Logo
image

গৌৰৱ গগৈক আদালতৰ জাননী, মুখ বন্ধৰ নিৰ্দেশ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকা ৰাজসাহায্য লাভ কৰাৰ প্ৰসংগত ৰাজহুৱা কোনো মন্তব্য দিব নোৱাৰিব কংগ্ৰেছ সাংসদ গৌৰৱ      গগৈয়ে৷ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা ১০ কোটি টকাৰ মানহানিৰ গোচৰতে গৌৰৱ গগৈক মুখ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান জাৰি কৰিছে কামৰূপ মহানগৰ জিলা দেৱানী আদালতে৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় খাদ্য সংসাধন আৰু উদ্যোগ মন্ত্ৰণালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা আঁচনিৰ ১০ কোটি টকা ৰাজ্য সাহায্য লাভ কৰা বুলি অভিযোগ কৰিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ সাংসদ গগৈয়ে কেন্দ্ৰীয় খাদ্য সংশোধন আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সাংসদত দাখিল কৰা প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ ১০ কোটি টকা ৰাজ সাহায্যৰ অনুমোদন লাভ কৰা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মুৰব্বী ৰিণিকি ভূঞা শৰ্মাৰ নাম সম্বলিত এখন তালিকাও টুইটাৰত আপলোড কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ লগতে ৰিণিকি ভূঞা শৰ্মায়ো কেন্দ্ৰৰ পৰা ৰাজ সাহায্যৰ কোনো ধন লাভ কৰা নাই বুলি স্পষ্ট কৰি সাংসদ গৌৰৱ গগৈৰ অভিযোগক অস্বীকাৰ কৰিছিল৷ পৰৱৰ্তী সময়ত গৌৰৱ গগৈৰ বিৰুদ্ধে ২২ ছেপ্টেম্বৰত কামৰূপ মহানগৰ জিলা দেৱানী আদালতত ১০কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে ৰিণিকি ভূঞা শৰ্মাই৷ বুধবাৰে ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰি দেৱানী আদালতে ৰিণিকি ভূঞা শৰ্মাই দহ কোটি টকা ৰাজসাহায্য লোৱা প্ৰসংগত সাংসদ গৌৰৱ গগৈক ৰাজহুৱা বক্তব্য প্ৰদানত নিষেধাজ্ঞা আৰূপ কৰে৷ আদালতে লগতে টুইটাৰতো সাংসদজনক এই বিষয়টোৰ লগত সম্পৰ্ক থকা কোনো নথি আপলোড কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে৷ তদুপৰি এই নিৰ্দেশনা কিয় বাহাল ৰখা নহ’ব সেই সন্দৰ্ভত গৌৰৱ গগৈক কাৰণ দৰ্শেৱাৰ বাবেও নিৰ্দেশ দিয়ে দেৱানী আদালতে৷ আদালতে ৯ নৱেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি উক্ত দিনটোত সাংসদ গৌৰৱ গগৈক আদালতত সো-শৰীৰে হাজিৰ হৈ স্থিতি স্পষ্ট কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে৷