৰতত স্থাপন হ’বলৈ ধৰিলে ব্যক্তিগত খণ্ডৰ মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠান৷ সমগ্ৰ ভাৰতত তেনে মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানৰ সংখ্যা হৈছে প্ৰায় ২৬৭টা৷ অসমত কৰ্মৰত মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানৰ সংখ্যা হৈছে ১৮টা৷ অৱশ্যে, ভাৰতত কৰ্মৰত বাণিজ্যিক বেংকসমূহেও ক্ষুদ্ৰ ঋণ প্ৰদান কৰে আত্মসহায়ক গোটৰ মহিলাক৷

২০২১ চনত ৰাজ্যত প্ৰতিষ্ঠা হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনক শাসনলৈ অনাত বিশেষ ভূমিকা লৈছিল অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলে৷ নিৰ্বাচনত মহিলাক দলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰাজনৈতিক নেতাসকলে ঘোষণা কৰিছিল মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ প্ৰতিশ্ৰুতি৷ ২০২০-২১ বৰ্ষত দেশত হোৱা ক’ভিড মহামাৰীত অৰ্থনৈতিক কৰ্মৰ বাবে লোৱা মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ ধন মহিলাসকলে ব্যয় কৰিব লগাত পৰিছিল ঘৰ চলোৱাত৷ কাৰ্যতঃ বেংক আৰু মাইক্ৰ’মাইনেঞ্চ প্ৰতিষ্ঠানৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল ইতিমধ্যে প্ৰদান কৰা ঋণৰ ধন ঘূৰাই পোৱাত৷ ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিত সন্মোহিত মহিলাসকলে সকাহ পাইছে চৰকাৰৰ ঋণ মাফ কাৰ্যত৷ বেংক আৰু মাইক্ৰ’ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহেও এক দুৰ্যোগৰ পৰা সকাহ পাইছে চৰকাৰৰ পদক্ষেপত৷ কিন্তু এইখিনিতে প্ৰশ্ন হৈছে, অসমৰ মহিলাসকলে লোৱা মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ টকাবোৰ কিহত ব্যয় কৰিলে? বিভিন্ন গৱেষণাত পোৱা তথ্যমতে অসমত সৰহসংখ্যক মহিলাই মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লয় গৰু, গাহৰি, ছাগলী, মুৰ্গীৰ ফাৰ্ম খোলাৰ নামত৷ একাংশই ঋণৰ টকাৰে মাছপালনৰ বাবে পুখুৰী খন্দা, বোৱা-কটা কৰা আদি কামৰ বাবেও ঋণ লৈছিল৷ কিন্তু সত্যটো হৈছে যে বহুতো আত্মসহায়ক গোটে অৰ্থনৈতিক কামৰ বাবে লোৱা ঋণৰ টকা মহিলা সদস্যৰ মাজত বা স্থানীয় নাগৰিকৰ মাজত পুনৰ ঋণ হিচাপে আগবঢ়াই সুদ খোৱা ব্যৱসায়ত লিপ্ত হৈছিল৷ গোটৰ ঋণৰ টকাৰে মহিলাৰ মাজত বহুতে পুত্ৰৰ বাবে এখন বাইক কিনা, ম’বাইল কিনা, সন্তানৰ বিবাহত ব্যয় কৰা আদি অনা-অৰ্থনৈতিক কামত শৰাধ কৰিছিল৷

