Logo
image

আইনত পৰিণত মহিলা সংৰক্ষণ, বলৱৎ হ’ব কেতিয়াঃ ২০২৯ চনৰ পূৰ্বে কাৰ্যকৰী নহয় ‘এক দেশ এক নিৰ্বাচন’ নীতি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ ছেপ্টেম্বৰঃ এফালে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ আইন প্ৰণয়ন কৰি নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ মহিলা ভোটাৰক আশ্বস্ত কৰিবলৈ সক্ষম হ’লেও মোদী চৰকাৰে পৰিকল্পনা কৰা ‘এক দেশ, এক নিৰ্বাচন’ নীতি এইবাৰৰ সাধাৰণ নিৰ্বাচনত ৰূপায়িত কৰিব নোৱাৰিব৷ কেন্দ্ৰীয় আইন আয়োগৰ এটা সূত্ৰত প্ৰকাশ, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সৈতে সমান্তৰালভাৱে দেশৰ সকলো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব৷ নৰেন্দ্ৰ মোদী চৰকাৰে আগন্তুক সাধাৰণ নিৰ্বাচনতে ‘এক দেশ, এক নিৰ্বাচন’ নীতি বলৱৎ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল৷ পিছে কেন্দ্ৰীয় আইন আয়োগে মোদী চৰকাৰৰ এই চেষ্টাত চেঁচাপানী ঢালিছে৷ ভাৰতৰ দৰে এখন বৃহৎ জনবহুল দেশত ইমান কম সময়ৰ ভিতৰত লোকসভা আৰু ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ  পৰিকল্পনা কাৰ্যকৰী কৰাটো সম্ভৱপৰ নহয়৷ কিয়নো দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব অহাবছৰ এপ্ৰিল-মে’ত৷ মোদী চৰকাৰে মাথোঁ এমাহ পূৰ্বে হঠাতে এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছিল৷ সেই অনুসৰি আইন মন্ত্ৰণালয়ক তাৰ কাৰ্যকাৰিতা কিমান সম্ভৱ সেয়া বিশ্লেষণ কৰিবলৈ দায়িত্ব দিছিল৷ একে সময়তে স্বয়ং প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ মন্ত্ৰীগণে ‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰয়োজনীয়তাৰ কথা কৈ দেশবাসীৰ ওচৰত জনমত গঠন কৰিছিল৷ মোদী আৰু তেওঁৰ মন্ত্ৰীগণৰ কথা শুনি এনে অনুভৱ হৈছিল, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰাই ‘এক দেশ, এক নিৰ্বাচন’ নীতি কাৰ্যকৰী কৰিবলৈ মোদী চৰকাৰ আগবাঢ়িছে৷ কেন্দ্ৰীয় আইন আয়োগে মোদী চৰকাৰৰ নিৰ্দেশ অনুসৰি ‘এক দেশ, এক নিৰ্বাচন’ নীতি কাৰ্যকৰী কৰাটো কিমান সম্ভৱ সেই সন্দৰ্ভত গভীৰ বিশ্লেষণ চলাই আছে৷ আয়োগে এতিয়াও চৰকাৰৰ হাতত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰা নাই৷ তথাপি আয়োগৰ এটা সূত্ৰই জনাইছে যে, ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ‘এক দেশ, এক নিৰ্বাচন’ নীতি কাৰ্যকৰী নহয়৷ যোৱা বছৰৰ ডিচেম্বৰত ২২ সংখ্যক আইন আয়োগে বিভিন্ন ৰাজনৈতিক দল, নিৰ্বাচন আয়োগ, আমোলা, শিক্ষাবিদ আৰু বিশেষজ্ঞলৈ এই সন্দৰ্ভত ছটা প্ৰশ্ন প্ৰেৰণ কৰিছিল আৰু তেওঁলোকৰ পৰা এই বিষয়ত মতামত বিচাৰিছিল৷ সেয়া ইতিমধ্যে আয়োগৰ হাতত পৰিছে৷ এই মতামত বিশে¡ষণ কৰি আয়োগ এটা বিষয়ত নিশ্চিত হৈছে যে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ‘এক দেশ, এক নিৰ্বাচন’ নীতি বলৱৎ কৰাটো সম্ভৱ নহ’ব৷ নৰেন্দ্ৰ মোদী চৰকাৰে এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ অৰ্থে প্ৰাক্তন ৰাষ্ট˜পতি ৰামনাথ ক’বিন্দৰ নেতৃত্বত এখন শক্তিশালী কমিটী আৰু আন দুখন কমিটী গঠন কৰি বিষয়টো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল৷ কিন্তু ৰামনাথ ক’বিন্দ নেতৃত্বাধীন কমিটীয়ে প্ৰথমখন বৈঠক আয়োজন কৰিয়েই  বুজিব পাৰিলে যে ‘এক দেশ, এক নিৰ্বাচন’ নীতি মোদী চৰকাৰে যিমানেই জোৰ কৰক, বিভিন্ন কাৰণত এতিয়াই সম্ভৱ নহয়৷ 
