Logo
image

তেজপুৰ মহাবিদ্যালয়ত অন্তৰংগ আলাপত মনোজ কুমাৰ গোস্বামীঃ অসমীয়া ভাষা পৰিমৰা বিধৰ নহয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ ছেপ্টেম্বৰঃ 'সাংবাদিকতা এতিয়া সেৱা নহয়, বহু ক্ষেত্ৰত পণ্যলৈ পৰ্যবসিত হৈছে৷ ছপা মাধ্যমেই হওক বা বৈদ্যুতিন মাধ্যমেই হওক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে অসমৰ সংবাদ মাধ্যমসমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰাখিছে৷’ –তেজপুৰত শুকুৰবাৰে অনুষ্ঠিত ‘অন্তৰংগ আলাপ’ত অংশ লৈ এইদৰে মন্তব্য কৰে সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ তথা ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই ফুলাম গামোচাৰে মনোজ কুমাৰ গোস্বামীক আদৰণি জনোৱাৰ লগতে তেজপুৰ মহাবিদ্যালয়, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, শোণিতপুৰ প্ৰেছ ক্লাবে বিশিষ্ট সাংবাদিকগৰাকীক সম্বৰ্ধনা জনায়৷ শুকুৰবাৰে তেজপুৰ মহাবিদ্যালয়ৰ সভাগৃহত ‘আমাৰ অসম’ কাকতগোষ্ঠীৰ দ্বাৰা আয়োজিত এই অন্তৰংগ আলাপত গোস্বামীয়ে কয় যে ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, সৌৰভ চলিহা, নীলমণি ফুকন, নৱকান্ত বৰুৱাকে ধৰি ৰাজ্যৰ ভালেকেইজন সাহিত্যিকৰ ৰচনা দেশৰ সৰ্বোচ্ছ স্তৰৰ সাহিত্য৷ বৰ্তমানেও ৰাজ্যত সৃষ্টি হৈ থকা অসমীয়া সাহিত্যৰ মান হিন্দী সাহিত্যৰ তুলনাত বহু ওপৰৰ বুলি মন্তব্য কৰি ‘এন কে টিভি’ৰো মুখ্য সম্পাদকৰ দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীয়ে লগতে কয়– ‘প্ৰকৃততে অসমীয়া মানুহে নিজা সাহিত্যৰ ক্ষেত্ৰত এক হীনমন্যতাত ভোগে৷ বৰ্তমানেও প্ৰায় আঢ়ৈ কোটি মানুহে অসমীয়া ভাষা কয়৷ হাংগেৰীকে ধৰি বহু দেশৰ ভাষাৰ তুলনাত সংখ্যাৰ দিশেৰে এয়া অধিক৷ বিশ্বৰ অধিক প্ৰচলিত ৫০টা ভাষাৰ ভিতৰত স্থান থকা অসমীয়া ভাষাটো ইমান পৰিমৰা বিধৰ ভাষা নহয়৷’ ‘আমাৰ অসম’ কাকতৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ আৰু কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ জ্যোতিকমল হাজৰিকা, সু-লেখিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা তেজপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ড॰ স্বাধীনতা মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, ড॰ ৰমেশ চন্দ্ৰ গোস্বামী আৰু ড॰ গহন মহন্ত, শিক্ষাসদী ৰমেশ কলিতা, মানৱ অধিকাৰ কৰ্মী ড॰ বৰ্ণালী শৰ্মা, সাহিত্যিক নবীন লহকৰ, শিক্ষক-সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্যকে ধৰি তেজপুৰৰ বহু বিশিষ্ট ব্যক্তি, তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই অন্তৰংগ আলোচনাত সংবাদ মাধ্যমৰ সাম্প্ৰতিক অৱস্থা আৰু প্ৰত্যাহ৩ানৰ বিষয়েও আলোচনা কৰা হয়৷ বিশ্বৰ ৩৫০বছৰীয়া কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰাৰ বিষয়ে উল্লেখ কৰি মনোজ কুমাৰ গোস্বামীয়ে লগতে কয়– ‘কেৱল দেশ আৰু ৰাজ্যতে নহয়, সমগ্ৰ বিশ্বতে বাতৰিকাকতৰ প্ৰচলন হ্ৰাস পাইছে৷ পুৰণা চিন্তাধাৰাৰ সলনি নতুন প্ৰজন্মৰ চিন্তাৰ বিষয়ে অন্বেষণ কৰি বাতৰি যুগুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ এইক্ষেত্ৰত যথেষ্ট সালসলনিৰ প্ৰয়োজন আছে৷ দেশ তথা ৰাজ্যৰ বৈদু্যতিন মাধ্যমো টিআৰপিৰ পিছত দৌৰিবলৈ বাধ্য৷ ইয়াৰ বিপৰীতে সামাজিক মাধ্যমো সম্পূৰ্ণৰূপে কৰ্প’ৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন৷ পৰিকল্পিতভাৱে ইয়াত ভালক বেয়া আৰু বেয়াক ভাল বুলি প্ৰতিপন্ন কৰিব পাৰি৷’ সাংবাদিক পংকজ বৰুৱা আৰু পুলক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানত গোস্বামীয়ে কয়– ‘এখন বাতৰিকাকতৰ বিক্ৰীমূল্য ব্যয়ৰ তুলনাত কম৷ বহুসময়ত জঘন্য হত্যা, আত্মহত্যা, বলাৎকাৰ আদি বাতৰি কিছুসংখ্যক পাঠকে প্ৰকাশ কৰাটো নিবিচাৰে যদিও আন একাংশ পাঠকে আকৌ তেনে বাতৰি প্ৰকাশ নকৰিলেও প্ৰশ্ন কৰে৷ এনে অৱস্থাত এনে বাতৰি প্ৰকাশৰ ক্ষেত্ৰতো দোদুল্যমান পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়৷  এনে বাতৰিত ভাষাৰ ক্ষেত্ৰত সতৰ্ক হোৱা আৱশ্যক৷ নিউজ প্ৰিণ্টৰ মূল্য বৃদ্ধি, আনুসাংগিক ব্যয়বৃদ্ধিৰ বাবে সংবাদগোষ্ঠী একোটাই বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ মফচলীয় অঞ্চলত একোজন সংবাদকৰ্মী বহু ৰাজনীতিকৰ ঔদ্ধত্যৰ সন্মুখীন হ’বলগীয়া হয়৷ অগ্নিবৰ্ষা লেখনিৰে সমাজৰ পৰিৱৰ্তন নাহে, যদিহে সৰ্বসাধাৰণ এইক্ষেত্ৰত ওলাই নাহে৷ পাম অইলৰ খেতিৰ বিষয়টোত ৰাজ্যৰ কোনো সংগঠনে সবল প্ৰতিবাদ নকৰিলে৷ মানুহক গাইগুটীয়া চিন্তাত সীমাবদ্ধ কৰি ৰখাত সফল হৈছে চৰকাৰ৷ পাম অইলৰ খেতি যদি ইমানেই প্ৰয়োজনীয় আছিল, তেনেহ’লে ৰাজ্যৰ নিবনুৱাসকলক একোটা গোট কৰি এই খেতি কৰিবলৈ নিদি ৰামদেৱক সকলো গতাই দিয়াৰ মই পক্ষপাতী নহয়৷ অমৃত কলহ যাত্ৰাৰ পৰা কি লাভ হ’ব সেয়া কোনেও নাজানে আৰু যিসকল মহিলাই এই যাত্ৰা কৰিছে তেওঁলোকেও নাজানে৷ নৱ-প্ৰজন্মৰ পাঠকে গল্পত নতুন পৰীক্ষা-নিৰীক্ষা বিচাৰে৷ এতিয়া সংঘটিত বহু ঘটনা আৰু বাতৰি একোটা গল্পৰ দৰেই৷ বাতৰিকাকত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ লগতে সামাজিক মাধ্যমৰ বাহিৰেও অসমীয়া তথা আন ভাষাৰ কিতাপ-পত্ৰ নতুন প্ৰজন্মই পঢ়া উচিত৷’ উল্লেখ্য, মনোজ কুমাৰ গোস্বামীৰ লগতে কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰক শোণিতপুৰ জিলা ছাত্ৰ সন্থায়ো একোখনকৈ ফুলাম গামোচাৰে সন্মান জনায়৷ অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আদিত্য ৰাণা কাশ্যপৰ উপৰি ধৃতাশ্ৰী ডেকা, মনালিছা শইকীয়াই বিশেষভাৱে সহযোগিতা আগবঢ়ায়৷