Logo
image

কেজৰিৱালৰ বাংলো নিৰ্মাণত দুৰ্নীতি! গোচৰ চিবিআইৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ ছেপ্টেম্বৰঃ আম আদমি পাৰ্টীৰ নেতা মনীষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈনৰ পাছত এইবাৰ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিপদত পৰাটো নিশ্চিত হৈ পৰিছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহ নিৰ্মাণ কেলেংকাৰিৰ সন্দৰ্ভত প্ৰাথমিক তদন্তৰ বাবে গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআয়ে৷ উল্লেখ্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ ৪৫ কোটি টকা ব্যয়ৰে প্ৰাসাদোপম অট্টালিকা নিৰ্মাণক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল৷ চৰকাৰী বাংলোটোৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰিছিল বিজেপিৰ লগতে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে৷ এই সন্দৰ্ভত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে মুখ্যমন্ত্ৰীৰ বাংলোটোৰ সন্দৰ্ভত তদন্তৰ আৰ্জিৰে বিগত মে’ মাহতে চিবিআইৰ সঞ্চালকলৈ পাঁচ পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ কৰিছিল৷ এই অভিযোগৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাংলো নিৰ্মাণত দুৰ্নীতি সংঘটিত হৈছিল নেকি তাক তদন্তৰ বাবে চিবিআইক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ গৃহ মন্ত্ৰণালয়ৰ এই নিৰ্দেশৰ পাছতেই বুধবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে কেজৰিৱালৰ বাংলো নিৰ্মাণৰ কেলেংকাৰি তদন্তৰ বাবে প্ৰাথমিক গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য, আপৰ মুৰব্বী তথা বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ অন্যতম শক্তিশালী নেতা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে শেহতীয়াকৈ আক্ৰমণাত্মক স্থিতি লৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ আনকি অৰবিন্দ কেজৰিৱালেও মোদী চৰকাৰৰ বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে৷ এনে সময়তে অৰবিন্দ কেজৰিৱালৰ বাংলো কেলেংকাৰি তদন্তৰ বাবে চিবিআয়ে গোচৰ পঞ্জীয়ন কৰা বিষয়টোৱে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে৷ লক্ষণীয়ভাৱে কেন্দ্ৰৰ বিজেপি চৰকাৰে বিৰোধী নেতাসকলৰ বিৰুদ্ধে বিভিন্ন তদন্তকাৰী সংস্থা নিয়োগ কৰি হেঁচা প্ৰয়োগ কৰি আহিছে৷ শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুকো গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় সংস্থাই৷ আনকি বিগত সময়ছোৱাত আপৰ দুই শীৰ্ষ নেতা মনীষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ গাৰ্গক গ্ৰেপ্তাৰ কৰি বৰ্তমানো কাৰাবন্দী কৰি ৰাখিছে৷ ইয়াৰ পাছতেই আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় চৰকাৰে লক্ষ্য কৰি লোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ গৃহ মন্ত্ৰণালয়ে চিবিআইৰ সমান্তৰালভাৱে মহাগাণনিক অৰ্থাৎ কেগকো কেজৰিৱালৰ বাংলোৰ সন্দৰ্ভত অডিট ৰিপ’ৰ্ট দাখিল কৰাৰ বাবে নিৰ্দেশ দিছে৷ ইফালে চিবিআয়ে গোচৰ ৰুজু কৰাৰ পাছতেই অৰবিন্দ কেজৰিৱালৰ বাংলোটোৰ সন্দৰ্ভত সকলো নথি-পত্ৰ তিনি অক্টোবৰৰ ভিতৰত দাখিল কৰিবলৈ দিল্লী প্ৰশাসনক নিৰ্দেশ দিছে চিবিআইৰ তদন্তকাৰী বিষয়াই৷