Logo
image

কোহলি-ৰোহিত শৰ্মাহঁতক মহৰ পৰা ৰক্ষা কৰিবলৈ পুনৰ সেউজীয়া কভাৰেৰে ঢাকি দিয়া হ’ল ভৰলু

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ছেপ্টেম্বৰঃ পুতিগোন্ধময় হৈ পৰা বাবে নহয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বিৰাট কোহলি, ৰোহিত শৰ্মাহতক মহৰ কামোৰৰ পৰা বচাবলৈহে হেনো বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা ভৰলুক সেউজীয়া কভাৰ এগ্ৰি হাৰ্ভেষ্টিং নেটেৰে ঢাকি দিয়া হৈছে৷ ভৰলুক এনে সেউজীয়া কভাৰেৰে ঢাকি দিয়াক লৈ ছ’চিয়েল মিডিয়াত কটু সমালোচনা কৰাৰ পাছত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়৷  তেওঁ কয়– আমাৰ কাৰণে সৌভাগ্য নে দুৰ্ভাগ্য নাজানো৷ বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ কাষেৰে বৈ গৈছে ভৰলু৷ এই ভৰলু নৈৰ পৰা বহুত মহ ওলায়৷ পূৰ্বে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত এইখন ষ্টেডিয়ামত খেল হৈছিল৷ সেই খেলৰ সময়ত ভাৰতীয় দলটোৰ প্ৰশিক্ষক আছিল ৰবি শাস্ত্ৰী৷ শ্ৰীনাথ মেচ ৰেফাৰী আছিল৷ শ্ৰীনাথে আমাক এটা অভিযোগ দি গৈছিল যে ইয়াত বহু মহ ওলায়৷ মহৰ কাৰণে ষ্টেডিয়ামৰ ডাগ আউটত বহি থাকিব নোৱাৰি৷ তেওঁ পৰামৰ্শ দিলে–হয় আমি মহ ওলোৱা বন্ধ কৰাৰ কিবা ব্যৱস্থা কৰিব লাগে নহ’লে ষ্টেডিয়ামখন চাৰিওফালে বেৰি দিব লাগে৷ আমি এই বিষয়ে জি এম চিক ক’লো৷ তেওঁলোকে মহ নাইকীয়া কৰিবলৈ ফগিং কৰিলে৷ কিন্তু ফ’গিং কৰিও মহ শেষ কৰিব পৰা নগ’ল৷ গুৱাহাটী পৌৰ নিগমে আমাক ক’লে আমি ভৰলু নৈখন ঢাকি চাওঁ৷ সেইমতে ঢাকি দিয়া হ’ল ভৰলু৷ মই ৰাইজক আহ্বান জনাই কওঁ যে লেটেৰা ঢাকিবলৈ নহয়, মহ নাইকীয়া কৰিবলৈহে বৰ্ষাপাৰাত ভৰলু ঢাকি দিয়া হৈছে৷ লেতেৰা ঢাকিবলৈ হ’লে গোটেই গুৱাহাটীখন ঢাকিব লাগিব৷ গুৱাহাটীত আমি আন্তঃৰাষ্ট্ৰীয় খেল হোৱাটো বিচাৰো৷ বিশ্বকাপ বিচাৰো৷ ভৰলু এগ্ৰি হাভেষ্টিং নেটেৰে ঢাকি দিয়া বাবে ৯৮ শতাংশ মহ নাইকীয়া হৈছে৷ উল্লেখ্য, গুৱাহাটীৰ বৰ্ষাপাৰাৰ ষ্টেডিয়ামত আৰম্ভ কৰা হৈছে বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি খেল৷ ষ্টেডিয়ামখনত শুকুৰবাৰে শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈছে প্ৰথমখন প্ৰস্তুতি খেল৷ প্ৰস্তুতি খেলকেইখনৰ বাবে অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰাৰ ষ্টেডিয়ামত চলাইছে ব্যাপক প্ৰস্তুতি৷ তাৰ অংশৰূপে বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা মৰা ভৰলুক এগ্ৰি হাৰ্ভেষ্টিং