Logo
image

দেশৰ ভিতৰতে অসমত ব্ৰইলাৰ মুৰ্গীৰ দাম বেছি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰঃ কণী, শাক-পাচলিয়েই নহয়, অসমত ব্ৰয়লাৰতো চলে ছিণ্ডিকেট৷ ছিণ্ডিকেটৰ বাবে দেশৰ ভিতৰত আটাইতকৈ বেছি দামত ব্ৰয়লাৰ ক্ৰয় কৰি খাবলগীয়া হয় অসমৰ লোকে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে  ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে লোৱা ভূমিকাক কাৰ্যতঃ নস্যাৎ কৰি মাধমাৰ শোধাই গৈছে এটা দুষ্ট চক্ৰই৷ যি সময়ত পঞ্জাবত ব্ৰয়লাৰৰ কিলোত ৯৫ টকা, হাৰিয়ানাত ৯৫টকা, হিমাচল প্ৰদেশত ৯৫ টকা, দিল্লীত ১০০ টকা, উত্তৰ প্ৰদেশত ১১২ টকা, মধ্য প্ৰদেশত ৯৮ টকা, ৰাজস্থানত ৯৪ টকা, বিহাৰত ১১৮ টকা, পশ্চিম বংগৰ কলকাতাত ১২৬ টকা, শিলিগুৰিত ১২৪ টকা, ঝাৰখণ্ডত ১২২ টকা, ওড়িশাত ১০৮ টকা, গুজৰাটত ১০৩ টকা, মধ্য প্ৰদেশৰ নাচিকত ৯৮ টকা, পুনেত ৯৬ টকা,  মিৰাজত ১০০ টকা, ছত্তীশগড়ত ১০৮ টকা, অন্ধ্ৰ প্ৰদেশৰ ভাইজাগত ১০৬ টকা, বিজয়ৱাড়াত ৯৯ টকা, টেলেংগানাত ৮৭ টকা, কৰ্ণাটকত ৯৩ টকা, তামিলনাডুত ৯০ টকা, কেৰালাত ৯৪ টকা সেই সময়ত অসমত ব্ৰয়ালৰ মুৰ্গীৰ দাম কিলোত ১৪৮ টকা৷ অৰ্থাৎ দেশৰ ভিতৰত অসমতে ব্ৰয়লাৰৰ দাম সৰ্বাধিক৷ চৰকাৰখনক এনেদৰে দেখ দেখকৈ প্ৰত্যাহ৩ান জনোৱাৰ বাবে ছিণ্ডিকেটক ধন্যবাদ দিবই লাগিব৷ ছিণ্ডিকেটৰ নায়কসকল অদৃশ্য শক্তিৰে বলীয়ান হোৱা বাবে হয়তো অসমত ব্ৰয়লাৰৰ দাম দেশৰ ভিতৰতে সৰ্বাধিক হৈছে৷ আজিৰ তাৰিখত ৰাজ্যৰ প্ৰতিষ্ঠিত ব্ৰয়লাৰ বিক্ৰী প্ৰতিষ্ঠানত ব্ৰয়লাৰৰ দাম কিলোত ১৮২ টকা৷ আওহতীয়া ঠাইৰ দোকানসমূহত যে ইয়াৰ দাম আৰু অধিক তাক বৰ্ণনা কৰাৰ প্ৰয়োজন নাই৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাছতে ছিণ্ডিকেট বন্ধ কৰিম বুলি ঘোষণা কৰিছিল৷ লোকক দেখুৱাই অভিযান চলাইছিল ছিণ্ডিকেটৰ বিৰুদ্ধে৷