Logo
image

বিজেপি কাৰ্যালয়ত জুই, মুখ্যমন্ত্ৰী আক্ৰান্ত

ইম্ফল, ২৯ ছেপ্টেম্বৰঃ পুনৰ জ্বলিছে মণিপুৰ৷ দুজন নিৰুদ্দিষ্ট ছাত্ৰ-ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ পাছতে হিংসাজৰ্জৰ ৰাজ্যখনৰ পৰিস্থিতি পুনৰ অগ্নিগৰ্ভ হৈ উঠিছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছে যে মণিপুৰৰ থৌবাল জিলাত থকা বিজেপিৰ জিলা কাৰ্যালয়টো ক্ষুব্ধ জনতাই জ্বলাই দিয়াৰ লগতে আনকি মুখ্যমন্ত্ৰী বীৰেন সিঙৰ হেইনগেঙত থকা বাসগৃহটো প্ৰতিবাদী জনতাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে৷ এই ঘটনাত উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হয়৷ ইয়াকে কেন্দ্ৰ কৰি হেইনগেঙৰ  মুখ্যমন্ত্ৰীৰ বাসভৱনৰ বাহিৰত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ আনহাতে প্ৰতিবাদী জনতাই বৃহস্পতিবাৰে বিজেপিৰ কেইবাজনো নেতাৰ ঘৰত আক্ৰমণ চলাই বাসগৃহ লণ্ডভণ্ড কৰে৷ প্ৰতিবাদীসকলে আৰক্ষীৰ একাধিক বাহন জ্বলাই দিয়াৰ লগতে ৰাজপথত স্থাপন কৰা বেৰিকেডো ভাঙি চূৰমাৰ কৰে৷ সেইদৰে থৌবাল জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে আন কেইবাঠাইতো প্ৰতিবাদকাৰীয়ে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অগ্নিসংযাগ কৰাৰ চেষ্টা চলায়৷ এই সময়ছোৱাত নিৰাপত্তাৰক্ষী আৰু  আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰীসকলে ধাৰাষাৰে শিলাবৰ্ষণ কৰাৰ লগতে আৰক্ষীৰ হাতৰ পৰা আগ্নেয়াস্ত্ৰও কাঢ়ি নিয়ে৷ উল্লেখ্য যে শেহতীয়াকৈ দুজন নিৰুদ্দিষ্ট ছাত্ৰ-ছাত্ৰীৰ মৃতদেহ উদ্ধাৰৰ পাছতে মণিপুৰৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ বুধবাৰৰ পৰা নিহত ছাত্ৰ-ছাত্ৰী দুজনৰ বাবে ন্যায় বিচাৰি হাজাৰ হাজাৰ যুৱক-যুৱতী ৰাজপথলৈ ওলাই আহে৷ বৃহস্পতিবাৰে পৰিস্থিতি অধিক জটিল হৈ পৰে৷ পুৱাৰে পৰা ইম্ফলকে ধৰি বিভিন্ন এলেকাত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় হাজাৰ হাজাৰ প্ৰতিবাদী৷ এই ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেইবাবাৰো গুলীচালনা কৰে৷ কিন্তু ইয়াৰ পাছতো প্ৰতিবাদী জনতাই মণিপুৰৰ পৰা অদ্ধৰ্সামৰিক বাহিনী আৰু নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ দাবীত অটল হৈ থাকে৷ সন্ধিয়া প্ৰতিবাদীসকল মুখ্যমন্ত্ৰীৰ বাসভৱনত আক্ৰমণৰ উদ্দেশ্যে আগবঢ়াত অদ্ধৰ্সামৰিক বাহিনী আৰু আৰক্ষীয়ে গুলীচালনা কৰে৷ এই বাতৰি যুগুত কৰালৈকে এই ঘটনাত হতাহতৰ বিষয়ে জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইম্ফলত কেইদিনমান পূৰ্বে শিথিল কৰা সান্ধ্যআইন প্ৰশাসনে পুনৰ বলৱৎ কৰিবলৈ বাধ্য হৈছে৷ একেদৰে কেইবাখনো জিলাত ইণ্টাৰনেটো কৰ্তন কৰা হৈছে৷ মণিপুৰত ইণ্টাৰনেট খোলাৰ লগে লগে এহাল নিৰুদ্দিষ্ট ছাত্ৰ-ছাত্ৰীৰ হত্যাৰ খবৰ বিয়পি পৰে৷ ইয়াৰ পাছতে পুনৰ ইম্ফলকে ধৰি বিভিন্ন এলেকাৰ ৰাজপথত শ শ পুৰুষ-মহিলাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ওলাই আহে৷ আক্ৰমণৰ লক্ষ্য হৈ পৰে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী আৰু অদ্ধৰ্সামৰিক বাহিনীৰ জোৱানসকল৷ বুধবাৰে সংঘটিত এই ঘটনাত আৰক্ষীকে ধৰি ষাঠিজনৰো অধিক লোক আহত হয়৷  পৰিস্থিতি অধিক জটিল হৈ পৰাত ইম্ফলত শিথিল কৰি দিয়া সান্ধ্যআইন পুনৰ বলৱৎ কৰিবলৈ বাধ্য হৈ পৰিছে প্ৰশাসন৷ উল্লেখ্য যে মণিপুৰৰ শেহতীয়া হিংসাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰে পুনৰ অশান্ত অঞ্চলৰূপে ঘোষণা কৰি ১৯খন থানা এলেকাক অতি স্পৰ্শকাতৰ অঞ্চলৰূপে চিহ্নিত কৰিছে৷ পুনৰ ছমাহৰ বাবে প্ৰয়োগ কৰা হৈছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন৷  ইপিনে মণিপুৰৰ শেহতীয়া হিংসাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যখনলৈ জম্মু-কাশ্মীৰত কৰ্মৰত হৈ থকা আই পি এছ বিষয়া ৰাকেশ বালৱালক নিযুক্তি দিয়াৰ বাতৰি পোৱা গৈছে৷ উল্লেখ্য যে ২০১২ চনৰ মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া ৰাকেশ বালৱাল বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অতি বিশ্বস্তৰূপে পৰিচিত৷ জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাছত উপত্যকাটোৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বালৱালক শ্ৰীনগৰলৈ প্ৰেৰণ কৰিছিল৷ অতি কঠোৰ বিষয়াৰূপে পৰিচিত এইজন আই পি এছ বিষয়াক মণিপুৰলৈ ওভতাই অনা হৈছে৷ ইপিনে দুজন ছাত্ৰ-ছাত্ৰীৰ হত্যাকাণ্ডক লৈ পুনৰ অশান্ত হৈ পৰা মণিপুৰৰ  হিংসাৰ তদন্ত কৰিবলৈ বুধবাৰে চিবিআইৰ এটা দল আহি উপস্থিত হৈছে৷ চিবিআইৰ বিশেষ সঞ্চালক অজয় ভাটনগৰৰ নেতৃত্বত অহা দলটোৱে বৃহস্পতিবাৰে নিৰুদ্দিষ্ট ছাত্ৰ-ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা স্থান পৰিদৰ্শন কৰাৰ লগতে তদন্তৰ কাম আৰম্ভ কৰা বুলি জানিব  পৰা গৈছে৷ স্মৰ্তব্য যে যোৱা মে’ মাহৰ পৰা মণিপুৰত কুকি আৰু মেইটেইসকলৰ মাজত গোষ্ঠীগত হিংসাৰ্ৰ সূত্ৰপাত ঘটে৷ এই হিংসাই পৰৱৰ্তী সময়ত ৰক্তাক্ত ৰূপ ধাৰণ কৰে৷ য’ত  ডেৰ শতাধিকৰো অধিক লোকৰ মৃত্যু ঘটাৰ লগতে দুই সহস্ৰাধিক লোক চিৰদিনলৈ ঘূণীয়া হয়৷ গৃহহাৰা হয় কেইবা সহস্ৰাধিক লোক৷ 

