Logo
image

আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাঃ সভাপতিসহ ৮টা পদত বিজয়ী আছু সমৰ্থিত প্ৰাৰ্থী

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ ২০২৩-২৪ বৰ্ষৰ সাধাৰণ নিৰ্বাচন বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ পিছত শুকুৰবাৰে বিয়লিলৈ নিৰ্বাচনী ফলাফল সমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ইফালে ১৫ টা পদৰ ভিতৰত ৮ টা পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈ স্নাতকোত্তৰ ছাত্ৰ সন্থাখন নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় আছুয়ে।  ঘোষণা কৰা ফলাফল অনুসৰি স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ নিৰ্বাচনৰ সভাপতি পদত আছু সমৰ্থিত প্ৰাৰ্থী জিন্টু দাসসহ মুঠ আঠটা পদত বিজয়ী হৈছে। সাধাৰণ সম্পাদক পদত এন এছ ইউ আই সমৰ্থিত প্ৰাৰ্থী হিমানজিৎ ডেকাই বিজয় সাব্যস্ত কৰে।  উপ-সভাপতি পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী আৰিফ হুছেইন মীৰ, সহকাৰী সাধাৰণ সম্পাদক পদত এ বি ভি পি সমৰ্থিত প্ৰাৰ্থী নিহাৰিকা দেৱী, সাহিত্য বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী নৱকান্ত বৰুৱা, সংগীত বিভাগৰ সম্পাদক পদত এন এছ ইউ এই সমৰ্থিত প্ৰাৰ্থী ঋষভজ্যোতি কাথাৰ, সাংস্কৃতিক সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী লক্ষ্যজিৎ শইকীয়া, তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী বৰষা বৰগোঁহাই, গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী হিমাক্ষী ৰাভা, লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী পল্লৱ প্ৰতীম হাজৰিকা, ক্ৰীড়া বিভাগৰ সম্পাদক পদত ঋষিব নাৰ্জাৰী, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী সুৰজ ফুকন, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত আছু সমৰ্থিত প্ৰাৰ্থী উইনী ডেকা, শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত এন এছ ইউ আই সমৰ্থিত ভাৰ্গৱ কেওট, সমাজসেৱা বিভাগৰ সম্পাদক পদত আছু সমৰ্থিত প্ৰাৰ্থী দেবাঙ্গনা চক্ৰৱৰ্তীয়ে নিজৰ বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে এইবেলিৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত অধিকাংশ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। ইফালে ফলাফল ঘোষণা কৰাৰ পাছত বিজয়ী প্ৰাৰ্থীসকলক লৈ সমৰ্থক সকলে বিশ্ববিদ্যালয় চৌহদত বিশাল সমদল উলিওৱা পৰিলক্ষিত হয়।