Logo
image

বজালীৰ সাদেৰীৰ শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন; হঠাতে অসুস্থ কেইবাগৰাকী শিক্ষাৰ্থী

আমাৰ অসম বজালীৰ প্ৰতিবেদক ২৮ ছেপ্টেম্বৰঃ পাঠশালা সমীপৰ সাদেৰীৰ শ্বহীদ ৰাউতা মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হঠাতে এগৰাকী ছাত্ৰ সহ কেইবাগৰাকীও ছাত্ৰী হঠাতে আজি অসুস্থ হৈ পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে ৷জানিব পৰা মতে বিদ্যালয়ত প্ৰাৰ্থনা চলি থকাৰ সদয়তে এজন ছাত্ৰ অসুস্থ হৈ পৰে ৷ছাত্ৰজনক ততাতৈয়াকৈ সাদেৰী ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷তাৰ পিছত বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পিছত বিভিন্ন ক্লাছৰ এজন এজনকৈ প্ৰায় ১৭ গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰে ৷ লগে লগে বিদ্যালয়খনত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷অসুস্থ ছাত্ৰী সকলৰ সাদেৰী ৰাজ্যিক চিকিৎসালয়ৰ লগতে পাঠশালা  শ্বহীদ ৰাউতা মদন অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইয়াৰ সাতগৰাকীক  সাদেৰী আৰু বাকী সকলক পাঠশালাৰ  শ্বহীদ ৰাউতা মদন চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে ৷আটাইগৰাকী ছাত্ৰ-ছাত্ৰী বৰ্তমান বিপদ মুক্ত বুলি জানিব পৰা গৈছে ৷সাদেৰী ৰাজ্যিক চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক গৰাকীয়ে জানিবলৈ দিয়া মতে ছাত্ৰ-ছাত্ৰী সকলৰ শৰীৰত পানীৰ অভাৱ অৰ্থাৎ ডিহাইড্ৰেচন নাইবা স্কুললৈ আহোতে ভালদৰে খাই নোহোৱা আৰু অত্যাধিক গৰমৰ বাবে এনেকুৱা হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে বুলি চিকিৎসক গৰাকীয়ে  জানিবলৈ দিয়ে ৷