Logo
image

হৃদৰোগত বাঢ়িছে যুৱপ্ৰজন্মৰ মৃত্যুৰ হাৰঃ হৃদ দিৱস উপলক্ষে 'দ্য হাৰ্ট, সহৃদয় গোষ্ঠী'ৰ সজাগতামূলক কাৰ্যসূচী


ডিজিটেল সংবাদ, গুৱাহাটীঃ “হৃদৰোগ বিশ্ববাসীৰ বাবে অশনি সংকেত হৈ পৰিছে ৷ এইক্ষেত্ৰত জনসাধাৰণ সজাগ-সচেতন নহ’লে অনাগত সময়ত হৃদৰোগ মানৱ সমাজৰ বাবে অধিক ভয়াৱহ হৈ উঠিব পাৰে ৷” এই মন্তব্য 'দ্য হাৰ্ট, সহৃদয় গোষ্ঠী'ৰ সভাপতি, হৃদৰোগ বিশেষজ্ঞ ডাঃ চন্দন মোদকৰ ৷ সমগ্ৰ পৃথিৱীজুৰি শুকুৰবাৰে উদ্‌যাপিত হ’বলগীয়া 'বিশ্ব হৃদ দিৱস' উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলত এইদৰে কয় তেওঁ ৷ তেওঁ কয় যে এইবেলি বিশ্ব হৃদ দিৱসৰ মূল বিষয় হৈছে 'use heart, know heart' ৷ কিয়নো সকলো মানুহৰ হৃদযন্ত্ৰ জন্মৰ পৰা জীৱনৰ অন্তিম পৰ্যায়লৈ ব্যৱহৃত হৈ থাকে ৷ সেয়ে হৃদযন্ত্ৰৰ বিষয়ে সকলো মানুহে অন্ততঃ প্ৰাথমিক কিছু কথা জানিব পাৰিলে ভাল ৷ ক্ৰমবৰ্ধমান হৃদৰোগ প্ৰতিৰোধৰ বাবে এয়া অত্যন্ত দৰকাৰী ৷ সম্প্ৰতি বিশ্বত হৃদৰোগ ব্যাপক হাৰত বাঢ়ি অহাৰ তথ্য উল্লেখ কৰি ডাঃ মোদকে লগতে কয়, “আমেৰিকাত প্ৰতি ৩৩ ছেকেণ্ডত এজন লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে ৷ বিগত ২০২১ চনত দেশখনত ৬,৯৫,০০০ গৰাকী মানুহৰ হৃদৰোগত মৃত্যু হৈছে ৷ ভাৰতবৰ্ষতো নীৰৱ ঘাতক হৃদৰোগ দিনে দিনে বাঢ়ি আহিছে ৷ ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত হৃদৰোগত মৃত্যুৰ পৰিসংখ্যা ২.২৬ মিলিয়নৰ পৰা ৪.৭৭ মিলিয়নলৈ বৃদ্ধি পাইছে ৷ লক্ষণীয় যে আমাৰ দেশত গ্ৰাম্য জনজীৱনৰ তুলনাত নগৰীয়া জনজীৱনত হৃদৰোগীৰ সংখ্যা অধিক৷ এই সময়ছোৱাত গ্ৰামাঞ্চলত ১.৬% ৰ পৰা ৭.৪%লৈ আৰু নগৰাঞ্চলত ১%ৰ পৰা ১৩.২% লৈ হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷” 

বিশ্ব স্বাস্থ্য সংস্থাৰ এক পৰিসংখ্যা সদৰী কৰি তেওঁ পুনৰ কয় যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি  ভাৰতত ৪০-৬৯ বয়সৰ ভিতৰত ৪৫% লোকৰ মৃত্যুৰ কাৰণ হৃদৰোগ ৷ তদুপৰি ৫০% হৃদ আক্ৰান্ত লোকৰ ২৫% লোক ৪০ বছৰ বা ইয়াৰ অনুৰ্ধৰ হোৱাটো উদ্বিগ্নতাৰ বিষয় ৷ শংকাৰ কাৰণ এয়ে যে বিশ্বৰ প্ৰায় ৬০% হৃদ আক্ৰান্ত ভাৰতৰ৷ এয়া আমাৰ দেশৰ স্বাস্থ্যখণ্ডৰ  বাবে এক গধুৰ বোজা ৷ ধপাত-সুৰা সেৱনৰ নিচা, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, বৰ্তমানৰ বিভিন্ন চাপযুক্ত জীৱনশৈলী, কেৱল জিভাৰ জুতিৰ বাবে গ্ৰহণ কৰা স্বাস্থ্যৰ পৰিপন্থী আহাৰ, ব্যায়াম তথা প্ৰয়োজনীয় শাৰীৰিক শ্ৰমৰ প্ৰতি আওকান, মেদবহুলতা আৰু প্ৰকৃতিৰ সন্তুলনহীনতা সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ক্ৰমবৰ্দ্ধিত হৃদৰোগৰ অন্যতম কাৰণ ৰূপে বিবেচিত হোৱা বুলি কয় তেওঁ ৷ উল্লেখ্য যে এই বিষয়ে সজাগতা সৃষ্টি কৰি জনসাধাৰণক স্বাস্থ্যৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে প্ৰতিবছৰে ২৯ ছেপ্তেম্বৰত বিশ্ব হৃদ দিৱস উদ্‌যাপন কৰি অহা হৈছে৷ ইয়াৰে সংগতি ৰাখি শুকুৰবাৰে ৰাজ্যখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা 'দ্য হাৰ্ট, সহৃদয় গোষ্ঠী'য়ে গুৱাহাটী মহানগৰীত এটি স্বাস্থ্য সজাগতা শোভাযাত্ৰা উলিয়াব ৷ দিছপুৰ হাস্পতালৰ পৰা পুৱা ৫ঃ৩০ বজাত আৰম্ভ হৈ সচিবালয়ৰ সন্মুখেৰে গনেশগুৰি হৈ পুনৰ দিছপুৰ হাস্পতাললৈ আহিব শোভাযাত্ৰা ৷ একদৰে সংস্থাটোৱে বিয়লি ১ঃ৩০ বজাত ধুবুৰীতো ৰূপসী বিমান বন্দৰৰ পৰা এটি সজাগতা সমদল উলিয়াব বুলি সদৰী কৰে ডাঃ মোদকে ৷