Logo
image

দিল্লীত চৰকাৰী স্কুল স্থাপন কৰিছোঁ, অসমত বন্ধ কৰিছে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৯ ছেপ্টেম্বৰঃ আমি দিল্লীত চৰকাৰী পৃষ্ঠপোষকতাত শিক্ষা ব্যৱস্থাৰ উন্নয়ন সাধন কৰিছো৷ নতুন নতুন উন্নতমানৰ স্কুল স্থাপন কৰিছো৷  কিন্তু ইয়াৰ বিপৰীতে অসমত চৰকাৰে চৰকাৰী স্কুল সমূহ এফালৰ পৰা বন্ধ কৰি হৈছে৷ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত  ব্যক্তিগত স্কুলহে স্থাপন কৰা হৈছে৷ এই মন্তব্য আপৰ নেতা, সাংসদ সঞ্জয় সিঙৰ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত নেতৃত্ব বিকাশ সন্মিলনৰ অন্তত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত ভাগ লৈ এই মন্তব্য কৰে সাংসদ সঞ্জয় সিঙে৷ সংবাদ মেলত সিঙে কয় - ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্য চৰকাৰখনক শাসনৰ পৰা গাদীচ্য়ুত কৰাৰ ক্ষমতা আছে ৰাইজৰ হাতত৷ আগন্তুক ২০২৪ৰ নিৰ্বাচন হ’ল দেশৰ সংবিধান, গণতন্ত্ৰ ৰক্ষাৰ যুঁজ৷ বৰ্তমান দেশত বিজেপি চৰকাৰে ঘৃণা আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই, আদানিৰ দৰে পুঁজিপতি হৈ কাম কৰি দেশখন ধ্বংসৰ মুখলৈ লৈ গৈছে৷ বৰ্তমান বিজেপি চৰকাৰে অসমত ৭ বছৰ ক্ষমতাৰ গাদীত বহি আছে৷ ইয়াৰ বিনিময়ত কোনোৰে অসমৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ বাবে কাম কৰা নাই৷ দিল্লী আৰু পাঞ্জাৱত আপৰ চৰকাৰে কেবল ৰাইজৰ বিকাশৰ বাবেহে কাম কৰি আহিছে৷  দিল্লীত প্ৰথম ১০ বছৰত ভাল কাম কৰাৰ বাবে দিল্লীবাসীয়ে তৃতীয়বাৰৰ বাবে আপক ক্ষমতাত বহুৱালে৷ পাঞ্জাবৰ জনসাধাৰণেও কংগ্ৰেছ আৰু বিজেপিক প্ৰত্যাখান কৰি আপৰ চৰকাৰ গঠন কৰিলে৷ মুখ্যমন্ত্ৰী ভগবন্ত মানৰ চৰকাৰে যোৱা এবছৰ জনসাধাৰণৰ কল্যাণৰ হকে যিমান কাম কৰিছে সেয়া সকলোৱে দেখিছে৷ অসমবাসীয়েও যদি আপক কাম কৰাৰ সুযোগ দিয়ে তেন্তে অসমবাসীৰ হকে দিল্লীৰ দৰে উন্নতমানৰ শিক্ষা, স্বাস্থ্য সেবা, বিনামূলীয়া বিজুলী, খোৱা পানী, যাতায়তৰ সুবিধা আদি উপলব্ধ কৰিব৷  অসমত বৰ্তমান ছিণ্ডিকেটৰ চৰকাৰ চলি আছে৷  চুপাৰি চিণ্ডিকেট, কয়লা ছিণ্ডিকেটে ছানি ধৰিলে অসম৷ বিগত সময়ছোৱাত দিল্লী, পাঞ্জাব ৰাজ্য দুখনত উন্নত মানৰ শিক্ষা, স্বাস্থ্য, নিবনুৱা সমস্যা সমাধান, বিনামুলীয়া বিজুলী, পানী, কৰ ৰেহাই আদিৰে সকলো দিশৰে বিকাশৰ পথত আগুৱাই গ’ল৷ কিন্তু অসমৰ ক্ষেত্ৰত কোনো বিকাশ নহ’ল৷  অসমত দলটোৰে আগন্তুক পঞ্চায়ত, বিধানসভা আদি সকলো নিৰ্বাচনতে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে সাংসদ সঞ্জয় সিঙে সংবাদ মেলত আপৰ উত্তৰ-পূবৰ তত্ত্বাবধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী উপস্থিত থাকে৷