উল্লেখ্য যে মণিপুৰৰ শেহতীয়া হিংসা সন্দৰ্ভত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিষ্ক্ৰিয়তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে৷ বুধবাৰে নতুন দিল্লীত এক সংবাদমেলযোগে সাংসদ গগৈয়ে কয় যে মে’ৰ পৰা বিগত পাঁচমাহ ধৰি মণিপুৰত গোষ্ঠী সংঘৰ্ষ অব্যাহত আছে৷ নিৰীহ লোকৰ মৃত্যু ঘটিছে, শ শ লোক আহত হৈছে৷ গৃহহাৰা হৈ শিবিৰত দিন কটাব লগা হৈছে পুৰুষ-মহিলাসকলে৷ কিন্তু ইয়াৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ পৰিস্থিতি অধ্যয়নৰ বাবে আগ্ৰহ প্ৰদৰ্শন নকৰাটোৱে কি সূচাইছে বুলি প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এনে ধাৰণা প্ৰদৰ্শন কৰিছে যে ভাৰতত যেন মণিপুৰ বুলি কোনো অঞ্চলেই নাই৷  সাংসদ গগৈয়ে মণিপুৰ সন্দৰ্ভত অকল গৃহমন্ত্ৰী অমিতশ্বাহ আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ মাজত যোগাযোগ সীমাৱদ্ধ হৈ থকা বুলি সাংবাদিকৰ আগত উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় এবাৰৰ বাবে মণিপুৰৰ পৰিস্থিতি অধ্যয়নৰ বাবে নাযায় সেয়া ৰহস্যজনক বুলিও কয়৷ ইপিনে শেহতীয়া হিংসাৰ ফলত মণিপুৰৰ যি দুজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হ’ল তাক সাংসদ গগৈয়ে নিন্দা কৰাৰ লগতে ইয়াৰ উপযুক্ত তদন্ত দাবী কৰে৷