Logo
image

জিৰা পানী খালেও পাব অনেক উপকাৰ

জিৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ইয়াত থকা বিভিন্ন উপাদানে শৰীৰক নিৰোগী কৰি ৰখাত সহায় কৰে৷ জিৰা পানীত তিয়াই থৈ পুৱা অলপ গৰম কৰি খালে বিভিন্ন উপকাৰ পোৱা যায়৷ 

কলেষ্টেৰেল নিয়ন্ত্ৰণঃ জিৰা পানী খালে শৰীৰত কলেষ্টেৰেলৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷ যাৰ বাবে হাৰ্ট সুস্থ কৰি ৰখাত সহায় কৰে৷ 

পেটৰ অসুখত উপশমঃ যাৰ ডাইবেটিজ হোৱাৰ আশংকা আছে সেইসকলে জিৰা পানী খালে সুফল পাব৷ জিৰাই গ্লুকোজ নিয়ন্ত্ৰণত ৰাখি ডাইবেটিজ হোৱাত বাধা দিয়ে৷ 

বিষ উপশমঃ জিৰাই শৰীৰৰ ৰক্ত সঞ্চালন নিয়মীয়া কৰি ৰখাত সহায় কৰে৷ বিশেষকৈ পেশীৰ বিষৰ পৰা উপশম পাব পাৰি৷ 

চৰ্মৰোগ আৰোগ্যঃ চৰ্মজনিত সমস্যা থাকিলে জিৰা খালে ভাল ফল পাব পাৰি৷ ই শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰে৷ 

হজম শক্তি বৃদ্ধিঃ জিৰাই হজম শক্তি বৃদ্ধিত সহায় কৰে৷ জিৰাত থকা ফাইবাৰে হজম শক্তিৰ লগতে এচিডিটিৰ সমস্যা হ্ৰাস কৰে৷ 

শাৰীৰৰ উজন হ্ৰাসঃ জিৰাই শৰীৰৰ ওজন বৃদ্ধিত বাধা দিয়ে৷ ইয়াত থকা উপাদানে শৰীৰৰ মেটাবলিজ্‌ম বৃদ্ধি কৰে আৰু শৰীৰৰ ওজন কমায়৷ 

ৰক্তহীনতা দূৰ কৰেঃ জিৰা খালে হিমগ্লবিন বৃদ্ধি পায়৷ ইয়াত থকা আইৰণে ৰক্তহীনতাৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ 

ৰক্তচাপ নিয়ন্ত্ৰণঃ জিৰাই তেজৰ সঞ্চালন নিয়মীয়া কৰি ৰক্তচাপৰ সমস্যাৰ পৰা ৰক্ষা কৰে৷ মগজুৰ শক্তি বৃদ্ধি কৰে৷ যাৰ বাবে টোপনি ভাল হয়৷ ৰোগ প্ৰতিৰোধ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো জিৰাই সহায় কৰে৷