সাম্প্ৰতিক চৰকাৰে প্ৰদান কৰা ঋণ মাফ কাৰ্যই প্ৰকৃততে ক্ষুদ্ৰ ঋণৰ নীতি আদৰ্শক বিচলিত কৰিব পাৰে আগন্তুক দিনত৷ কোনো এক শ্ৰেণীৰ ঋণ মাফ কৰাটো ৰাজ্য চৰকাৰৰ এক্টিয়াৰৰ ভিতৰৰ যদিও অৰ্থনৈতিক দিশত তেনে পদক্ষেপে অসমৰ মহিলাক কিমান সবল কৰিব তাৰ পৰ্যালোচনা কৰাটো বাঞ্ছনীয়৷ চৰকাৰে আৰম্ভ কৰা ঋণ মাফ প্ৰক্ৰিয়াটোলৈ যদি আন ঋণ যেনে– কৃষি ঋণ, ক্ষুদ্ৰ উদ্যোগৰ ঋণ আদিক অনাৰ দাবী ঋণ লোৱা ব্যক্তিসকলে কৰে, কি কৰিব চৰকাৰে? যিসকল মহিলাই ৰাজনৈতিক কাৰণত চৰকাৰৰ পৰা ঋণ মাফৰ সুবিধা লাভ কৰিলে, তেওঁলোকে চৰকাৰক প্ৰতিশ্ৰুতি দিবনে যে ভৱিষ্যতে কেতিয়াও ঋণ মাফৰ দাবী নকৰোঁ বুলি? ভাৰতৰ কেৰালা, তামিলনাডু, কৰ্ণাটক আদি ৰাজ্যত আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী সমাদৃত হৈছে আন্তৰ্জাতিক বজাৰত৷ দক্ষিণৰ ৰাজ্যসমূহত মহিলা সবলীকৃত হৈছে মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ দ্বাৰা৷ বাংলাদেশৰ দৰিদ্ৰ মহিলাই ঋণৰ টকাৰে সন্তানক বিদেশলৈ পঠাব পাৰিছে শিক্ষাগ্ৰহণৰ বাবে৷ দেশখনৰ যিসকল মহিলাই মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈ অৰ্থনৈতিক কৰ্মত বিফল হৈছে, তেনে মহিলাক দ্বিতীয়টো বা তৃতীয়টো ঋণ প্ৰদান কৰিছে দেশখনৰ বেংকবোৰে৷ বেংক আৰু গ্ৰাহকৰ মাজত থকা বিশ্বাস আৰু আস্থাৰ প্ৰকৃত ছবি আজিও দেখা যায় বাংলাদেশত৷ অসমৰ মহিলাসকলেও মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈ ব্ৰতী হওক অৰ্থনৈতিক কাৰ্যত৷ মহিলা সবলীকৰণৰ তত্ত্বটোক বুজি উঠক মহিলাসকলে৷ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত কৰ্মৰ জৰিয়তে সবল হওক অসমৰ মহিলা৷ ঋণৰ টকাৰ হেৰাই পোৱা প্ৰতিগৰাকী মহিলাই উপলব্ধি কৰক যে চৰকাৰে প্ৰদান কৰা টকাৰ উৎস ৰাইজ৷ কৰ-কাটল আৰু ঋণ লৈ পোৱা চৰকাৰী পুঁজিৰ পৰা সকাহ দিয়া হৈছে ঋণৰ বোজাত থকা মহিলাক৷ অসম চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি ৰক্ষাৰ নামত ব্যয় কৰা ১৫,০০০ কোটি টকাৰ ঋণ মাফৰ টকাৰে অসমত কেইবাটাও বৃহৎ উদ্যোগ স্থাপন কৰিব পাৰিলেহেঁতেন৷ চৰকাৰী বাসগৃহৰ আশাত ভগা ঘৰত বাস কৰি থকা ব্যক্তি-পৰিয়ালৰ বাবেও একোটাকৈ বাসগৃহ নিৰ্মাণ কৰিব পাৰিলেহেঁতেন৷ দৰিদ্ৰতাৰ পৰিস্থিতিৰ মাজত জীয়াই থাকিবলৈ সংগ্ৰাম কৰি থকা অসমৰ এক কোটি দৰিদ্ৰ নাগৰিকৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেও বহুখিনি কৰণীয় আছে চৰকাৰৰ৷ ঋণৰ টকাৰে পুত্ৰৰ বাবে এখন বাইক কিনি বা এটা ম’বাইল কিনি বা সন্তানৰ বিবাহ পতা মহিলাসকলেও সংকল্প লওক– ঋণৰ টকাৰ সঠিক ব্যৱহাৰৰ৷