Logo
image

পুনৰ ১,০০০ কোটি টকা ধাৰ ল’ব অসম চৰকাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰঃ পুনৰ ৰাজ্য চৰকাৰে ১০০০ কোটি টকাৰ ঋণ ল’ব৷ তিনি অক্টোবৰত এই ঋণ গ্ৰহণ কৰিব৷ ৰিজাৰ্ভ বেংকৰ জৰিয়তে দহ বছৰৰ বাবে চিকিউৰিটি নিলাম কৰি ৰাজ্য চৰকাৰে এই ঋণ গ্ৰহণ কৰিব৷ উল্লেখ্য যে ছেপ্টেম্বৰ মাহতে ৰাজ্য চৰকাৰে দুবাৰকৈ মুঠ ১৫০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল৷ যোৱা পাঁচ ছেপ্টেম্বৰত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ বিপৰীতে চৰকাৰখনে এক সপ্তাহ নৌহওঁতেই ১২ ছেপ্টেম্বৰত পুনৰ ৫০০ কোটিৰ ঋণ গ্ৰহণ কৰিছিল৷ মুকলি বজাৰৰ পৰা অত্যাধিক সুদত ৰাজ্য চৰকাৰে এই ঋণ গ্ৰহণ কৰিছিল৷ উল্লেখ্য, ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে দুবছৰীয়া চাৰিমাহৰ কাৰ্যকালতে ৪৩ হাজাৰ কোটি টকাৰ ঋণ লোৱা বুলি অখিল গগৈকে ধৰি একাংশ বিৰোধীয়ে অভিযোগ কৰি আহিছে৷ ৰাজ্যৰ বিজেপি চৰকাৰৰ সাতবছৰীয়া কাৰ্যকালত সৰ্বমুঠ ৯১ হাজাৰ কোটি টকাৰ ধাৰ লোৱা বুলি তথ্য প্ৰকাশ পাইছে৷ অথচ ১৯৪৭ চনৰ পৰা ২০১৬ চনলৈ ৰাজ্যৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৪২ হাজাৰ কোটি টকা৷ ধাৰ লোৱা ধনৰ অধিকাংশই বৰ্তমানৰ চৰকাৰে হিতাধিকাৰী পোষণ তথা অনুৎপাদনমূলক কামত ব্যৱহাৰ কৰা বুলিও অভিযোগ উঠিছে৷ তথ্য অনুসৰি অসম চৰকাৰে ২০১২-১৩ বৰ্ষৰ পৰা ১০টা বছৰত ঋণ হিচাপে লৈছে ১,০১,৯৯৬.৯৫ কোটি টকা৷ এইখিনি সময়ত কেৱল সূদৰ বাবদ চৰকাৰখনে আদায় দিবলগীয়া হৈছে ৩৪,৯৬৮.৫ কোটি টকা৷ বিধায়ক আমিনুল ইছলামৰ তৰাযুক্ত প্ৰশ্নৰ উত্তৰত সদ্যসমাপ্ত বিধানসভাৰ শৰৎকালীন অধিৱেশনত এই কথা প্ৰকাশ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ বিত্তমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰা তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ ঋণৰ পৰিমাণ ৮৩,১৬৯.০৪ কোটি টকা৷ অৰ্থাৎ দহ বছৰৰ ভিতৰত বিজেপি শাসিত চৰকাৰে ঋণ লৈছে প্ৰায় ৮২ শতাংশ৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ মহাগাণনিক, অসমৰ তথ্য অনুসৰি ২০২২ বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত ৰাজ্যখনৰ ওপৰত থকা ঋণৰ বোজা ৯৪,৭১২ কোটি টকা৷ চৰ্ত অনুসৰি ঋণসমূহ পৰিশোধ কৰি থকা বুলি সদনক অৱগত কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷ আনহাতে, বিধায়ক ৰকিবুদ্দিন আহমেদে সোধা এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে সদনক জনায় যে ২০২০-২১ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ তিনিটা বছৰত কেৱল অৰুণোদয় আঁচনিৰ নামত ব্যয় কৰা হৈছে ৫১৭৬.৭৯ কোটি টকা৷ ২০২০-২১ বৰ্ষত উক্ত আঁচনিত ৮৫০.২২ কোটি টকা, ২০২১-২২ বৰ্ষত ১,৮২৫.৫৩ কোটি টকা আৰু ২,৫০১.০৪ কোটি টকা৷ ২০২২-২৩ বৰ্ষৰ তথ্য প্ৰভিজনেল৷ প্ৰকৃত তথ্য আৰু বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৩ অক্টোবৰত পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১০ কোটি টকা হিমাচল প্ৰদেশলৈ বান সাহায্য হিচাপে আগবঢ়াইছে৷ মুখ্যমন্ত্ৰীৰ হৈ আজি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ছিমলাত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ হাতত ১০ কোটিৰ চেক অৰ্পন কৰে৷