Logo
image

মিলেটৰ মূল্য শৃংখলৰ সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম মিলেট মিছনৰ অধীনত কৃষি সঞ্চালকালয়ৰ দ্বাৰা শেহতীয়াকৈ দুটা পৰ্যায়ত প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথম পৰ্যায় ২৬-২৭ ছেপ্টেম্বৰ আৰু দ্বিতীয় পৰ্যায় ২৯-৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে মিলেটৰ মূল্য শৃংখলৰ বিষয়ত প্ৰশিক্ষকসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে মিলেট খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰা।

যোৰহাট, গোলাঘাট, তিনিচুকীয়া, কাৰ্বি আংলং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বঙাইগাঁৱৰ জিলাৰ প্ৰগতিশীল কৃষকৰ লগতে কৃষি উন্নয়ন বিষয়া, এটিএম, বিটিএম, মিলেট কাৰ্যবাহী আদিকে ধৰি জিলা বিষয়াসকলে প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰে আৰু দ্বিতীয় পৰ্যায়ত কামৰূপ, নগাঁও, মৰিগাঁও, বৰপেটা, বাক্সা, গোৱালপাৰাৰ অংশগ্ৰহণকাৰীয়ে ভাগ লয়।

উদ্বোধনী অনুষ্ঠানত কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগুৰ লগতে সঞ্চালকালয় আৰু আৰিয়াছ ছ’চাইটিৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে। বেংগালুৰুৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ড° মধুসুধন কে, এনচিয়েণ্ট গল্ডেন মিলৰ প্ৰতিষ্ঠাপক ড° শুভাংগী সিং আৰু শ্ৰী অংকুৰ সিং, ভাৰতীয় মিলেট গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড° শ্ৰীনিবাস বাবু, গোসাইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° এছ কে পাল আদিকে ধৰি বহুকেইগৰাকী সমল ব্যক্তিয়ে অনুষ্ঠানত কাৰিকৰী প্ৰশিক্ষণ আগবঢ়ায়।