নেটেৰে ঢাকি দিয়া হৈছে৷ মৰা ভৰলু নৈক এগ্ৰি হাৰ্ভেষ্টিং নেটেৰে ঢাকি দিয়াক লৈ সৰ্বস্তৰৰ নাগৰিকে অসম ক্ৰিকেট সন্থাৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ বাধ্য হৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে মহ নাইকীয়া কৰিবলৈহে নেটেৰে ভৰলুক ঢাকি দিয়া বুলি দাবী কৰিছে যদিও সেই যুক্তি কিমান গ্ৰহণযোগ্য সেয়া অসমৰ জনগণে বিচাৰ কৰিব৷ কিয়নো নদীক কেন্দ্ৰ কৰিয়েই অতীজৰ পৰা মানৱ সভ্যতাৰ বিকাশ হৈ আহিছে৷ হৰপ্পা, মহেঞ্জোদাৰোৰ সভ্যতা, সিন্ধু সভ্যতাৰ  মূলতেও নদীয়েই৷ আনটো বাদেই গুৱাহাটী চহৰৰ বিকাশৰ মূলতে ব্ৰহ্মপুত্ৰ নদ৷ নদী মানেই যে মহৰ উৎস নহয় সেই কথা দুগ্ধপোষ্য শিশু এটাৰ বাবেও সহজবোধ্য৷ ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে স্পষ্ট কৰে যে অতিথিক মহে কামোৰাৰ পৰা ৰক্ষা পোৱাৰ বাবে মৰা ভৰলুক ঢাকি দিয়া হৈছে৷ ভৰলু নৈক ঢাকি দিয়াক লৈ ব্যাপক সমালোচনা হোৱাৰ পাছতে মুখলজ্জা ঢকাৰ বাবে তেওঁ এনেদৰে স্পষ্টীকৰণ দিছে৷ যদি মহ নাইকীয়া কৰিবলৈ এই অদ্ভূত পদক্ষেপ লোৱা হৈছে সেই পদক্ষেপৰ যে বিজ্ঞানসন্মত কোনো গুৰুত্ব নাই তাক ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ পথৰ পৰা চকুত পৰা ভৰলুৰ ৫০-১০০ মিটাৰ ঢাকি দিলে কেনেকৈ মহৰ উপদ্ৰপ কমিব সেয়া অবুজ সাঁথৰ৷ উল্লেখ্য, পূৰ্বে এখন আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত হোৱা ধাৰাষাৰ বৰষুণৰ পানীত বুৰ যোৱা বৰ্ষাপাৰাৰ ষ্টেডিয়াম শুকুওৱাৰ বাবে মোবাইলৰ ফ্লাচ লাইট, হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল সেই সময়ৰ অসম ক্ৰিকেট সন্থাৰ এজন বিষয়ববীয়াই৷ ভৰলু যদি প্ৰদূষণযুক্ত, আৱৰ্জনাযুক্ত নহৈ পৰিষ্কাৰ হ’লহেঁতেন তেতিয়া গুৱাহাটীৰ বাবে সৌন্দৰ্যৰ আকৰ হ’লহেঁতেন ভৰলু৷ তেতিয়া হয়তো ৰং-বিৰঙৰ আলোকসজ্জাৰে আলোকিত কৰা হ’লহেঁতেন ভৰলু৷ উল্লেখ্য, ছেভ ভৰলু নামৰ এটা অনুষ্ঠানৰ নেতৃত্বত মুমূৰ্ষু ভৰলুৰ পুনৰুদ্ধাৰৰ বাবে ওলাই আহিছে সৰ্বস্তৰৰ লোক৷ শিক্ষাবিদ, সাহিত্যিক, চিকিৎসক, সাংবাদিক, অভিযন্তা, অধিবক্তা সকলো ঐক্যবদ্ধ হৈছে ভৰলুক পুনৰুদ্ধাৰৰ বাবে৷ ভৰলু পুনৰুদ্ধাৰৰ বাবে যদি চৰকাৰে বিজ্ঞানসন্মত আৰু বাস্তৱমুখী পদক্ষেপ লয় তেনেহ’লে বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ কাষেৰে বৈ যোৱা ভৰলুৱে হৈ পৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলৰ বাবে অৱসৰ বিনোদনৰ সমল৷ কিন্তু সেই দিন যেন গুৱাহাটীবাসীৰ বাবে সুদুৰপৰাহত!