Logo
image

বাসযোগ্য নতুন স্থানৰ সন্ধানত শুক্ৰ অভিমুখে ইছৰোৰ অভিযান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ ছেপ্টেম্বৰঃ চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত এইবাৰ ইছৰো সৌৰজগতৰ সিটো দিশলৈ যোৱাৰ পৰিৱৰ্তে বিপৰীতমুখী যাত্ৰাৰ বাবে সাজু হৈছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ অন্যান্য কাৰ্যসূচী  অব্যাহত থকাৰ মাজতে এইবাৰ শুক্ৰ গ্ৰহলৈ অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে ইছৰোৱে৷ ইছৰোৰ মুৰব্বী এছ সোমনাথে প্ৰকাশ কৰিছে তেওঁলোকৰ এই বৃহৎ পৰিকল্পনাৰ কথা৷ দিল্লীৰ ‘ইণ্ডিয়ান নেশ্বনেল ছায়েন্স একাডেমী’ত আয়োজিত এক অনুষ্ঠানত ভাগ লৈ ইছৰোৰ অধ্যক্ষ এছ সোমনাথে আমাৰ সৌৰজগতৰ উজ্জ্বলতম গ্ৰহটোলৈ চলাবলগীয়া অভিযানৰ কথা প্ৰকাশ কৰে৷ এই অভিযানৰ নাম হ’ব শুক্ৰযান আৰু সকলো পৰিকল্পনা অনুসৰি আগবাঢ়িলে ২০২৪ চনৰ ডিচেম্বৰত ইছৰোৱে শুক্ৰ অভিমুখে শুক্ৰযান উৎক্ষেপণ কৰিব৷ মানৱ জাতিৰ উপযোগী বাসস্থানৰ সন্ধানতে ইছৰোৱে এই অভিযান চলাব বুলি প্ৰকাশ কৰিছে সোমনাথে৷ নতুন দিল্লীৰ ‘ইনছা’ত সোমনাথে কয়– ‘বহু অভিযান আমাৰ পৰিকল্পনাত আছে৷ কিন্তু শুক্ৰ গ্ৰহলৈ চলোৱা অভিযানৰ বিষয়ে সিদ্ধান্ত চূড়ান্ত হৈছে৷ তাৰ বাবে ‘পে-লোড’ [যন্ত্ৰাংশ] নিৰ্মাণ কৰি থকা হৈছে৷ শুক্ৰ এটা আকৰ্ষণীয় গ্ৰহ আৰু এই গ্ৰহৰ গৱেষণাই মহাকাশ বিজ্ঞানৰ বহু অজানা তথ্যৰ সন্ধান দিব৷ শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল আছে৷ কিন্তু এই বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলৰ তুলনাত ১০০ গুণ অধিক ডাঠ৷ শুক্ৰৰ বায়ুমণ্ডল এচিডেৰে পৰিপূৰ্ণ৷ সেয়ে শুক্ৰৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা অসম্ভৱ৷ কিন্তু গ্ৰহটোৰ উপৰিভাগ কঠিন নে কোমল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ আমাৰ পৃথিৱীখনো এদিন শুক্ৰৰ দৰে হৈ পৰিব পাৰে৷ মই নাজানো, ১০,০০০ বছৰৰ পাছতো হ’ব পাৰে৷ কিন্তু পৃথিৱীয়ে যে বৈশিষ্ট সলনি কৰি আছে সেয়া সকলোৱে বুজিছে৷ পৃথিৱী এদিন বাসপোযোগী হৈ নাথাকিব৷’

পৃথিৱীৰ বেছিসংখ্যক মহাকাশ গৱেষণা সংস্থাই শুক্ৰ অভিযানৰ প্ৰতি সিমান গুৰুত্ব প্ৰদান কৰা নাই৷ কিয়নো অতি স্বাভাৱিকভাৱে ই পৃথিৱীতকৈ সূৰ্যৰ অধিক কাষত থকাৰ বাবে ইয়াৰ পৰিৱেশ কম-বেছি পৰিমাণে অগ্নিবলয়ৰ দৰে৷ শুক্ৰ গ্ৰহৰ সাধাৰণ তাপমাত্ৰাই ৪৭৫ ডিগ্ৰী চেলছিয়াছ৷ উল্লেখ্য, ১০০ ডিগ্ৰী চেলছিয়াছত পানী উতলে৷ তাৰ প্ৰায় পাঁচগুণ অধিক তাপমাত্ৰা থাকে শুক্ৰৰ উপৰিভাগত৷ এনে কাৰণতে শুক্ৰক বিশ্বৰ কোনো মহাকাশ বিজ্ঞান সংস্থাই মানৱ জাতিৰ ভৱিষ্যতৰ বাসস্থান হিচাপে ভবা নাই৷ অৱশ্যে নাছাই ১৯৬২ চনতে শুক্ৰক উদ্দেশ্যি মেৰিনাৰ-২ নামৰ অভিযান চলাইছিল, যি গ্ৰহটোৰ কেইবাহাজাৰ কিলোমিটাৰ দূৰেৰে পাৰ হৈ গৈছিল৷ নাছাই ২০২৭ত ভেৰিটাছ আৰু ডাভিন্সি নামৰ আন অভিযানো শুক্ৰলৈ চলাব৷ ইছৰোৱে প্ৰেৰণ কৰিবলগীয়া শুক্ৰযানো শুক্ৰত অৱতৰণ নকৰে৷ কিয়নো গ্ৰহটোৰ প্ৰচণ্ড তাপমাত্ৰাত তেনে যান ভস্মীভূত হৈ যাব৷ তদুপৰি শুক্ৰৰ ডাঠ বায়ুমণ্ডল ভেদ কৰা সহজসাধ্য নহয়৷ ইছৰোৰ শুক্ৰযানে শুক্ৰক প্ৰদক্ষিণহে কৰিব৷ যেতিয়া ই গ্ৰহটোৰ একেবাৰে কাষ চাপিব তেতিয়া দূৰত্ব হ’ব ৫০০ কিলোমিটাৰ আৰু যেতিয়া আঁতৰি যাব তেতিয়া দূৰত্ব হ’ব ৬০,০০০ কিলোমিটাৰ৷ শুক্ৰযানে শুক্ৰৰ বায়ুমণ্ডল, উপৰিমণ্ডল আৰু সূৰ্যৰ ৰশ্মিয়ে সৃষ্টি কৰা পৰিৱেশ অধ্যয়ন কৰিব৷