নাৰী শক্তি বন্দন অধিনিয়ম অৰ্থাৎ দেশৰ মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ উভয় সদনত গৃহীত হোৱা বিধেয়ক অৱশেষত আইনত পৰিণত হ’ল৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুুৰ্মুৱে শুকুৰবাৰে সেই গৃহীত বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে দেশৰ মহিলাই সংৰক্ষণ লাভ কৰিলে৷ যোৱা ১৯ ছেপ্টেম্বৰত লোকসভাত আৰু ২০ ছেপ্টেম্বৰত ৰাজ্যসভাত এই বিধেয়কখন সকলো ৰাজনৈতিক দলৰ সমৰ্থনত গৃহীত হৈছিল৷ উল্লেখ্য এই বিধেয়কখন ড॰ মনমোহন সিং মন্ত্ৰীসভাৰ কাৰ্যকালত ২০১০ চনত ৰাজ্যসভাত গৃহীত হৈছিল যদিও মহিলা সংৰক্ষণ বিধেয়ক ১৯ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূৰ্ণ নতুনকৈ দেশৰ নতুন সংসদ ভৱনত অনুষ্ঠিত লোকসভাৰ বিশেষ অধিৱেশনত উত্থাপন কৰে৷ মহিলাৰ বাবে লোকসভা, ৰাজ্য বিধানসভা আৰু দিল্লী বিধানসভাত ৩৩ শতাংশ সংৰক্ষণৰ প্ৰস্তাৱ ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে ‘নাৰীশক্তি বন্দন অধিনিয়ম’ নামেৰে এই বিধেয়কখন লোকসভাত উত্থাপন কৰে৷ বিধেয়কখন লোকসভাত উত্থাপন কৰে কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে৷ এই বিধেয়ক প্ৰথমে লোকসভাত আৰু পিছদিনা ৰাজ্যসভাত গৃহীত  হোৱাত লোকসভাত মহিলা সাংসদৰ সংখ্যা আইনত থকা প্ৰস্তাৱ অনুসাৰে এতিয়াৰ ৮২ গৰাকীৰ স্থানত ১৮১ গৰাকীলৈ বৃদ্ধি পাব৷
অৱশ্যে আইনত পৰিণত হোৱা ‘নাৰীশক্তি বন্দন অধিনিয়ম’ মোদী চৰকাৰৰ আন এক ‘ঝুমলা’ বুলি তীব্ৰ বিতৰ্ক হৈছে৷ কিয়নো এইখন বিধেয়ক ২০১০ চনত ইউপিএ চৰকাৰৰ আমোলত ৰাজ্যসভাত গৃহীত হৈছিল৷ কিন্তু লোকসভাত অনিৰ্ণীত অৱস্থাতে সেইখন চৰকাৰৰ কাৰ্যকাল শেষ হয় আৰু নতুন চৰকাৰে পৰৱৰ্তী সময়ত বিধেয়কখন লোকসভাত গৃহীত কৰিবলৈ আগ্ৰহ নেদেখুৱালে৷ লোকসভাত সেই বিধেয়কৰ বিৰোধিতা কৰিছিল আৰ জে ডি, সমাজবাদী পাৰ্টীয়ে৷ মহিলা সংৰক্ষণৰ বিধেয়ক প্ৰথমে ১৯৯৬ চনতে গীতা মুখাৰ্জীয়ে ‘প্ৰাইভেট মেম্বাৰ্ছ বিল’ হিচাপে সংসদত উত্থাপন কৰিছিল৷ কিন্তু চিপিআই সাংসদ গীতা মুখাৰ্জীৰ সেই বিধেয়কো সদনত গৃহীত হোৱা নাছিল৷ পৰৱৰ্তী সময়ত ২০০৬ চনত ইউপিএ চৰকাৰৰ কাৰ্যকালত নতুনকৈ মহিলা সংৰক্ষণৰ বিধেয়ক উত্থাপন কৰা হৈছিল৷ ‘মহিলা বন্দন অধিনিয়ম’ আইনখন মোদী চৰকাৰৰ ‘ঝুমলা’ বুলি বিতৰ্ক হোৱাৰ মূল কাৰণ হৈছে– উভয় সদনত গৃহীত হৈ এতিয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত আইনত পৰিণত হ’লেও অহা জ্জ বছৰৰ পূৰ্বে এইখন  আইন বলৱৎ নহয়৷ সেই কথা  বিধেয়ক সদনত উত্থাপন কৰাৰ প্ৰস্তাৱতে উল্লেখ কৰা হৈছিল৷ কিয়নো দেশৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতহে এইখন আইন বলৱৎ কৰা হ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব দেশৰ আগন্তুক লোকপিয়লত প্ৰকাশিত জনগাঁথনিৰ আধাৰত৷ লোকপিয়ল অহা ২০২৪ চনৰ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা নাই৷ প্ৰকৃততে লোকপিয়ল ২০২১ চনত হ’ব লাগিছিল যদিও মোদী চৰকাৰে ক’ভিড অতিমাৰীৰ বাবে স্থগিত ৰাখিছিল৷ তেতিয়াৰ পৰা মোদী চৰকাৰে লোকপিয়ল পিছুৱাই আছে ৰাজনৈতিক কাৰণত৷ এতিয়া অন্ততঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে লোকপিয়ল আৰম্ভ নকৰে৷ ২০২৪ ৰ পাছত লোকপিয়ল আৰম্ভ হ’লে সেয়া সমাপ্তি ঘটিবলৈ দুবছৰ সময়ৰ প্ৰয়োজন হ’ব৷ তেতিয়াৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া হ’লেও চূড়ান্ত হওঁতে ২০২৭ চন অতিক্ৰম কৰিব৷ তেনেক্ষেত্ৰত এই বিধেয়ক আইনত পৰিণত হৈ থাকিলেও ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী নহ’ব, অৰ্থাৎ আইন হিচাপে বলৱৎ নহ’ব৷ সেই দিশৰ পৰা এই বিধেয়ক দেশৰ মহিলা ভোটাৰলৈ এটা টোপহে৷ আনহাতে দেশৰ আন ৰাজনৈতিক দলক কোনো খবৰ নিদিয়াকৈ, লোকসভাত দাখিল কৰিবলগীয়া বিধেয়কৰ তালিকাত কোনো উল্লেখ নকৰাকৈ আৰু আনকি অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠকত কাকো এই বিধেয়কৰ বিষয়ে কোনো উমান নিদিয়াকৈ মোদী চৰকাৰে যিদৰে বিধেয়কখন উত্থাপন কৰাৰ আগলৈকে গোপনে ৰাখিলে, তালৈ চাই এয়া বিজেপিৰ ৰাজনৈতিক অভিযান বুলিহে অনেকে মন্তব্য কৰিছে৷ ১৯ ছেপ্টেম্বৰৰ সংসদৰ বিশেষ অধিৱেশনৰ সেই দিনটোৰ আলোচিত সূচীতো চৰকাৰী পক্ষই এই বিধেয়কৰ বিষয়ে প্ৰথমতে উল্লেখ কৰা নাছিল৷ অধিৱেশন আৰম্ভ হোৱাৰ পাছত ‘ছাপ্লিমেণ্টৰী লিষ্ট অৱ বিজিনেছ’ত ১২৮ সংখ্যক সংবিধান সংশোধনী হিচাপে চৰকাৰী পক্ষই বিধেয়ক খন উত্থাপন কৰিছিল৷ যদিহে দেশৰ মহিলাৰ সবলীকৰণেই মোদী চৰকাৰৰ উদ্দেশ্য, তেন্তে এই গোপনীয়তা অৱলম্বনৰ উদ্দেশ্য কি বুলি প্ৰশ্ন উঠিছিল৷ কিয়নো ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হোৱাৰ ক্ষীণতমো সম্ভাৱনা নথকা এখন আইনক লৈ মোদী চৰকাৰৰ অস্বাভাৱিক তৎপৰতা দেখি সেয়ে অনেকেই কৈছে, এই বিধেয়ক ৰাজনৈতিক উদ্দেশ্যতহে উত্থাপন কৰা হৈছে৷ 
এই মহিলা সংৰক্ষণ আইনত মহিলাৰ বাবে লোকসভা, সকলো ৰাজ্যৰ বিধানসভা, দিল্লী বিধানসভাত ৩৩ শতাংশ সংৰক্ষণ কৰা হ’ব৷ এই সংৰক্ষণ ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদত প্ৰযোজ্য নহ’ব৷ এই ৩৩ শতাংশ সংৰক্ষণৰ পৰাই অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা হ’ব৷ সংৰক্ষণ ব্যৱস্থা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতহে প্ৰযোজ্য হ’ব৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব নতুন লোকপিয়লৰ পাছত৷ দেশৰ লোকপিয়ল ২০২৪ চনৰ পাছতহে হ’ব৷ দুগৰাকী মহিলা সাংসদক এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব৷ নতুন আইন অনুসৰি ইয়াত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণ নাথাকিব৷ এই আইন অনুসৰি লোকসভাৰ এতিয়াৰ মুঠ আসন ৫৪৩১ ১৮১ গৰাকী মহিলা সাংসদ হ’ব৷ কিন্তু এই সংখ্যা এতিয়াও নিশ্চিত নহয়৷ কিয়নো সমষ্টি পুনৰ গঠন হ’লে লোকসভাৰ আসনো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